/asomiyapratidin/media/media_files/2024/11/18/t6nY2CC3261MH2QQswvN.jpg)
ডিজিটেল সংবাদ কাজিৰঙাঃ কাজিৰঙা ষষ্ঠ সংযোজনৰ অন্তৰ্গত হৰণবালি চাপৰিত বাঘৰ মৃত্যু।দেওবাৰে সন্ধিয়া বন বিভাগৰ লোকে উক্ত স্থানত বাঘ এটাৰ মৃত্যু হোৱাৰ তথ্য লাভ কৰিছিল।
আজি পুৱা বন বিভাগৰ লোক উক্ত স্থানত উপস্হিত হৈ মৃত বাঘটো প্ৰতক্ষ্য কৰে। বন বিভাগৰ দলটোৱে দুটা বাঘৰ সংঘৰ্ষৰ ফলতে এটা বাঘৰ মৃত্যু হোৱা বুলি অনুমান কৰিছে।
ইতিমধ্যে চিকিৎসকৰ দলে মৃত্যু হোৱা বাঘটোৰ নমুনা সংগ্ৰহ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। তাৰোপৰি বন বিভাগৰ দলটোৱে সেই স্থানতে মৃত বাঘটোক দাহ কৰে।
মৰণোত্তৰ পৰীক্ষাৰ ফলাফল অহাৰ পিছতহে পোহৰলৈ আহিব বাঘটোৰ মৃত্যুৰ আচল ৰহস্য।