ডিজিটেল ডেস্কঃ কানাডাৰ প্ৰধানমন্ত্ৰী হোৱাৰ দিশে এগৰাকী ভাৰতীয় বংশোদ্ভৱ ! সোমবাৰে কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে পদত্যাগৰ কথা ঘোষণা কৰাৰ পাছতে পৰৱৰ্তী প্ৰধানমন্ত্ৰী কোন হ'ব তাক লৈ চৰ্চা আৰম্ভ হৈছে।
সোমবাৰে ট্ৰুডোৱে দেশৰ সংসদৰ নিম্ন সদন 'হাউচ অৱ কমন্স'ত দলীয় নেতাৰ পদ ত্যাগ কৰাৰ কথা ঘোষণা কৰিছে। ট্ৰুডোৰ লিবাৰেল পাৰ্টি কানাডাৰ শাসকীয় মিত্ৰজোঁটৰ মুখ্য দল।
ট্ৰুডোৱে সোমবাৰে পদত্যাগৰ কথা ঘোষণা কৰাৰ পাছতে তেওঁৰ উত্তৰাধিকাৰী কোন হ'ব তাক লৈ সৰৱ চৰ্চা চলিছে। এই চৰ্চা অনুসৰিয়েই ট্ৰুডোৰ উত্তৰাধিকাৰী হিচাৰে চৰ্চাৰ শীৰ্ষত আছে ভাৰতীয় বংশোদ্ভৱ অনিতা আনন্দ।
জানিব পৰা মতে লিবাৰেল পাৰ্টিয়ে ট্ৰুডোৰ উত্তৰাধিকাৰী শীঘ্ৰেই নিৰ্বাচিত কৰিবলৈ বিচাৰিছে। চলিত বছৰৰ শেষৰ ফালে অনুষ্ঠিত হ'ব কানাডাৰ সাধাৰণ নিৰ্বাচন। সেয়ে অৱশিষ্ট এই সময়খিনিৰ বাবে এগৰাকী নতুন প্ৰধানমন্ত্ৰী নিৰ্বাচিত কৰা হ'ব। যাতে দলটোৰ হেৰুৱা জনপ্ৰিয়তা এই সময়খিনিতে পুনৰ উদ্ধাৰ কৰিব পাৰে।
যেতিয়ালৈকে এই নতুন প্ৰধানমন্ত্ৰী নিৰ্বাচিত নহয় তেতিয়ালৈকে অৱশ্যে জাষ্টিন ট্ৰুডোৱেই প্ৰধানমন্ত্ৰীৰ দায়িত্ব পালন কৰিব। বহু ৰাজনৈতিক বিশেষজ্ঞৰ মতে এইবাৰ কানাডাৰ নিৰ্বাচনত লিবাৰেল পাৰ্টি ক্ষমতালৈ অহাৰ সম্ভাৱনা ক্ষীণ।
সেয়ে এতিয়া যিগৰাকীয়ে প্ৰধানমন্ত্ৰীৰ দায়িত্ব পালন কৰিব তেওঁৰ ওপৰতে দলটোক শক্তিশালী কৰাৰ গুৰু দায়িত্ব পৰিব। বৰ্তমানৰ চৰকাৰৰ কাৰ্যকাল অন্ত পৰালৈ প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ বাবে চৰ্চালৈ অহা অনিতা আনন্দ বৰ্তমান দেশখনৰ পৰিবহণ মন্ত্ৰী।
তেওঁ ২০১৯ ৰ পৰা কানাডাৰ সাংসদ হৈ আছে। এটা তামিল পৰিয়ালত জন্মগ্ৰহণ কৰা অনিতাৰ মাতৃ এগৰাকী পাঞ্জাৱী মহিলা। অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী অনিতাই কানাডাৰ প্ৰতিৰক্ষা মন্ত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।
অনিতাৰ উপৰিও কানাডাৰ প্ৰধানমন্ত্ৰীৰ দৌৰত আছে আন এগৰাকী অক্সফ'ৰ্ডৰ প্ৰাক্তন ছাত্ৰী তথা কানাডাৰ বৰ্তমানৰ বৈদেশিক মন্ত্ৰী মেলানিয়া জলী। আনহাতে জাষ্টিন ট্ৰুডোৰ ঘনিষ্ঠ হিচাপে পৰিচিত উপ-প্ৰধানমন্ত্ৰী ক্ৰিষ্টিয়া ফ্ৰীলেণ্ডো আছে এই দৌৰত।
অৱশ্যে তেওঁ যোৱা ডিচেম্বৰতে উপ-প্ৰধানমন্ত্ৰীৰ দায়িত্বৰ পৰা পদত্যাগ কৰিছে। তেওঁৰ পদত্যাগৰ কাৰণ ৰাজহুৱা কৰা নাই যদিও প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৰ সৈতে হোৱা মতানৈক্যৰ বাবেই পদত্যাগ কৰিছিল বুলি চৰ্চা হৈছিল।
দলৰ বিপদৰ সময়ত পুনৰ এইগৰাকী ক্ৰিষ্টিয়া ফ্ৰীলেণ্ডো আগবাঢ়ি আহিছে। তেওঁ প্ৰধানমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিবলৈ আগ্ৰহী বুলি জানিব পৰা গৈছে। একেদৰে বেংক অফ কানাডাৰ গভৰ্ণৰ মাৰ্ক কাৰ্নি, বিজ্ঞান আৰু উদ্যোগ মন্ত্ৰী ফ্ৰাঙ্কোইছ ফিলিপ চেম্পেইনো প্ৰধানমন্ত্ৰী হবলৈ আগ্ৰহ প্ৰকাশ কৰিছে।
উল্লেখ্য যে, ২০১৩ চনত লিবাৰেল পাৰ্টি কানাডাৰ সংসদত তৃতীয় স্থানলৈ অৱনমিত হোৱাৰ পিছতে ট্ৰুডোৱে দলটোক নেতৃত্ব দিবলৈ আগবাঢ়ি আহিছিল। তেওঁ ২০১৫ চনৰ নিৰ্বাচনত দলটোক ক্ষমতালৈ ঘূৰাই আনিবলৈ সক্ষম হৈছিল।
তেতিয়াৰ পৰা, তেওঁ ৯ বছৰ ধৰি প্ৰধানমন্ত্ৰীৰ পদত আছে। কিন্তু তেওঁৰ জনপ্ৰিয়তা ক্ৰমান্বয়ে হ্ৰাস পাইছে। বৰ্তমান নিৰ্বাচন অনুষ্ঠিত হলে দলটোৰ পৰাজয় প্ৰায় নিশ্চিত বুলিয়েই ৰাজনৈতিক বিশেষজ্ঞসকলে দাবী কৰিছে।