উদ্ধাৰ হ'ল বিশ্বৰ আটাইতকৈ দীঘল বাৰ্মিজ পাইথন...

উদ্ধাৰ হ'ল বিশ্বৰ আটাইতকৈ দীঘল বাৰ্মিজ পাইথন...

author-image
Asomiya Pratidin
New Update
উদ্ধাৰ হ'ল বিশ্বৰ আটাইতকৈ দীঘল বাৰ্মিজ পাইথন...

ডিজিটেল ডেস্কঃ শেহতীয়কৈ আমেৰিকাৰ ফ্ল’ৰিডাৰ এজন যুৱকে ধৰিবলৈ সক্ষম হৈছে ১৯ ফুট দীঘল আৰু ১২৫ পাউণ্ড(৫৬.৬ কিলোগ্ৰাম) ওজনৰ  এডাল বৃহৎ আঁকাৰৰ বাৰ্মিজ পাইথন। এই বাৰ্মিজ পাইথনডালেই এই পৰ্যন্ত উদ্ধাৰ হোৱা বিশ্বৰ আটাইতকৈ দীঘল বাৰ্মিজ পাইথন বুলি চিনাক্ত কৰা হৈছে।

Advertisment

আমেৰিকা যুক্তৰাষ্টৰ অ’হাইঅ ষ্টেত উনিৰ্ভাৰছিটিৰ ২২ বছৰীয়া ছাত্ৰ জেক ৱালেৰীয়ে সোমবাৰে ১৯ ফুট দৈৰ্ঘৰ এই বাৰ্মিজ পাইথনডাল ফ্ল’ৰিডাৰ এটি ব্যস্ত ৰাজপথৰ কাষৰ পৰা উদ্ধাৰ কৰে।

ইউ এচ টুডেৰ তথ্য অনুসৰি ছাত্ৰজনে বাৰ্মিজ পাউথনডাল উদ্ধাৰ কৰি কনজাৰ্ভেন্সি অৱ চাউথ ৱেষ্ট ফ্ল’ৰিডালৈ লৈ যায় আৰু তাতেই ইয়াৰ জোখ-মাখ সংগ্ৰহ কৰে। ইয়াৰ পূৰ্বে ফ্ল’ৰিডাতে ১৮ ফুটৰো অধিক দৈৰ্ঘৰ এডাল বাৰ্মিজ পাইথন উদ্ধাৰ হৈছিল।

এই বাৰ্মিজ পাইথন ডালেই তেতিয়ালৈকে উদ্ধাৰ হোৱা বিশ্বৰ আটাইতকৈ দীঘল বাৰ্মিজ পাইথন হিচাপে চিনাক্ত হৈ আছিল। ২০২০ চনৰ অক্টোবৰ মাহত উদ্ধাৰ হোৱা এই বাৰ্মিজ পাইথন ডালৰ মুঠ দৈৰ্ঘ আছিল ১৮ ফুট ৯ ইঞ্চি।

উল্লেখ্য যে, অ’হাইঅ ষ্টেত উনিৰ্ভাৰছিটিৰ ২২ বছৰীয়া ছাত্ৰ জেক ৱালেৰীয়ে তেওঁৰ ইনষ্টাগ্ৰামত দৈত্যাকায় বাৰ্মিজ পাইথন ডাল উদ্ধাৰৰ এটা ভিডিঅ'ও শ্বেয়াৰ কৰিছে। য'ত দেখা গৈছে,বাৰ্মিজ পাইথনডালৰ পাছফালে ধৰি ৰাজপথৰ কাষৰ ঘাঁহনিৰ পৰা ৰাজপথলৈ চুচৰাই আনিছে। ইয়াৰ পাছত পাইথন ডালৰ ডিঙিত ধৰি তাক বশ কৰিবলৈ চেষ্টা কৰিছে।

ভিডিঅ'টোত দেখা গৈছে বাৰ্মিজ পাইথন ডাল উদ্ধাৰৰ সময়ত ৰাজপথেৰে অহা-যোৱা কৰা আন আনে লোকসকলেও ছাত্ৰজনক বাৰ্মিজ পাইথনডাল উদ্ধাৰত সহায় কৰিছে। জেক ৱালেৰীয়ে উদ্ধাৰ কৰা এই বাৰ্মিজ পাইথন ডাল বিজ্ঞানৰ বহল ক্ষেত্ৰখনলৈ দান কৰিব বিছাৰিছে।

স্মৰ্তব্য, ইয়াৰ পূৰ্বেও জেক ৱালেৰীয়ে বিগত বৰ্ষত তেওঁৰ খুলখালীয়েকৰ সহযোগত ১৮ ফুট দীঘল এডাল সাপ ধৰিছিল। নেচনেল জিঅ’গ্ৰাফিকৰ তথ্য অনুসৰি বাৰ্মিজ পাইথন বিশ্বৰ অন্যতম বৃহৎ সাপ। ই খাদ্য ধৰি খোৱাৰ বিশেষ ধৰণটোৰ বাবেই অধিক পৰিচিত।

এইবিধ সাপৰ প্ৰজাতিয়ে নিজৰ চোকা দাঁত ব্যৱহাৰ কৰি চিকাৰক ধৰি ৰাখে আৰু লাহে লাহে নিজৰ শৰীৰটোৰে সম্পূৰ্ণৰূপে তাক কুণ্ডলীবদ্ধ কৰে আৰু তেতিয়ালৈকে এৰি নিদিয়ে যেতিয়ালৈকে চিকাৰৰ শ্বাসৰুদ্ধ নহয়।

বৰ্তমাণ এই বাৰ্মিজ পাইথনে ফ্লৰিডাৰ বন্যপ্ৰাণীলৈ ভাবুকি কঢ়িয়াই আনিছে বুলিও আলোচনা হৈছে। কাৰণ ই বিভিন্ন স্তন্যপায়ী জীৱ, চৰাই-চিৰিকটি, এলিগেটৰ আদি বিভিন্ন জীৱ-জন্তু দ্ৰুতহাৰত ভক্ষণ কৰিছে।

Also Read: ভংগ হ'ব পাৰে একনাথ সিন্দে চৰকাৰঃ বিধায়ক পদ খাৰিজ সন্দৰ্ভত SCৰ জাননী...

বাৰ্মিজ পাইথন