/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/11/p06r4mr4.jpg)
ডিজিটেল ডেস্কঃ আৰ্টিফিচিয়েল ইন্টেলিজেন্স। চমুকৈ AI। অৰ্থাৎ, কৃত্ৰিম বুদ্ধিমত্তা। এই AI-কে এক নতুন মাত্ৰা দিবলৈ সমৰ্থ হৈছে চুবুৰীয়া চীনে। কিছুদিন পূৰ্বে নকল চন্দ্ৰৰে নগৰ-মহানগৰ পোহৰাই তোলাৰ পৰিকল্পনাৰে সকলোকে হতচকিত কৰি তুলিছিল দেশখনে।
নকল চন্দ্ৰৰ পৰিকল্পনাৰ পিছত এইবাৰ কৃত্ৰিম বুদ্ধিমত্তাক সংবাদ ক্ষেত্ৰখনত ব্যৱহাৰ কৰি বিশ্ববাসীক চমক দেখুৱাবলৈ সমৰ্থ হৈছে তথ্য-প্ৰযুক্তিৰ ক্ষেত্ৰখনত নিত্য-নতুন কৌশলৰ সমাহাৰ ঘটোৱা চীনে। ৰাষ্ট্ৰীয় টিভি চেনেল ঝিনুহাৰ জৰিয়তে এক দীৰ্ঘদিনীয়া সপোনক বাস্তৱ ৰূপ দিবলৈ সমৰ্থ হয় দেশখনৰ বিজ্ঞানীমহল।
চীনৰ শেহতীয়া এই সাফল্যৰ পিছতে সমগ্ৰ বিশ্বৰ সংবাদ জগতখনত অতি শীঘ্ৰে এক বৈপ্লৱিক পৰিৱৰ্তন দেখা পোৱাতো প্ৰায় নিশ্চিত হৈ পৰিছে। কিন্তু পৰিৱৰ্তনটোনো কি? পৰিৱৰ্তন এয়াই যে টিভিৰ পৰ্দাত বা ইণ্টাৰনেটৰ ভিডিঅ'ত এংকৰৰ ৰূপত আৰু দেখিবলৈ পোৱা নাযাব আপোনাৰ চিনাকি সাংবাদিকসকলক।
এংকৰৰ ৰূপত চিনাকি সাংবাদিকৰ পৰিৱৰ্তে টিভি চেনেল আৰু অনলাইন ভিডিঅ'ত দেখিবলৈ পাব কৃত্ৰিম বুদ্ধিমত্তাৰ গৰাকী দেখিবলৈ সাইলাখ মানুহৰ দৰে ৰবটক। ইতিমধ্যে যোৱা ৮ নৱেম্বৰত চীনৰ চৰকাৰী টিভি চেনেল ঝিনুহাই পৰীক্ষামূলকভাৱে সফলতাৰে ভাৰ্চুৱলে এংকৰৰ জৰিয়তে বাতৰি সম্প্ৰচাৰ সম্পন্ন কৰে।
ইংৰাজী আৰু চীনা এই দুয়োটা ভাষাতে টিভি চেনেলটোৱে দুজন ভাৰ্চুৱেল এংকৰৰ জৰিয়তে প্ৰায় ১০ মিনিট ধৰি সম্প্ৰচাৰ কৰে বা-বাতৰি। কৃত্ৰিম বুদ্ধিমত্তাৰ গৰাকী ভাৰ্চুৱলে এংকৰকেইজনক প্ৰথম অৱস্থাত কোনো দৰ্শকে ৰবট বুলি অনুমানেই কৰিব পৰা নাছিল। সকলোৱে ধৰি লৈছিল যে চেনেলটোত দুজন নতুন সাংবাদিকে যোগদান কৰিলে।
দুই-এজন সচেতন দৰ্শকে টিভিৰ পৰ্দাত যেতিয়াই AI Virtual Anchors বুলি লিখা থকা কথাটোলৈ মন কৰিলে তেতিয়াহে ধৰিব পাৰিলে যে চেনেলটোত কোনো নতুন এংকৰে যোগদান কৰা নাই। বিপৰীতে নতুন এংকৰ দুজন একো একোটা ৰবটহে। কিছুসময় পিছতে চেনেলটোৱে যেতিয়া এই কথা অানুষ্ঠানিকভাৱে ঘোষণা কৰিলে তেতিয়া প্ৰতিজন দৰ্শক হতচকিত হৈ পৰাৰ লগতে সমগ্ৰ বিশ্বতে এক প্ৰকাৰ আলোড়নৰ সৃষ্টি হয়।
'নমস্কাৰ, আপোনালোকে চাই আছে ইংৰাজী বাতৰিৰ অনুষ্ঠান।'-নিজৰ প্ৰথমটো সম্প্ৰচাৰত সম্পূৰ্ণৰূপে মানুহৰ দৰে মাতেৰে এইদৰে আৰম্ভ কৰে ভাৰ্চুৱেল এংকৰজনে। ইয়াৰ পিছতে ভাৰ্চুৱেল এংকৰজনে কয়, 'এতিয়া আপোনালোকৰ বাবে মই লৈ আহিছো বাতৰি চোৱাৰ এক সম্পূৰ্ণ নতুন অভিজ্ঞতা।' পিছে এই কথাখিনিতো অধিকাংশ দৰ্শকে তেওঁক কৃত্ৰিম এংকৰ বুলি ধৰিব নোৱাৰিলে।
