সেনাৰ পৰা ৰাষ্ট্ৰপতিলৈ, শ্বি জিনপিঙৰ অভ্যূত্থান...

সেনাৰ পৰা ৰাষ্ট্ৰপতিলৈ, শ্বি জিনপিঙৰ অভ্যূত্থান...

ডিজিটেল ডেস্ক : মাও জেদং অথবা চেয়াৰমেন মাও, চীনৰ ৰাজনৈতিক ইতিহাসৰ আটাইতকৈ শক্তিশালী আৰু বিখ্যাত নেতা চেয়াৰমেন মাওৰ পাছতেই আন এক নেতাৰ অভ্যূত্থান গুৰুত্বপূৰ্ণ হৈ পৰিল চীনৰ সামাজিক-ৰাজনৈতিক জীৱনত । সাধাৰণ সেনাৰ পৰা আৰম্ভ কৰি এতিয়া বিশ্বৰ অন্যতম শক্তিশালী ৰাষ্ট্ৰখনৰ ৰাষ্ট্ৰপতিৰূপে নিৰ্বাচিত হ'ল তৃতীয়বাৰৰ বাবে । এই অভ্যূত্থানে যে ভৱিষ্যতলৈ আজীৱন ৰাষ্ট্ৰপতি হোৱাৰ দিশে নেতাগৰাকী আগবাঢ়িছে সেই কথা মুকলিকৈ প্ৰতিপন্ন কৰিছে । কেৱল এয়াই নহয় চেয়াৰমেন মাওৰ খ্যাতিও এতিয়া সংকটত । কিন্তু কোন এইগৰাকী নেতা ? কিদৰে বিশ্বশক্তি চীনক এটা দশকলৈ শাসন কৰাৰ পাছত পুনৰ আন পাঁচটা বছৰৰ বাবে আগবাঢ়িছে নেতা গৰাকী ?

এইগৰাকী নেতা আন কোনো নহয় বৰং চাইনীজ কমিউনিষ্ট পাৰ্টীৰ শ্বি জিনপিং । ১০ মাৰ্চত তৃতীয়বাৰৰ বাবে দেশখনৰ ৰাষ্ট্ৰপতিৰূপে নিৰ্বাচিত হ'ল নেতাগৰাকী । ৬৯ বছৰীয়া নেতা গৰাকী এতিয়া আজীৱন চীনৰ ৰাষ্ট্ৰপতিৰূপে কাৰ্যনিৰ্বাহ কৰাৰ দিশে শ্বি জিনপিং । ছাত্ৰ জীৱনৰ পাছত খেতিয়ক ৰূপে আাৰম্ভ কৰিছিল কৰ্মজীৱন । তাৰ পাছত সেনাত নামভৰ্তি, পদন্নোতিৰ জৰিয়তে সেনাৰ শীৰ্ষ বিষয়া আৰু সৰ্বশেষত ৰাজনীতিত প্ৰৱেশ । এই অভ্যূত্থানৰ সৈতে পৰিচিত বিশ্ব । পূৰ্বেও বহু বিখ্যাত, কুখ্যাত নেতাৰ উত্থানৰ কাহিনী এইয়া ।

কিন্তু শ্বি জিনপিঙৰ এই দুটা কাৰ্যকালৰ পাছত তৃতীয়বাৰলৈ ৰাষ্ট্ৰপতিৰূপে নিৰ্বাচিত হোৱা ঘটনাই কিমান দূৰ প্ৰভাৱ পেলাব বিশ্বত ? কিছুদিন পূৰ্বেই চীনৰ নতুন সেনা বাজেটত বৃদ্ধি কৰা হৈছে ব্যয়ৰ পৰিমাণ ৭ শতাংশলৈ । টাইৱান সন্দৰ্ভত সঘনাই উদ্বেগ প্ৰকাশ চীনৰ, ভাৰতত সঘনাই আগ্ৰাসন । এইবোৰেই পুনৰ সংঘটিত হ'ব নেকি শ্বি জিনপিঙৰ তৃতীয়টো কাৰ্যকালত । ইতিমধ্যেই দেশখনত "একদেশ, এক দল" নীতি প্ৰায় আৰম্ভ হৈছে তেনেস্থলত এই নতুন কাৰ্যকালে যে বিশ্ব ৰাজনীতিত এক পৰিৱৰ্তন আনিব সেইয়া ধূৰুপ । কিন্তু সমস্যা হ'ল এই পৰিৱৰ্তন ভাল নে বেয়াৰ দিশে সেইয়াহে হ'ব লক্ষণীয় ।

সেনাৰ পৰা ৰাষ্ট্ৰপতিলৈ, শ্বি জিনপিঙৰ অভ্যূত্থান...
লামডিংত অঘটন ! ৰেল লাইনত উদ্ধাৰ যুৱকৰ মৃতদেহ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in