/asomiyapratidin/media/media_files/2026/02/25/4-2026-02-25-14-42-43.jpg)
ডিজিটেল ডেস্কঃ গোলাঘাটৰ এখন বিদ্যালয়ত উত্তপ্ত পৰিস্থিতি। পুৰণা টিং বিক্ৰী কৰাক লৈ উত্তপ্ত পৰিস্থিতি গোলাঘাটৰ এই বিদ্যালয়খনত। গোলাঘাট পুলিবৰ পঞ্চায়তৰ অন্তৰ্গত ভগাগাওঁ প্ৰাথমিক বিদ্যালয়খনত থকা অংগবাদী কেন্দ্রটোৰ মেৰামতিৰ নামত 15 Finence ৰ পৰা ১ লাখ ৮ হাজাৰ ৪০০ টকা আহিছিল।
অংগনবাদী কেন্দ্রটোৰ লগতে বিদ্যালয়খনৰো টিং পাত সলনি কৰি মেৰামতি কৰিল যদিও পুৰণা টিং খিনি ৱাৰ্ড মেম্বাৰ আৰু অংগনবাদী কৰ্মীয়ে বিক্ৰী কৰাৰ অভিযোগ উত্থাপন কৰি স্থানীয় একাংশই বিদ্যালয়তে ৱাৰ্ড মেম্বাৰ আৰু অংগনবাদী কৰ্মীগৰাকীক জবাবদিহি কৰি প্ৰশ্ন কৰাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।
/asomiyapratidin/media/post_attachments/104c351f-856.png)
উল্লেখ্য যে, ৱাৰ্ড মেম্বাৰগৰাকী স্বামীয়ে উকালতি কৰিবলৈ গৈ স্থানীয় ৰাইজৰ সৈতে তৰ্ক যুদ্ধত লিপ্ত হয়। তাৰ পাছতে এক উত্তপ্তময় পৰিৱেশে বিৰাজ কৰে। স্মতৰ্ব্য যে শিক্ষামন্দিৰৰ দৰে এটা অনুষ্ঠানত টিং পাতক লৈ সৃষ্টি হোৱা এই হুলস্থুলীয়া পৰিৱেশে উপস্থিত সকলোৰে মানসিক চিন্তাক লৈও প্ৰশ্নৰ উদ্বেগ ঘটাইছে। এই ঘটনা সন্দৰ্ভত পৰৱৰ্তি সময়ত কি পদক্ষেপ গ্ৰহণ কৰিব সেয়া লক্ষণীয় হ'ব।
/asomiyapratidin/media/post_attachments/48ff17a5-bc2.png)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us