/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-05/8pg24z5u/conclave-web-kailash-1.jpg)
'মানৱীয় সহানুভূতি ক্ৰয় কৰিব নালাগে, জন্মগতভাৱে লাভ কৰিছো'- কৈলাশ সত্যাৰ্থী
ডিজিটেল ডেস্কঃ ''বাল্য বিবাহ এক সামাজিক অনুমোদনৰ বাহিৰে আন একো নহয়। যুৱতী আৰু মহিলাক ধৰ্ষণৰ এয়া এক অনুজ্ঞাপত্ৰ।'' এই গুৰুত্বপূৰ্ণ মন্তব্য নোবেল বিজয়ী প্ৰসিদ্ধ সামাজিক কৰ্মী কৈলাশ সত্যাৰ্থীৰ।
দিল্লীৰ 'দ্য অশোক'ত অনুষ্ঠিত হোৱা প্ৰতিদিন মিডিয়া নেটৱৰ্কৰ 'দ্য কনক্লেভ-২০২৪' ত আজি প্ৰথমখন আলোচনা চক্ৰত অংশগ্ৰহণ কৰি কৈলাশ সত্যাৰ্থীয়ে। প্ৰতিদিন টাইমৰ সঞ্চালিকা স্মিতাক্ষী বি গোস্বামীয়ে আঁত ধৰা এই একক আলোচনাত সত্যাৰ্থীয়ে বহু গুৰুত্বপূৰ্ণ মন্তব্য কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-05/z6u1hdam/8bd0dcd6-59ba-46fe-9a45-a6d9ecfd4ec0.jpg)
আৰম্ভণিতে স্মিতাক্ষী বি গোস্বামীয়ে সত্যাৰ্থীৰ পৰিচয়ত কয়, কৈলাশ সত্যাৰ্থী এগৰাকী বাস্তৱিক জীৱনৰ প্ৰকৃত নায়ক। শিশু, শ্ৰমিক আৰু শোষণৰ বিৰুদ্ধে তেওঁ গোটেই জীৱন যুঁজ দিছে। তেওঁ সমাজৰ আটাইতকৈ দুৰ্বল শ্ৰেণীৰ সুৰক্ষাৰ বাবে গোটেই জীৱন উৎসৰ্গা কৰিছে। আলোচনাৰ আৰম্ভণিতে গোস্বামীয়ে তেওঁৰ প্ৰথম প্ৰশ্ন হিচাপে জানিব বিচাৰে শিশু অধিকাৰৰ বাবে 'বচনপন বচাও' আন্দোলন আৰম্ভ কৰিবলৈ তেওঁ ক’ৰ পৰা অনুপ্ৰেৰণা লাভ কৰিছিল?
'বচন বচাও আন্দোলন' আৰম্ভ কৰাৰ অনুপ্ৰেৰণা লাভ কৰাৰ প্ৰসংগত তেওঁ ১৯৯০ ৰ এক অভিজ্ঞতাৰ কথা সোঁৱৰে। সেই সময়ত তেওঁ অভিযান্ত্ৰিক কেৰিয়াৰ ত্যাগ কৰিছিল।
তেওঁ কয়, "মোৰ জন্ম এটা সাধাৰণ পৰিয়ালত হৈছিল আৰু মোৰ বিদ্যালয়ো আছিল এখন সাধাৰণ প্ৰাথমিক বিদ্যালয়। বিদ্যালয়লৈ যোৱাৰ প্ৰথম দিনাই, মই মোৰ বয়সৰ এজন মুচিৰ ল’ৰা স্কুলৰ গেটত বহি থকা দেখিছিলো। ল'ৰাটোৱে আমাৰ ভৰিৰ ফালে চাই থকা দেখি মই হতাশ হৈছিলোঁ। মই মোৰ শিক্ষকক সুধিছিলো, সেই শিশুটো শ্ৰেণীকোঠাৰ বাহিৰত কিয় বহি আছে? শিক্ষকজনে মোক সেই বিষয়ৰ পৰা আঁতৰাই বন্ধু গঢ়িবলৈহে পৰামৰ্শ দিলে। মই বহু বছৰ ধৰি এই দৃশ্যই দেখিলো। ক্ৰমান্বয়ে মোৰ খং উঠিবলৈ ধৰিলে।
এদিন মই সেই ল'ৰাটো আৰু তেওঁৰ দেউতাকৰ সৈতে কথা পাতিবলৈ সাহস কৰিলো। জাতিগত পদানুক্ৰম অনুসৰণ কৰি দেউতাকে হাত জোৰ কৰি কলে 'বাবুজী, তুমি স্কুল যাবলৈ জন্মগ্ৰহণ কৰিছা; আমি কাম কৰিবলৈ জন্মগ্ৰহণ কৰিছো। তেওঁৰ কথাবোৰে মোক গভীৰভাৱে আঘাত কৰিছিল আৰু মোৰ চকু পানী ওলাইছিল। এয়া কেৱল এটা উত্তৰ নাছিল। এই উত্তৰে মোৰ জীৱনলৈ এক প্ৰত্যাহ্বান কঢ়িয়াই আনিছিল। কিমান শিশুৱে তেওঁলোকৰ শৈশৱ আৰু ভৱিষ্যত অন্ধকাৰ কৰি কিয় কাম কৰিবলগীয়া হয়?
