/asomiyapratidin/media/media_files/2025/04/23/yrG2LJJXBhegG2KoqINX.jpg)
ডিজিটেল ডেস্কঃ আজি বিশ্ব গ্ৰন্থ দিৱস। তাৰোপৰি আজিৰ দিনটোত আছে বিশেষ তাৎপৰ্যও। ১৯৯৫ চনৰ ২৩ এপ্ৰিলত যদিও প্ৰথমবাৰৰ বাবে বিশ্ব গ্ৰন্থ দিৱস পালন কৰা হৈছিল তথাপিও আজিৰ দিনটো অৰ্থাৎ ২৩ এপ্ৰিল পূৰ্বৰে পৰা আছিল বিশেষ।
কিয়নো আজিৰ দিনটোৰ সৈতে আচৰিত ধৰণে বিশ্বৰ বহু বিশিষ্ট ব্যক্তি জড়িত হৈ আছে। বহু প্ৰসিদ্ধ লেখক, সাহিত্যতকৰ জন্ম আৰু মৃত্যুৰ দিন ২৩ এপ্ৰিল।
উল্লেখ্য যে, ৰাষ্ট্ৰসংঘৰ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতি সংস্থাই গ্ৰন্থ অধ্যয়ন, প্ৰকাশ আৰু গ্ৰন্থস্বত্বৰ সন্দৰ্ভত সজাগতা সৃষ্টিৰ উদ্দেশ্যে গ্ৰন্থ দিৱসৰ সূচনা কৰিছিল। ইয়াৰ ফলতে ১৯৯৫ চনৰ ২৩ এপ্ৰিলত পোনপ্ৰথমবাৰৰ বাবে বিশ্ব গ্ৰন্থ আৰু গ্ৰন্থস্বত্ব দিৱস উদযাপন কৰা হৈছিল৷
আজিৰ এই ২৩ এপ্ৰিলৰ দিনটোতে প্ৰখ্যাত স্পেনিছ লেখক মিগুৱেল ডে কাৰভেণ্টছৰ মৃত্যু হৈছিল৷ উইলিয়াম শ্বেক্সপীয়েৰ আৰু ইনকা গাৰ্ছিলাছ’ ডে লা ভেগাৰো মৃত্যু হৈছিল ২৩ এপ্ৰিলতে ৷ ইয়াৰোপৰি ২৩ এপ্ৰিলত জন্ম আৰু মৃত্যু হৈছিল বিশ্বৰ বহু প্ৰখ্যাত লেখক-সাহিত্যিকৰো৷
১৯৯৫ চনৰ পৰা বিশ্ব গ্ৰন্থ আৰু গ্ৰন্থস্বত্ব সমগ্ৰ বিশ্বতে উদযাপন কৰি অহা হৈছে৷ আন্তঃৰাষ্ট্ৰীয় কিতাপৰ দিন হিচাবেও বহুত উল্লেখ কৰে এই বিশেষ দিনটো৷ ৰাষ্ট্ৰসংঘৰ কেউখন সদস্য ৰাষ্ট্ৰই ২৩ এপ্ৰিল দিনটোত বিশ্ব গ্ৰন্থ দিৱস হিচাপে উদযাপন কৰা অনুসৰি ভাৰততো কিতাপ পঢ়া আৰু প্ৰকাশৰ ক্ষেত্ৰত উৎসাহিত আৰু সচেতন কৰা হয় গ্ৰন্থ দিৱস উদযাপনৰ জৰিয়তে৷
গ্ৰন্থ দিৱসৰ দিনটোত আহক চাওঁ গ্ৰন্থৰ সৈতে সম্পৰ্কিত ইণ্টাৰনেটত উপলব্ধ কেইটামান আকৰ্ষণীয় তথ্যঃ
