ডকমকাত কাৰ্বি আংলং জিলা 'আপকু'ৰ পঞ্চম দ্বি-বাৰ্ষিক অধিৱেশনৰ প্ৰস্তুতি

আসাম প্ৰেছ ক'ৰেছপণ্ডেণ্টছ ইউনিয়ন চমুকৈ আপকু'ৰ কাৰ্বি আংলং জিলা সমিতিৰ পঞ্চম দ্বি-বাৰ্ষিক অধিৱেশনখনি অহা ২১ ডিচেম্বৰত এদিনীয়া কাৰ্যসূচীৰে ডকমকা নগৰস্থিত লংকাম টেৰণ সোঁৱৰণী প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰাৰ বাবে ব্যাপক প্ৰস্তুতি চলোৱা হৈছে।

author-image
Asomiya Pratidin
New Update
 ডকমকাত কাৰ্বি আংলং জিলা 'আপকু'ৰ পঞ্চম দ্বি-বাৰ্ষিক অধিৱেশনৰ প্ৰস্তুতি

 ডকমকাত কাৰ্বি আংলং জিলা 'আপকু'ৰ পঞ্চম দ্বি-বাৰ্ষিক অধিৱেশনৰ প্ৰস্তুতি

ডিজিটেল সংবাদ হাওৰাঘাটঃ আসাম প্ৰেছ ক'ৰেছপণ্ডেণ্টছ ইউনিয়ন চমুকৈ আপকু'ৰ কাৰ্বি আংলং জিলা সমিতিৰ পঞ্চম দ্বি-বাৰ্ষিক অধিৱেশনখনি অহা ২১ ডিচেম্বৰত এদিনীয়া কাৰ্যসূচীৰে ডকমকা নগৰস্থিত লংকাম টেৰণ সোঁৱৰণী প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰাৰ বাবে ব্যাপক প্ৰস্তুতি চলোৱা হৈছে। কাৰ্যসূচী অনুসৰি সিদিনা পুৱা ৯ বজাত পতাকা উত্তোলন কৰিব 'আপকু'ৰ কাৰ্বি আংলং জিলা সমিতিৰ সভাপতি দিগন্ত মহন্তই। 

ইয়াৰ পিছতে ছহিদ তৰ্পণ কৰিব মুখ্য তৰ্পক লাংহিন নগৰৰ গৰৈমাৰী গাঁৱৰ বাসিন্দা ছহি সাংবাদিক মাণিক দেউৰীৰ ভগ্নী চিলা দেউৰীয়ে। ইয়াৰ পিছতে ছহিদ তৰ্পণ কৰিব 'আপকু'ৰ কাৰ্বি আংলং জিলা সমিতিৰ কাৰ্যকৰী সভাপতি লংকিৰাম টেৰণ, উপ-সভাপতি ছেমছিং ইংতি আৰু সম্পাদক বীৰেন গোৱালাই।

পুৱা ১০.৩০ বজাত অনুষ্ঠিত কৰা হ'ব অন্তিম কাৰ্যনিৰ্বাহক সভা। আনহাতে পুৱা ১১ বজাত অনুষ্ঠিত কৰা হ'ব প্ৰতিনিধি সভা আৰু বিষয় বাচনি সভা। প্ৰতিনিধি সভাৰ দ্বাৰ মুকলি কৰিব 'আপকু'ৰ কেন্দ্ৰীয় সদস্য খৰছিং ৰংফাৰে। সভাখন উদ্বোধন কৰিব 'আপকু'ৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক ৰবীন বৰুৱাই। সভাত সভাপতিত্ব কৰিব আপকু'ৰ কাৰ্বি আংলং জিলা সমিতিৰ সভাপতি দিগন্ত মহন্তই। 

আপকু