গোলাঘাটত কংগ্ৰেছৰ কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি

সমাগত ২০২৬ ৰ বিধানসভা নিৰ্বাচন। নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে প্ৰতিটো ৰাজনৈতিক দলে তুংগত কৰি তুলিছে নিৰ্বাচনী প্ৰচাৰ। এই ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযানৰ মাজতে আকৰ্ষণীয় হৈ পৰিছে গোলাঘাটৰ সৰুপথাৰ বিধানসভা সমষ্টি ৷  

author-image
Asomiya Pratidin
New Update
3

ডিজিটেল ডেস্কঃ সমাগত ২০২৬ ৰ বিধানসভা নিৰ্বাচন। নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে প্ৰতিটো ৰাজনৈতিক দলে তুংগত কৰি তুলিছে নিৰ্বাচনী প্ৰচাৰ। এই ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযানৰ মাজতে আকৰ্ষণীয় হৈ পৰিছে গোলাঘাটৰ সৰুপথাৰ বিধানসভা সমষ্টি ৷  

কংগ্ৰেছ কৰ্মীৰ হুংকাৰ কিয়নো কোনো কাৰণতে সৰুপথাৰ সমষ্টি এৰি নিদিয়ে অসম জাতীয় পৰিষদক ৷ গোলাঘাট জিলাৰ সৰুপথাৰ বিধানসভা সমষ্টিত কংগ্ৰেছৰ পৰিৱৰ্তে অসম জাতীয় পৰিষদক এৰি দিয়াক কেন্দ্ৰ কৰি গোলাঘাটত কংগ্ৰেছৰ কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি ৷ যোৱা ২৫ ফেব্ৰুৱাৰী তাৰিখে গোলাঘাট বিধানসভা সমষ্টিত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে পৰিৱৰ্তন যাত্ৰা কৰিবলৈ আহোতেই আৱৰ্ত ভৱনত কংগ্ৰেছ কৰ্মীসকলে জবাবদিহি কৰিছিল গৌৰৱ গগৈক ৷ 

সেই দিনটোতেই সভাপতিগৰাকীৰ সন্মুখতেই শ শ কংগ্ৰেছ কৰ্মীয়ে মুণ্ডন কাৰ্যসূচীৰ লগতে দল এৰাৰ হুংকাৰ প্ৰদান কৰিছিল কংগ্ৰেছৰ তৃণমূল কৰ্মীয়ে ৷ যাৰ পৰিপেক্ষিতত সোমবাৰে সৰুপথাৰ সমষ্টিৰ কংগ্ৰেছ কৰ্মীসকলে জিলা কংগ্ৰেছ কাৰ্যালয়ত প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে মুণ্ডন কাৰ্যসূচী গ্ৰহণ কৰিবলৈ লৈছিল যদিও জিলা সভাপতিৰ অনুৰোধ মৰ্মে উক্ত কাৰ্যসূচী সাময়িকভাৱে স্থগিত ৰাখে ৷ 

উল্লেখ্য যে, সৰুপথাৰ কংগ্ৰেছ কৰ্মীসকলৰ হুংকাৰ সমষ্টিটোত কংগ্ৰেছ দলৰ শক্তিশালী গণভিত্তি থকাৰ পাছত কোনো কাৰণতেই অজাপক এৰি নিদিয়ে কংগ্ৰেছে৷ বৃহৎ লেনদেনৰ বিনিময়ত সৰুপথাৰ  সমষ্টিটো অজাপক এৰি দিয়াৰ গুৰুতৰ অভিযোগ সৰুপথাৰ কংগ্ৰেছ কৰ্মীৰ। কংগ্ৰেছ কৰ্মীসকলৰ দাবী যদি অজাপক সমষ্টিটো এৰি দিয়ে তেতিয়া পৰিণাম ভোগ কৰিব লাগিব কংগ্ৰেছ দলে ৷ সৰুপথাৰ কংগ্ৰেছ কৰ্মীসকলৰ এই প্ৰতিবাদৰ পিছত এতিয়া কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই কি সিদ্ধান্ত গ্ৰহণ কৰে সেইয়া হ’ব লক্ষণীয় ৷

গোলাঘাট