- অসমীয়া কিতাপ শব্দটো আহিছে আৰবী কিতাব শব্দৰ পৰা। ইয়াৰ ইংৰাজী শব্দ ‘বুক (Book) ‘পুৰণি ইংৰাজী শব্দ ‘boc’ পৰা আহিছে। যাৰ মূল শব্দ জাৰ্মানী *bōk- ৰ পৰা আহিছে।
বিশ্বৰ সৰ্বাধিক বিক্ৰী হোৱা পাঁচখন গ্ৰন্থ
- বাইবেল (৩.৯ বিলিয়ন কপি)
কুৰান (৮০০ মিলিয়ন, ১২২ টা ভাষাত)
হেৰী পটাৰ ছিৰিজ (৪০০ মিলিয়ৰো অধিক)
চেয়াৰমেন মাও চে টুঙৰ বাণী
দ্য লৰ্ড অৱ দ্য ৰিংছ (১০৩ মিলিয়ন)
- বিশ্বৰ সৰ্ববৃহৎ ৰহস্যময় গ্ৰন্থখন হৈছে “দি ভয়ানিচ মানসস্ক্রিপ্ট” (“The Voynich Manuscript)
- বিশ্বত প্ৰথমে লিখিবলৈ আৰম্ভ কৰিছিল মিচৰীয়াসকলে। খ্ৰীষ্টপূৰ্ব ২৪০০ চনত মিচৰীয়াসকলে পেপিৰাছ গছৰ ভিতৰৰ অংশ পাতলকৈ কাটি শুকুৱাই পেপিৰাছৰ ওপৰত লিখিবলৈ আৰম্ভ কৰিছিল। যি কৌশল গ্ৰীক আৰু ৰোমানসকলে হাজাৰ হাজাৰ বছৰৰ আগতে আয়ত্ত কৰিছিল। পিছলৈ হেৰোডোটাছৰ সময়ত পোৱালি, ভেড়া বা ছাগলীৰ ছালত লিখবলৈ লৈছিল।
- আটাইতকৈ পুৰণি ধৰ্মীয় গ্ৰন্থ– বেদ
- বিশ্বৰ প্ৰথমখন উপন্যাসৰ নাম ‘গিলগামেছ’। যিখন উপন্যাস প্ৰায় চাৰি হাজাৰ বছৰ আগতে প্ৰাচীন মেছ’পটেমিয়াত অৰ্থাৎ বৰ্তমানৰ ইৰাক আৰু ছিৰিয়াত ৰচনা কৰা হৈছিল। গ্ৰন্থখন ব্ৰিটিছ মিউজিয়ামত মাটিৰ ফলকত সংৰক্ষিত হৈ আছে।
- গুটেনবাৰ্গ বাইবেলক বিশ্বৰ প্ৰথম ছপা গ্ৰন্থ বুলি গণ্য কৰা হয়। ১৪৫৫ চনত কলাত্মকভাৱে প্ৰস্তুত কৰা ৪২ শাৰীৰ বাইবেল নামেৰে জনাজাত কিতাপখনৰ ২১ কপি এতিয়াও আছে।
- বিশ্বৰ প্ৰথমখন গ্ৰন্থ ৮৮৬ চনৰ ১১ মে’ত চীনত প্ৰকাশ পাইছিল।
- জাপানৰ সম্ৰাজ্ঞী ‘মোবাটকুৰ’ এ প্ৰায় দহ লাখ শ্লোকেৰে ‘হীৰা সূত্ৰ’ শীৰ্ষক এখন গ্ৰন্থ প্ৰকাশ কৰাৰ পৰিকল্পনা কৰিছিল। সেই সময়ত আজিৰ দৰে কোনো ছপাশালৰ আৱিষ্কাৰ হোৱা নাছিল। গতিকে কাঠৰ ব্লক তৈয়াৰ কৰি হাতেৰে চলোৱা মেচিনৰ সহায়ত ‘ডাইমণ্ড সূত্ৰ’ গ্ৰন্থখন প্ৰস্তুত কৰা হৈছিল। কিতাপখন প্ৰস্তুত কৰিছিল ৱাং চিয়ে।