কাৰ্বি আংলং জিলাৰ মাঞ্জাৰ যুৱক গুৱাহাটীত সন্ধানহীন

কাৰ্বি আংলং জিলাৰ মাঞ্জা আৰক্ষী চকীৰ অন্তৰ্গত মাঞ্জা ২৩ মাইল লামা বস্তিৰ যুৱক বিজয় লামা যোৱা ১৯ নৱেম্বৰৰ পৰা গুৱাহাটী আঁঠ গাঁৱৰ ABC ক'লনিৰ পৰা নিৰুদ্দেশ হোৱা ঘটনাই সমগ্ৰ কাৰ্বি আংলঙত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

author-image
Asomiya Pratidin
New Update
যুৱক নিৰুদ্দেশ

ডিজিটেল ডেস্কঃ কাৰ্বি আংলং জিলাৰ মাঞ্জা আৰক্ষী চকীৰ অন্তৰ্গত মাঞ্জা ২৩ মাইল লামা বস্তিৰ যুৱক বিজয় লামা যোৱা ১৯ নৱেম্বৰৰ পৰা গুৱাহাটী আঁঠ গাঁৱৰ ABC ক'লনিৰ পৰা নিৰুদ্দেশ হোৱা ঘটনাই সমগ্ৰ কাৰ্বি আংলঙত চাঞ্চল্যৰ সৃষ্টি কৰিছে। বন্ধু মাণিক শইকীয়া আৰু বিজয় লামাই AS-09-BC-4865 নম্বৰৰ এখন বাহন চলাই আছিল। 

এই সন্দৰ্ভত দাখিল কৰা এজাহাৰত উল্লেখ কৰা মতে বিজয় লামাই বাথৰুমলৈ যাওঁ বুলি কৈ এতিয়ালৈকে উভতি নহাত চিন্তিত হৈ পৰিছে বন্ধু মাণিক শইকীয়া। ইতিমধ্যে মাণিক শইকীয়াই গুৱাহাটীৰ ভৰলুমুখ থানাত এজাহাৰ দাখিল কৰিছে যদিও বৰ্তমানলৈকে সম্ভেদ নাই যুৱকজনৰ ।

গুৱাহাটীত ড্ৰাইভাৰ হিচাপে কৰ্মৰত বিজয় লামাক কোনো লোকে যদি ক'ৰবাত প্ৰত্যক্ষ কৰে তেন্তে নিকটৱৰ্তী আৰক্ষী চকী নাইবা 7896859846/8638766282 মোবাইল নম্বৰত যোগাযোগ কৰিবলৈ সংবাদ মাধ্যমযোগে পৰিয়ালৰ লোকে অনুৰোধ জনাইছে ।

নিৰুদ্দেশ