/asomiyapratidin/media/media_files/2024/11/23/m5YFspTzBODlDGVGS1Ru.jpg)
ডিজিটেল সংবাদ হাওৰাঘাটঃ অসম চৰকাৰৰ বিজ্ঞান, প্ৰযুক্তিবিদ্যা আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ অধীনস্থ অসম বিজ্ঞান, প্ৰযুক্তিবিদ্যা আৰু পৰিবেশ পৰিষদৰ সহযোগত আৰু আৰ্য্যভট্ট বিজ্ঞান কেন্দ্ৰ হাওৰাঘাট খণ্ডৰ উদ্যোগত শনিবাৰে দিনযোৰা কাৰ্যসূচীৰে অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ দূৰীকৰণৰ বাবে পদুম পুখুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পঞ্চম পৰ্যায়ৰ সজাগতা অভিযানৰ কাৰ্যসূচী ৰূপায়ন কৰা হয় । অনুষ্ঠানৰ লগত সংগতি ৰাখি বিজ্ঞান ভিত্তিক এক সজাগতা সভাও অনুষ্ঠিত কৰা হয় ।
উক্ত সভাত সভাপতিত্ব কৰে বিদ্যালয়খনৰ অধ্যক্ষ নৱনীত কুমাৰ মিশ্ৰই। সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে পদুম পুখুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষকসকল ক্ৰমে দিলীপ দৈমাৰী, হলিৰাম বসুমতাৰী, অতুল চন্দ্ৰ খাখলাৰী, হাওৰাঘাট নগৰ ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষক কৃষ্ণ ৰাজবংশী আৰু আৰ্য্যভট্ট বিজ্ঞান কেন্দ্ৰৰ কাৰ্বি আংলং জিলা সমন্বয়ক ভৱানন্দ খাখলাৰী, পবিত্ৰ বসুমতাৰী আদি।
অনুষ্ঠানৰ সমূহ কাৰ্যসূচীৰ আতঁ ধৰে আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ, হাওৰাঘাট খণ্ডৰ সমন্বয়ক প্ৰবীণ নাথে। অনুষ্ঠানত বিশিষ্ট অতিথি সকলে ভাষণ প্ৰসংগত সমাজত প্ৰচলিত অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিষয়ে বিশদভাৱে ব্যাখ্যা আগবঢ়ায়।
ভাষণত বক্তাসকলে ডাইনী অন্ধবিশ্বাস আৰু সৰ্পদংশনৰ ক্ষেত্ৰত কুসংস্কাৰৰ কৰাল গ্ৰাসে কেনেদৰে আমাৰ সমাজ ব্যৱস্থাক বিপথে পৰিচালিত কৰিছে তাৰ ওপৰত এক বৃষ্টিত পৰ্যালোচনা আগবঢ়ায়। ইপিনে অনুষ্ঠানৰ লগত সংগতি ৰাখি অন্ধবিশ্বাসক লৈ বিজ্ঞানভিত্তিক অনুষ্ঠিত কৰা চিত্ৰাংকন প্ৰতিযোগিতাৰ বিজয়ীসকলক বঁটা প্ৰদান কৰা হয়।
উল্লেখযোগ্য যে, এই সজাগতা কাৰ্যসূচী ২৬ অক্টোবৰৰ পৰা ধাৰাবাহিকভাৱে ক্ৰমে হাওৰাঘাট নগৰ ছোৱালী হাইস্কুল, বেলগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়, অককেৰেং উচ্চতৰ মাধ্যমিক বিদ্যালয়, কাজেচৰা এম ই স্কুল আদিত সফল কাৰ্যসূচী ৰূপায়ন কৰা হয় ।