মই এমাহ ক্ৰিকেট বেট হাতত লোৱা নাছিলো, মানসিকভাৱে ভাগি পৰিছিলোঃ বিৰাট কোহলী…

মই এমাহ ক্ৰিকেট বেট হাতত লোৱা নাছিলো, মানসিকভাৱে ভাগি পৰিছিলোঃ বিৰাট কোহলী…

author-image
asomiyapratidin
New Update
মই এমাহ ক্ৰিকেট বেট হাতত লোৱা নাছিলো, মানসিকভাৱে ভাগি পৰিছিলোঃ বিৰাট কোহলী…

ডিজিটেল ডেস্কঃ এমাহৰ বিৰতিত এছিয়া কাপৰ জৰিয়তে খেলপথাৰলৈ ঘূৰি আহিছে কিং কোহলী। বেট হাতত লৈ কোহলীয়ে দেওবাৰে নিশা পাকিস্তানৰ বিপক্ষে ১টা অভাৰ বাউণ্ডেৰী আৰু ৩টা বাউণ্ডেৰীৰে ৩৪টা বলত ৩৫ ৰাণ কৰে।

কোহলীয়ে সংবাদ মাধ্যমৰ আগত দিয়া ভাষ্য অনুসৰি তেওঁ এমাহ ধৰি খেলপথাৰৰ বাহিৰত আছিল। সেয়েহে তেওঁ ক্ৰিকেট বেট হাতত লোৱা নাছিল। লগতে কয় যে মই ভুল স্বীকাৰ কৰিবলৈ লাজ নকৰো, মোৰ দুৰ্বল ফৰ্মৰ বাবে মই হতাশা অনুভৱ কৰিছিলো। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ ১০ বছৰীয়া কেৰিয়াৰত মই এমাহ বেট হাতত নোলোৱাকৈ থাকি পোৱা নাছিলো।

উল্লেখ্য যে বিৰাট কোহলীয়ে প্ৰায় ৩বছৰ ধৰি শতকৰ মুখ দেখা নাই। অন্তিমটো শতক অৰ্জন কৰিছিল ২০১৯ চনৰ ২২ নৱেম্বৰত বাংলাদেশৰ বিপক্ষে। পৰৱৰ্তী সময়ত অনুৰাগী সকলে কিং কোহলীৰ পৰা ডাঙৰ ইনিংছ আশা কৰিছে।

আৰু পঢ়কঃ এছিয়া কাপ ২০২২ : ১৪৮ ৰাণৰ সহজ লক্ষ্য অনুসৰণ কৰি ৫ উইকেটত জয়লাভ ভাৰতৰ…

india bcci virat kohli