১০২০ দিনৰ অপেক্ষা ! অৱশেষত বিৰাটৰ বেটৰ পৰা আহিল শতক

৬১ টা বলত বিৰাটে কৰিলে ১২২ ৰাণ

author-image
Asomiya Pratidin
New Update
১০২০ দিনৰ অপেক্ষা ! অৱশেষত বিৰাটৰ বেটৰ পৰা আহিল শতক

VIRAT KOHLI VIRAT KOHLI

ডিজিটেল ডেস্কঃ ২০১৯ৰ পিছত ২০২২, সুদীৰ্ঘ অপেক্ষাৰ অন্ত পৰিল। অৱশেষত বিৰাটৰ বেটৰ পৰা আহিল শতকীয়া ইনিংছ। মুঠ ১০২০ দিন অপেক্ষাৰ অন্তত ৰাণ মেচিন হিচাপে পৰিচিত বিৰাটৰ বেটৰ পৰা আহিল তিনিটা সংখ্যাৰ ৰাণ।

Advertisment

২০২০ চনৰ ২৩ নৱেম্বৰত বাংলাদেশৰ বিৰুদ্ধে কলকাতাৰ ইডেন গাৰ্ডেনত অনুষ্ঠিত হোৱা দিবা-নৈশ টেষ্টত শেষবাৰৰ বাবে শতক অৰ্জন কৰিছিল বিৰাটে। তাৰ পিছত ক্ৰিকেটৰ কোনো এটা ফৰ্মেটতে শতকৰ মুখ দেখিবলৈ সক্ষম হোৱা নাছিল বিৰাট। কিন্তু বৃহস্পতিবাৰে ডুবাইত এছিয়া কাপৰ নিয়মৰক্ষাৰ মেচত আফগানিস্তানৰ বিৰুদ্ধে দুৰ্দান্ত ৰূপত দেখা গ'ল বিৰাটক।

মেচখনত কেৰিয়াৰৰ ৭১ তম শতক অৰ্জন কৰিলে বিৰাটে। ইয়াৰ লগে লগে আন্তঃৰাষ্ট্ৰীয় টি-২০ ফৰ্মেটত টীম ইণ্ডিয়াৰ হৈও বিৰাটে সংগ্ৰহ কৰিলে প্ৰথমটো শতক।

bcci ASIA CUP 2022 team india virat kohli