/asomiyapratidin/media/media_files/2024/11/19/T3PqvXUs5snCnErDekvr.jpg)
ডিজিটেল সংবাদ বোকাখাতঃ বোকাখাতৰ বিশিষ্ট পখী বিশেষজ্ঞ আৰু টুৰিষ্ট গাইড হিচাবে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত প্ৰতিষ্ঠিত পৰিবেশ কৰ্মী আবিদুৰ ৰহমানক ২০২৪ চনৰ ‘ট্ৰেভেল অপাৰেটৰ ফ'ৰ টাইগাৰ’ৰ বন্যপ্ৰাণী বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে ৷ বন্যপ্ৰাণী সংৰক্ষণ আৰু বহনক্ষম পৰ্যটনৰ ক্ষেত্ৰত আগবঢ়োৱা গুৰুত্বপূৰ্ণ অৱদানৰ বাবে আবিদুৰ ৰহমানক অহা ৬ ডিচেম্বৰত দিল্লীত অনুষ্ঠিত হ'ব লগা সপ্তম ‘ট্ৰেভেল অপাৰেটৰ ফ'ৰ টাইগাৰ’ৰ বিশেষ বঁটা প্ৰদান অনুষ্ঠানত বন্যপ্ৰাণী গাইডৰ সন্মানীয় বিলি অৰ্জন সিং মেম'ৰিয়েল বঁটা ২০২৪ প্ৰদান কৰা হ'ব ৷
দেশৰ আগশাৰীৰ এই অনুষ্ঠানটো চেঞ্চুৰী এছিয়া আৰু আউটলুক ট্ৰেভেলাৰ উপৰিও দ্য ব্লু মুন, ট্ৰেভেল মেগজ মুছাফিৰ, ৱাণ্ডাৰলাষ্ট আলোচনী, বট বিজনেছ অফ ট্ৰেভেল ট্ৰেড, ট্ৰেভেল টাৰ্টেল, ট্ৰেভেল হাইটছ আৰু আউটৰিচ পাটনাৰ্চ নেচাৰ ইন ফোকাচ, উই নেচাৰেলিষ্ট, উত্তৰ প্ৰদেশ পৰিৱেশ-পৰ্যটন উন্নয়ন ব'ৰ্ডৰ লগতে এবাৰক্ৰম্বি এণ্ড কেণ্ট, ৱাণ্ডাৰ প্লেন, টাইগাৰ ৰিজৰ্টচ, চাম্পাট ফাউণ্ডেচন, পুগডাণ্ডি চাফাৰী আদিৰ দৰে অনুষ্ঠানে সহযোগ কৰিছে ।
আবিদুৰ ৰহমানলৈ ট্ৰেভেল অপাৰেটৰ ফ'ৰ টাইগাৰে আগবঢ়োৱা সন্মানীয় ‘বিলি অৰ্জন সিং মেম'ৰিয়েল ২০২৪ বঁটা’ই অসমৰ পৰ্যটন আৰু বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰৰ বাবে সন্মান কঢ়িয়াই আনিছে ৷