গোলাঘাটত দণ্ডধৰ মহন্ত -প্ৰতিমা মহন্ত সোঁৱৰণী সংগীত মহাবিদ্যালয়ৰ শুভ উদ্বোধন

১৯২৮ চনত গোলাঘাটৰ ৰূপকলীয়া চাৰিআলিৰ সমীপত স্থাপিত এইখন গজলাসত্ৰৰ প্ৰাথমিক বিদ্যালয় ৷ এই প্ৰাথমিক বিদ্যালয়খনত দণ্ডধৰ মহন্ত -প্ৰতিমা মহন্ত সোঁৱৰণী সংগীত মহাবিদ্যালয়ৰ শুভ উদ্বোধন কৰে।

author-image
Asomiya Pratidin
New Update
3

ডিজিটেল ডেস্কঃ ১৯২৮ চনত গোলাঘাটৰ ৰূপকলীয়া চাৰিআলিৰ সমীপত স্থাপিত এইখন গজলাসত্ৰৰ প্ৰাথমিক বিদ্যালয় ৷ শেহতীয়াকৈ বিদ্যালয়সমূহৰ একত্ৰিকৰণৰ বাবে আনবোৰৰ দৰে এই বিদ্যালয়খন ২০২৩ চনত বন্ধ হৈ পৰে ৷ তিনিবছৰ ধৰি বিদ্যালয়খনত নিমাওমাও পৰিৱেশৰ মাজত থকা এই বিদ্যালয়খনৰ পুনৰ আজি নতুনকৈ শুভাৰম্ভ কৰা হয় । 

মীনা মহন্ত আৰু শৰৎ মহন্তই তেওঁলোকৰ পিতৃ-মাতৃৰ নাম যুগমীয়া কৰিবৰ বাবে দণ্ডধৰ মহন্ত -প্ৰতিমা মহন্তৰ নামত সুন্দৰকৈ সজাই পৰাই তুলিলে সংগীত মহাবিদ্যালয় খন ৷ এই উদ্দেশ্যে যদু মহন্তৰ সভাপতিত্বত অনুষ্ঠিত সভাত জিলা উপায়ুক্ত,আৰক্ষী অধীক্ষক,আইজিপি পাৰ্থসাৰ্থি মহন্তকে ধৰি বহুকেইজন বিশিষ্ট অতিথি উপস্থিত থাকে ৷ 
এক সত্ৰীয়া নৃত্যৰ মাজতে অসম চৰকাৰৰ  প্ৰত্নতত্ত্ব বিভাগ তথা নাগালেণ্ড গ্লৱেত ইউনিভাৰ্চিটিৰ প্ৰাক্তন উপাচাৰ্য হেমেন্দ্ৰনাথ দত্তই এটি পুৰণা গীতেৰে ৰাইজৰৰ প্ৰশংসা লাভ কৰে ৷ অৰুণ মহন্তই আঁত ধৰা অনুষ্ঠানত বহুসংখ্যক ৰাইজ উপস্থিত থাকে বুলি জানিব পৰা গৈছে। 

গোলাঘাট