/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-30/i2bghdg6/yuygygohiyhuihu.png)
বিশ্বৰ কোনখন দেশৰ নাগৰিকে সৰ্বাধিক ছেকেণ্ড হেণ্ড কাপোৰ ক্ৰয় কৰে জানেনে...
ডিজিটেল ডেস্কঃ সততে অসমৰ চহৰ, নগৰ অথবা গ্ৰামাঞ্চলৰ সপ্তাহিক বজাৰসমূহত এখন বিশেষ বজাৰ পৰিলক্ষিত হয়। চহৰ, নগৰত এফালে যিদৰে বিশাল অট্টালিকাত শ্বপিং মলবোৰত বিভিন্ন ব্ৰেণ্ডৰ ৰং, বিৰঙি কাপোৰসমূহ জিলিকি থাকে, ঠিক সেইদৰেই সপ্তাহিক বজাৰ সমূহতো কম মূল্যৰ সকোলোৱে ক্ৰয় কৰিব পৰাকৈ থাকে ৰং, বিৰঙি কাপোৰৰ দোকান।
কিন্তু এইসকলোৰে আঁতৰত এনে এখন বজাৰ থাকে য’ত সকলো শ্ৰেণীৰ নাগৰিক নাযায় যদিও সমাজৰ এচাম লোকে বৰ আগ্ৰহেৰে এই বজাৰত এবাৰ ভুমুকি মাৰে। এই বজাৰৰ কাপোৰ বোৰ ৰং, বিৰঙি জিলিক থকা বিধৰ নহয়। ইয়াৰ মূল্যও তেনেই কম।
তথাপিও এই বজাৰলৈ সকলো শ্ৰেণীৰ লোক নাহে। কিয়নো এই বাজৰৰ কাপোৰ বোৰ ছেকেণ্ড হেণ্ড। অৰ্থাৎ কোনোৱে পৰিধান কৰাৰ পাছত বিক্ৰী কৰি দিয়া কাপোৰা এইবোৰ। সেয়ে দৰিদ্ৰ সীমা ৰেখাৰো তলৰ একাংশইহে এই বজাৰলৈ যায় আৰু বিচাৰি বিচাৰি কম মূল্যত প্ৰয়োজনীয় কাপোৰ ক্ৰয় কৰি আনে।
কিন্তু আপুনি জানি আচৰিত হ'ব বিশ্বৰ এনে বহু উন্নতন দেশ আছে য'ত এনে ছেকেণ্ড হেণ্ড কাপোৰ বিনাদ্বিধাই ক্ৰয় কৰে। Statista Consumer Insights নামৰ এটা সংস্থাই বিশ্বজুৰি চলোৱা এক সমীক্ষাত পোহৰলৈ আহিছে এক আমোদজনক তথ্য। আমেৰিকা যুক্তৰাষ্ট্ৰ দৰে দেশৰো ৩০ শতাংশ লোকে পৰিধান কৰে ছেকেণ্ড হেণ্ডে কাপোৰ।
এই সমীক্ষা অনুসৰি বিশ্বৰ আটাইতকৈ সুখী মানুহৰ দেশ ফিনলেণ্ডৰ সৰ্বাধিক ৩৩ শতাংশ লোকে পৰিধান কৰে ছেকেণ্ড হেণ্ড কাপোৰ। তেওঁলোকে যোৱা এটা বছৰত ক্ৰয় কৰিছে পূৰ্বে আনে পৰিধান কৰি পুনৰ বিক্ৰী কৰি দিয়া কাপোৰ।
সেইদৰেই ইউৰোপীয় দেশ পোলেণ্ডৰো ৩৩ শতাংশ লোকে যোৱা এটা বছৰত ক্ৰয় কৰিছে ছেকেণ্ড হেণ্ড কাপোৰ। ছুইডেনৰো ৩০ শতাংশ লোকে পৰিধান কৰে এনে পোচাক।
বিশ্বৰ সৰ্ববৃহৎ অৰ্থনীতিৰ দেশ আমেৰিকা যুক্তৰাষ্ট্ৰতো পুৰণি কাপোৰৰ এখন ডাঙৰ বজাৰ আছে। এই বজাৰখনে আমেৰিকাৰ ৩০ শতাংশ মানুহক সামৰি লয়।
সমীক্ষাত প্ৰকাশ পোৱা অনুসৰি যোৱা এটা বছৰত দেশখনৰ ৩০ শতাংশ লোকে ছেকেণ্ড হেণ্ড কাপোৰ ক্ৰয় কৰিছে। চুপাৰ পাৱাৰ ফ্ৰান্স আৰু ব্ৰিটেইনৰ ২৯ শতাংশ নাগৰিকেও পৰিধান কৰে ছেকেণ্ড হেণ্ড কাপোৰ।
ভাৰতত ছেকেণ্ড হেণ্ড কাপোৰৰ এখন বজাৰ আছে যদিও এই বজাৰে কিমান মানুহক সামৰি লয় সেয়া অৱশ্যে পূৰ্বে জানিব পৰা হোৱা নাছিল। কিন্তু এই সমীক্ষাতে ভাৰতৰো ছেকেণ্ড হেণ্ড কাপোৰৰ বজাৰখনৰ এক আভাস পোৱা গৈছে।
বিশ্বৰ তৃতীয় বৃহৎ অৰ্থনীতি বুলি দাবী কৰা ভাৰতত ২৪ শতাংশ লোকে ছেকেণ্ড হেণ্ড কাপোৰ ক্ৰয় কৰে। যোৱা এটা বছৰত ২৪ শতাংশ লোকে ক্ৰয় কৰিছে ছেকেণ্ড হেণ্ড কাপোৰ। দিল্লী, মুম্বাইকে ধৰি কেইবাখনো মহানগৰত এনে ছেকেণ্ড হেণ্ড কাপোৰৰ বজাৰৰ বেছ জনপ্ৰিয়তাও আছে।
এই সমীক্ষাতে প্ৰকাশ পোৱা মতে জাৰ্মানীৰ ২১ শতাংশ, চীনৰ ১২ শতাংশ, জাপান আৰু দক্ষিণ কোৰিয়াৰ ১০ শতাংশকৈ লোকে পৰিধান কৰে ছেকেণ্ড হেণ্ড কাপোৰ। মন কৰিবলগীয়া যে, বিশ্বৰ বহু কেইখন দেশত আকৌ নাগৰিকে অপ্ৰয়োজনীয় পুৰণি কাপোৰ ৰাজহুৱা স্থানৰ কোনে এক নিৰ্দিষ্ট স্থানত ৰাখি আহে।
এই স্থানৰ পৰাই বিভিন্নজনে প্ৰয়োজন অনুসৰি আকৌ সেইবোৰ পৰিধান কৰিবলৈ লৈ যায়। শেহতীয়াকৈ ভাৰতলৈয়ো এই সংস্কৃতিৰ আমদানি ঘটিছে। ভাৰতৰ দৰে এখন দেশত অৱশ্যে এই সংস্কৃতিৰ আমদানিয়ে বহুতকে সকাহ দিব বুলিও ধাৰণা কৰা হৈছে।
Also Read: নৰ্থ বেংক মহাবিদ্যালয়ত নিযুক্তিৰ নামত পক্ষপাত আচৰণ অধ্যক্ষ যুগল শইকীয়াৰ