/asomiyapratidin/media/media_files/2025/03/11/1sN2iVwgAqeY34lMB1Vy.png)
ডিজিটেল ডেস্কঃ এখন অদ্ভুত আমেৰিকা গঢ়াৰ লক্ষ্যৰে এটাৰ পাছত এটাকৈ নিত্য নতুন সিদ্ধান্তৰে চৰ্চাত থকা ড’নাল্ড ট্ৰাম্পৰ এটা বাক্যই শেষ কৰি দিলে সকলো। মঙ্গলবাৰে পুৱা শ্বেয়াৰ বজাৰ মুকলি হোৱাৰ লগে লগেই বিনিয়োগকাৰীৰ মাজত লাগিল হুৱাদুৱা।
NASDAQ ৰ সূচক আজি হোৰাহোৰে হ্ৰাস পাইছে। হাহাকাৰ লাগিছে ৱাল ষ্ৰী টত। ইয়াৰ প্ৰভাৱ পৰিছে পশ্চিমীয়া কেইবাখনো দেশৰ লগতে ভাৰতৰ শ্বেয়াৰ বজাৰতো। হ্ৰাস পাইছে ছেনছেক্সৰ সূচক।
উল্লেখ্য যে, ২০২২ চনৰ পাছত সোমবাৰে প্ৰথমবাৰৰ বাবে NASDAQ ৰ সূচক সৰ্বাধিক হ্ৰাস পায়। S&P সূচক ফেব্ৰুৱাৰী মাহৰ উচ্চতম স্তৰৰ পৰা হ্ৰাস পাইছে ৮ শতাংশ। মন কৰিবলগীয়া যে, এনে পতনৰ মূলতে হৈছে ডনাল্ড ট্ৰাম্পৰ এটা বাক্য।
তেওঁ ফক্স নিউজিৰ এটা সাক্ষাতকাৰত আমেৰিকাৰ আৰ্থিক মন্দাৱস্থাৰ আশংকাক স্বীকাৰ কৰিছিল।ট্ৰামে এইদৰে আমেৰিকাৰ মন্দাৱস্থাৰ সম্ভাৱনাক স্বীকাৰ কৰি লোৱাৰ পাছতে ৱাল ষ্ট্ৰীটত ইয়াৰ প্ৰভাৱ পৰিলক্ষিত হৈছে।
দেওবাৰে ফক্স নিউজত এই সাক্ষাতকাৰ প্ৰকাশ পাইছিল। ইয়াৰ পাছত তেওঁ আমেৰিকাৰ অৰ্থনীতিৰ সন্দৰ্ভত কোনো মন্তব্য প্ৰকাশ কৰা নাছিল। ফলত আমেৰিকাৰ শ্বেয়াৰ বজাৰত বিনিয়োগকাৰীৰ মাজত উদ্বেগ বৃদ্ধি পাইছিল। তাৰেই ফলশ্ৰুতিত ৱাল ষ্ট্ৰীটত তাৰ প্ৰত্যক্ষ প্ৰভাৱ পৰে।
অৱশ্যে আমেৰিকাৰ শীৰ্ষ বিষয়াসকলে বিনিয়োগকাৰীসকলক শান্ত হৈ থাকিবলৈ আৰু আতংকিত নহ’বলৈ পৰামৰ্শ আগবঢ়াইছে। কিন্তু ট্ৰাম্পৰ মন্তব্যৰ পাছত বিনিয়োগকাৰীসকলে তেওঁলোকৰ বিনিয়োগ সুৰক্ষিত কৰি ৰখাৰ চেষ্টা কৰাত ব্যস্ত হৈ পৰিছে।
কেন্টাকিৰ বজাৰ বিশেষজ্ঞ ৰছ মেফিল্ডে ৰয়টাৰ্ছৰ আগত আশংকা কৰা মতে, ট্ৰাম্প প্ৰশাসনে শ্বেয়াৰ বজাৰৰ পতন ৰোধ কৰিবলৈ কোনো প্ৰচেষ্টা লোৱা নাই যেন অনুভৱ হৈছে। আনকি তেওঁলোকে নিজৰ লক্ষ্যত উপনীত হ’বলৈ মন্দাৱস্থাও মানি ল’ব পাৰে।