সত্যাৰ্থীয়ে তেওঁৰ শৈশৱৰ সেই ঘটনাই তেওঁৰ কুমলীয়া মনত খুন্দা মৰাৰ কথা উল্লেখ কৰি কয় এই ঘটনাই তেওঁৰ মনত গভীৰভাৱে ৰেখাপাত কৰিছিল। তেওঁ সামাজিক নিয়মৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি শিশুৰ অধিকাৰৰ বাবে কাম কৰাৰ বাবে মনোনিবেশ কৰাৰ কথাও উল্লেখ কৰে।
তেওঁ কয়, মোৰ মা, দেউতাই বিচাৰিছিল মই এজন অভিযন্তা হোৱাটো। সেই মতেই মই অভিযান্ত্ৰিক পাঠ্যক্ৰম অধ্যয়ন কৰিছিলো। কিন্তু শিশুৰ অধিকাৰৰ বিষয়টোৱে মোক সেই কেৰিয়াৰ ত্যাগ কৰিবলৈ সিদ্ধান্ত ল'বলৈ বাধ্য কৰিছিল। 'বচপন বচাও আন্দোলন' এনে এক সময়ত আৰম্ভ হৈছিল যেতিয়া শিশু অধিকাৰক ব্যাপকভাৱে স্বীকৃতি দিয়া হোৱা নাছিল। ৰাষ্ট্ৰসংঘই ১৯৮৯ ত কেৱল এক পৰিকাঠামোহে গ্ৰহণ কৰিছিল।
স্মিতাক্ষী বি গোস্বামীয়ে কয়, সত্যাৰ্থীৰ সংগঠনে ১৩০,০০০ ৰো অধিক শিশু শ্ৰমিক, সৰবৰাহ আৰু ভয়ংকৰ পৰিস্থিতিৰ পৰা মুক্ত কৰিছে। এনে কাৰ্যৰ বাবে তেওঁ সাহস আৰু সহানুভূতিৰ উৎস কি বুলি কৰা এক প্ৰশ্নত তেওঁ কয়, "আমি বাহিৰৰ পৰা সহানুভূতি ধাৰলৈ লোৱা বা ক্ৰয় কৰিব নালাগে। আমি জন্মগতভাৱে এইসমূহ লাভ কৰিছো।
বাল্য বিবাহ সম্পৰ্কত তেওঁ সত্যাৰ্থীয়ে সমগ্ৰ ভাৰতৰ পৰা বাল্য বিবাহ নিৰ্মূল কৰাৰ প্ৰসংগত অসমৰ উদাহৰণ দাঙি ধৰে। তেওঁ কয়, যদি অসমত ৩/৪ বছৰত ৮১ শতাংশ বাল্য বিবাহ হ্ৰাস কৰিব পাৰিছে তেন্তে আপুনি বিশ্বাস কৰেনে ইয়াক সম্পূৰ্ণৰপে দূৰ কৰাটো সম্ভৱ বুলি? নিশ্চয় এয়া সম্ভৱ। মই অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যখনৰ সিশু অধিকাৰ আয়োগৰ সৈতে যোগাযোগ কৰি আছো। অসমৰ সকলো সংস্থাই যথেষ্ট সহযোগিতা কৰিছে। আমাৰ গুৱাহাটীত এটা কাৰ্যালয় আছে। ইয়াৰ পৰাই কেইবাটাও পদযাত্ৰা আৰু অনুষ্ঠানৰ আয়োজন কৰিছো।
তেওঁ পুনৰ কয় বাল্য বিবাহ এক সামাজিক অনুমোদনৰ বাহিৰে আন একো নহয়। যুৱতী আৰু মহিলাক ধৰ্ষণৰ এয়া এক অনুজ্ঞাপত্ৰ। ই তেওঁলোকৰ ভৱিষ্যত ধ্বংস কৰে আৰু এয়া মানৱতাৰ বিৰুদ্ধে এক অপৰাধ।
আলোচনাত কৈলাশ সত্যাৰ্থীয়ে তেওঁ অসমত কৰা বিভিন্ন কাম কাজৰ গুৰুত্বপূৰ্ণ পদক্ষেপসমূহৰ বিষয়ে উল্লেখ কৰে। তেওঁ কয়, অসমত বাল্য বিবাহৰ সংখ্যা অতি উৎসাহজনক ভাৱে হ্ৰাস পাইছে। অসমত যোৱা সময়ত বাল্য বিবাহ ৮১ শতাংশ হ্ৰাস পাইছে। ইয়াৰ বাবে অসম চৰকাৰৰ পদক্ষপে তেওঁ প্ৰশংসা কৰে।
উল্লেখ্য, ইয়াৰ পূৰ্বে দুদিনীয়াকৈ আৰম্ভ হোৱা এই 'কনক্লেভ-২০২৪'ৰ আনুষ্ঠানিক শুভ উদ্বোধন কৰে দেশৰ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে। মুখ্য অতিথি হিচাপে উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল।
Also Read: ৰূপকোঁৱৰে কৈছিল শুৱলা ভাষাৰে অসমীয়া ভাষা জগত সভালৈ যাব...