Xinhua AI anchor, launched on Wednesday, starts presenting news reports from Thursday. In this program, he takes you to have a look at what a Panama official and the Chinese businessman Jack Ma say about the ongoing #CIIE. pic.twitter.com/OZkRQtv1sQ
— China Xinhua News (@XHNews) November 8, 2018
চীনৰ তথ্য সম্প্ৰচাৰ মন্ত্ৰণালয়ৰ সূত্ৰই ছাউথ চাইনা মৰ্নিং পোষ্টক সদৰী কৰা মতে, দুয়োজন ভাৰ্চুৱেল এংকৰকে আনুষ্ঠানিকভাৱে ঝিনুহা নিউজ এজেন্সীৰ ৰিপ'ৰ্টিং টীমৰ সদস্য হিচাপে ধৰা হৈছে। তেওঁলোকেও আন সাংবাদিকসকলৰ সৈতে এতিয়াৰে পৰা পূৰ্ণোদ্যমৰে কাম আৰম্ভ কৰিব বুলিও জনাইছে ঝিনুহাৰ শীৰ্ষ সূত্ৰই।
ঝিনুহা আৰু চীনা ছাৰ্চ ইঞ্জিন Sogouৰ যুটীয়া উদ্যোগত এদল বিজ্ঞানীয়ে দীৰ্ঘদিনীয়া গৱেষণাৰ অন্তত কণ্ঠৰ লগতে মুখৰ ভাৱ-ভংগীকো মানুহৰ দৰে ৰূপ দি এই কৃত্ৰিম বুদ্ধিমত্তা সংলগ্ন ভাৰ্চুৱেল এংকৰ দুজনক গঢ়ি তুলিছে। কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত দুয়োটা ৰবট এংকৰে প্ৰকৃত এংকৰৰ দৰেকৈ উপস্থাপন কৰিব পাৰে প্ৰতিটো বাতৰি।
দুয়োটা ৰবট এংকৰৰ ডেভলপাৰৰ দায়িত্বত থকা শ্বেফিল্ড বিশ্ববিদ্যালয়ৰ এআই আৰু ৰবটিকছ বিভাগৰ অধ্যাপক নোৱেল চাৰ্কিয়ে জনোৱা মতে এতিয়াও এই সম্পৰ্কীয় গৱেষণা সম্পূৰ্ণ কৰিবলৈ বহু বাকী আছে। গৱেষণা তথা ডিজাইনিঙৰ কাম সম্পূৰ্ণ হ'লে ৰবট এংকৰ দুটা আৰু প্ৰকৃত এংকৰৰ মাজত কোনো পাৰ্থক্য নাথাকিব বুলিও দাবী কৰিছে বিজ্ঞানী চাৰ্কিয়ে।
উল্লেখ্য যে একাংশ লোকে ছ'চিয়েল মিডিয়াযোগে ৰবট এংকৰৰ বাতৰি পৰিৱেশন শৈলী প্ৰত্যক্ষ কৰি অভিভূত হৈ পৰিছে যদিও আন একাংশই জীৱন্ত মানুহৰ দৰেকৈ ভাৱ-ভংগীমা ফুটাই তোলাত ১০০ শতাংশ সফল হোৱা নাই বুলি মন্তব্য কৰা দেখা গৈছে। এনে পৰিপ্ৰেক্ষিততে বিজ্ঞানী চাৰ্কিয়ে সকলোকে নিশ্চিতি প্ৰদান কৰি কয় যে আৰু মাত্ৰ কেইটামান মাহৰ পিছতে সকলোৱে প্ৰকৃত এংকৰতকৈ ভাৰ্চুৱেল এংকৰে পৰিৱেশন কৰা বাতৰি চাবলৈহে ভাল পাব।
চাৰ্কিৰ এই দাবীৰ পিছতে এতিয়া বুকু কঁপি উঠিছে বিশ্বৰ বহু নামী-দামী এংকৰৰ। কিয়নো ২৪ ঘণ্টাই কাম কৰিব পৰা ৰবট এংকৰক দৰ্শকে কিমান পছন্দ কৰে সেয়া পিছৰ কথা যদিও টিভি-ৱেবছাইটৰ মালিকপক্ষই যে পছন্দ কৰিব তাক লৈ সন্দেহৰ কোনো অৱকাশ নাই। এজন প্ৰকৃত এংকৰক দিবলগীয়া মাহিলি দৰমহাৰ বিপৰীতে এবাৰত কেইটামান এনে আৰ্টিফিচিয়েল ইন্টেলিজেঞ্চ ভাৰ্চুৱেল এংকৰ যদি ক্ৰয় কৰিব পাৰে তেন্তে মাহিলি দৰমহা দিয়াৰ কোনো লেঠা নাথাকিব বাবে মালিক পক্ষই ৰবটক অধিক পছন্দ কৰালৈ চাই ইতিমধ্যে বহু এংকৰে শংকাত ভুগিবলৈ আৰম্ভ কৰিছে বুলিও চৰ্চা চলিছে সমগ্ৰ বিশ্বৰ নেটিজেনসকলৰ মাজত।