/asomiyapratidin/media/media_files/2025/02/14/6Jo324z3mUw5Y9kwrqHJ.jpg)
ডিজিটেল ডেস্কঃ ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমাইৰ জেলেনস্কিয়ে শুকুৰবাৰে কয় যে, কিভে আমেৰিকা আৰু ইউৰোপৰ সৈতে তিনি বছৰীয়া যুদ্ধ কেনেকৈ শেষ কৰিব পাৰি সেই সন্দৰ্ভত এক উমৈহতীয়া সিদ্ধান্ত লাভ কৰাৰ পিছত ৰাছিয়াৰ সৈতে প্ৰত্যক্ষ আলোচনাৰ বাবে সাজু হৈছে। তেওঁ কয়, ‘আমেৰিকা আৰু আমাৰ মিত্ৰ দেশসমূহৰ সৈতে যিকোনো কথা-বতৰাৰ বাবে আমি সাজু। যদি তেওঁলোকে আমাৰ পৰা অহা নিৰ্দিষ্ট অনুৰোধৰ নিৰ্দিষ্ট উত্তৰ আৰু পুটিনৰ সন্দৰ্ভত এক উমৈহতীয়া বুজাবুজি প্ৰদান কৰে, তেন্তে আমি আমি ৰাছিয়াৰ সৈতে কথা পাতিবলৈ সাজু আছো।
উল্লেখ্য যে, ইউক্ৰেইনৰ যুদ্ধ সন্দৰ্ভত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু পুটিনৰ মাজৰ টেলিফোনিক আলোচনাৰ পিছতে আৰম্ভ হোৱা মিউনিখৰ নিৰাপত্তা সন্মিলনত জেলেনস্কিয়ে এই মন্তব্য কৰিছে। ইফালে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে হোৱা আলোচনা তথা ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ অৱসান সন্দৰ্ভত সোধাত আমেৰিকাৰ প্ৰতিৰক্ষা সচিব পিট হেগছেথে কয় যে, “তেওঁলোকৰ সৈতে আলোচনা কৰিবলৈ কাৰোবাক বিশ্বাস কৰিব নালাগে”।
ইয়াৰ পূৰ্বে জেলেনস্কিৰ উপদেষ্টা ডিমাইট্ৰ’ লিটভিনে কৈছিল যে ৰাছিয়াৰ সৈতে আলোচনাৰক বাবে মিত্ৰশক্তিৰ সৈতে এক উমৈহতীয়া সিদ্ধান্ত টেবুলত থাকিব লাগিব। “এই মুহূৰ্তৰ তেনে কোনো সিদ্ধান্ত টেবুলত নাই। ৰাছিয়ানসকলৰ সৈতে আলোচনাৰ কোনো চিন্তা কৰা নাই।’
তেওঁ আৰু কয়, “ইউক্ৰেইনৰ স্থিতি অপৰিৱৰ্তিত। ইউক্ৰেইনে প্ৰথমে আমেৰিকাৰ সৈতে কথা পাতিব। ইউৰোপে প্ৰকৃত আৰু বহনক্ষম শান্তিৰ যিকোনো গুৰুতৰ আলোচনাত অংশগ্ৰহণ কৰিব লাগিব।‘
ইউক্ৰেইনৰ শান্তি আলোচনা আৰম্ভ কৰাৰ সন্দৰ্ভত পুটিনৰ সৈতে কথা পতা বুলি শেহতীয়াকৈ ড’নাল্ড ট্ৰাম্পেই ঘোষণা কৰিছিল। মন কৰিবলগীয়া যে, বৃহস্পতিবাৰে ইউৰোপত ট্ৰাম্পৰ শীৰ্ষ বিষয়াসকলে ধাৰাবাহিকভাৱে বৈঠক অনুষ্ঠিত কৰাৰ সময়তে জেলেনস্কিয়ে বিশ্বৰ নেতাসকলক পুটটিনে যুদ্ধ অন্ত পেলাবলৈ সাজু বুকি কৰা দাবীকো বিশ্বাসযোগ্য নহয় বুলিও সকিয়াই দিছিল।
ইফালে ইউক্ৰেইনৰ সমৰ্থনকাৰী একাংশ ইউৰোপীয় নেতাই আশংকা কৰিছে, মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইউক্ৰেইনক অসন্তুষ্টিজনক শান্তি চুক্তিত সোমাবলৈ বাধ্য কৰিব পাৰে।
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
/asomiyapratidin/media/member_avatars/a-/AFdZucrahs0cQJtCvPJgez1pmKf-b8DYLM8QcmdGGzcV=s96-c.jpeg )
 Follow Us
 Follow Us