উল্লেখ্য যে, ফক্স নিউজৰ সেই বিশেষ সাক্ষাৎকাৰত আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীক সোধা হৈছিল যে তেওঁৰ নতুন শুল্ক নীতিয়ে দেশখনৰ অৰ্থনীতিত প্ৰভাৱ পেলাব নেকি? ইয়াৰ উত্তৰত ট্ৰাম্পে কৈছিল ‘‘মই তেনে কোনো ভৱিষ্যদ্বাণী কৰিবলৈ ভাল নাপাওঁ। আমি যি কৰি আছো সেয়া বহুত ডাঙৰ কাম। ফলত আমি এতিয়া এক পৰিৱৰ্তনৰ মাজেৰে পাৰ হৈছো। আমি আমেৰিকাৰ সম্পদ পুনৰ ঘূৰাই আনিছো’’।
এই লক্ষ্যত উপনীত হ’বলৈ কিছু সময় লাগিব বুলিও ট্ৰাম্পে স্বীকাৰ কৰে। আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীৰ এই মন্তব্যৰ পাছত সোমবাৰেই অস্থিৰ হৈ পৰে ৱাল ষ্ট্ৰীট। সোমবাৰে শ্বেয়াৰ বজাৰ বন্ধৰ সময়ত S&P ৰ সূচক ৫০০ (২.৭ শতাংশ) হ্ৰাস পাইছে।
যি যোৱা বছৰৰ ছেপ্টেম্বৰৰ পিছত সৰ্বনিম্ন বুলি চিহ্নিত হৈছে। ডাউ জ’নছ ইণ্ডাষ্ট্ৰিয়েল এভাৰেজো ২ শতাংশ হ্ৰাস পাইছে, যি যোৱা বছৰৰ ৪ নৱেম্বৰৰ পিছত সৰ্বনিম্ন। সোমবাৰে NASDAQ সূচকাংক ৪ শতাংশ হ্ৰাস পাই প্ৰায় ছমাহৰ ভিতৰত সৰ্বনিম্ন হয়।
ইলন মাস্কৰ টেছলাৰ শ্বেয়াৰৰ মূল্য প্ৰায় ১৫.৪ শতাংশ হ্ৰাস পাইছে। কৃত্ৰিম বুদ্ধিমত্তাৰ চিপ নিৰ্মাতা কোম্পানী এনভিডিয়াৰ শ্বেয়াৰৰ মূল্য ৫ শতাংশতকৈ অধিক হ্ৰাস পাইছে। ইয়াৰ উপৰিও মেটা, আমাজন, আলফাবেটৰ দৰে আগশাৰীৰ প্ৰযুক্তি কোম্পানীসমূহৰ শ্বেয়াৰৰ মূল্যও হ্ৰাস পাইছে।
মঙলবাৰে বজাৰ মুকলি হোৱাৰ সময়ত কেৱল আমেৰিকাতে নহয়, ভাৰত, জাপান, দক্ষিণ কোৰিয়া, অষ্ট্ৰেলিয়া আৰু ইউৰোপতো শ্বেয়াৰ বজাৰ হ্ৰাস পাইছে। মঙলবাৰে পুৱা ভাৰতত বজাৰ মুকলিৰ সময়ত ছেনছেক্সৰ মূল্য ৪০০ পইণ্ট হ্ৰাস পায়।
মঙলবাৰে পুৱা জাপানৰ নিকেই ২২৫ সূচকাংক (২.৫ শতাংশ), দক্ষিণ কোৰিয়াৰ ক’এছপিআই সূচকাংক ২.৩ শতাংশ আৰু অষ্ট্ৰেলিয়াৰ এছ এণ্ড পি/এএছএক্স ২০০ সূচকাংক (১.৮ শতাংশ) হ্ৰাস পাইছে। ইউৰোপীয় শ্বেয়াৰ বজাৰৰ সূচকাংক ষ্টকছ ৬০০ সূচকাংকতো সোমবাৰে ১.২৯ শতাংশ হ্ৰাস পাইছে।