/asomiyapratidin/media/media_files/2024/12/16/K6WMT7yhcoBw5Fh54CK7.jpg)
ডিজিটেল ডেস্কঃ অকৃতজ্ঞতাৰ চূড়ান্ত নিদৰ্শন দাঙি ধৰিলে বাংলাদেশৰ বৈষম্য বিৰোধী ছাত্ৰ আন্দোলনৰ নেতাই। যি ভাৰতৰ বাবে বাংলাদেশৰ সৃষ্টি, যিখন ভাৰতৰ বাবে বঙালী জাতিৰ ভাষা, সংস্কৃতি, ঐতিহ্য চিৰ কাললৈ সুৰক্ষিত হ’ল সেই ভাৰতকেই এতিয়া প্ৰতি মুহূৰ্ততে আক্ৰমণ কৰাই মূল কাম হৈ পৰিছে বাংলাদেশৰ বৈষম্য বিৰোধী ছাত্ৰ আন্দোলনৰ নেতৃত্বৰ।
১৯৭১ ৰ যুদ্ধত পাকিস্তানক পৰাস্ত কৰিছিল ভাৰতীয় সেনাই। জন্ম হৈছিল স্বাধীন বাংলাদেশ। আজিৰ দিনটোতে সেই ঐতিহাসিক বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছিল বাবেই প্ৰতি বছৰে পালন কৰি অহা হৈছে বিজয় দিৱস।
আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ঐতিহাসিক সেই বিজয়ৰ কথা উল্লেখ কৰি সেনা বাহিনীৰ অবদানৰ কথাও তুলি ধৰে সামাজিক মাধ্যমত। পিছে নৰেন্দ্ৰ মোডীৰ এই ঐতিহাসিক ঘটনাৰ স্মৰণক হজম কৰিব পৰা নাই মৌলবাদীৰ ভৃত্য হৈ পৰা বাংলাদেশৰ বৈষম্য বিৰোধী ছাত্ৰ আন্দোলনৰ নেতৃত্বই।
সেয়ে তেওঁলোকৰ দাবী সেই যুদ্ধ আছিল বাংলাদেশৰ মুক্তি যুদ্ধ। অহংকাৰী হৈ পৰা এইসকল নেতাই ১৯৭১ ৰ যুদ্ধত ভাৰতৰ অৱদানকেই অস্বীকাৰ কৰিবলৈয়ো কুণ্ঠাবোধ নকৰিলে।
মন কৰিবলগীয়া যে, বাংলাদেশত এতিয়া ইতিহাস ধ্বংসত নিম্মজিত হৈছে অন্তৱৰ্তীকালীন চৰকাৰ। মুক্তিযুদ্ধ শব্দটোৱেই এক ইতিহাস। এই শব্দৰ সৈতে জড়িত হৈ আছে বঙ্গবন্ধু মুজিবুৰ ৰহমানৰ নাম।
১৯৭১ ৰ ৭ মাৰ্চত ঢাকাত মুজিবুৰ ৰহমানৰ সেই ঐতিহাসিক ভাষণত তেওঁ কৈছিল- সাত কোটি বঙালীক দমন কৰি ৰাখিব নোৱাৰিব। এইবাৰৰ সংগ্ৰাম মুক্তিৰ সংগ্ৰাম। এইবাৰৰ সংগ্ৰাম স্বাধীনতাৰ সংগ্ৰাম।
বঙ্গবন্ধু মুজিবুৰ ৰহমানৰ নেতৃত্বত মুছলমান, হিন্দু ধৰ্ম নিৰ্বিশেষে বঙালী ভাষী সকলো লোক মুক্তি যুদ্ধত জপিয়াই পৰিছিল। সেই মুজিবুৰ ৰহমানৰে সকলো স্মৃতি এতিয়া বাংলাদেশৰ পৰা মচি পেলোৱা হৈছে। তেওঁৰ প্ৰতিমূৰ্তি ভাঙি দিয়া হৈছে। পাঠ্যপুঁথিৰ পৰা আঁতৰাই দিয়া হৈছে মুজিবুৰ ৰহমান বিষয়ক পৃষ্ঠা।
মুজিবুৰ ৰহমানৰ স্মৃতি ধ্বংসত নামি পৰা দেশখনৰ নেতৃত্বই মুক্তি যুদ্ধত ভাৰতৰ অৱদানক নস্যাৎ কৰাত অৱশ্যে আচৰিত হ’বলগীয়াও একো নাই বুলি দাবী কৰিছে ৰাজনৈতিক বিশ্লেষকসকলে। ১৯৭১ ৰ ১৬ ডিচেম্বৰক স্মৰণ কৰি আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এক্সত লিখিছে-
"আজি বিজয় দিৱসৰ দিনা আমি ১৯৭১ চনত ভাৰতৰ ঐতিহাসিক বিজয়ত অৰিহণা যোগোৱা আমাৰ বীৰ সৈনিকসকলৰ সাহস আৰু ত্যাগক অভিবাদন জনাইছো। তেওঁলোকৰ নিস্বাৰ্থ ত্যাগ আৰু অটল সংকল্পই আমাৰ ৰাষ্ট্ৰক ৰক্ষা কৰিছিল আৰু গৌৰৱ কঢ়িয়াই আনিছিল। এই দিনটো তেওঁলোকৰ অসাধাৰণ বীৰত্ব আৰু অদম্য মনোভাৱৰ প্ৰতি এক শ্ৰদ্ধাঞ্জলি। তেওঁলোকৰ ত্যাগে প্ৰজন্মক চিৰদিনৰ বাবে অনুপ্ৰাণিত কৰিব আৰু আমাৰ দেশৰ ইতিহাসত সদায় স্মৰণীয় হৈ থাকিব।”
Today, on Vijay Diwas, we honour the courage and sacrifices of the brave soldiers who contributed to India’s historic victory in 1971. Their selfless dedication and unwavering resolve safeguarded our nation and brought glory to us. This day is a tribute to their extraordinary…
— Narendra Modi (@narendramodi) December 16, 2024
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ এই বাৰ্তা হজম নহ’ল বৈষম্য বিৰোধী ছাত্ৰ আন্দোলনৰ অন্যতম মূল নেতা হাছনাত আব্দুল্লাহৰ। তেওঁ মোডীৰ এই পোষ্টৰ এটা স্ক্ৰীণশ্ব'ট আপলোড কৰি লিখিছে-
"এয়া বাংলাদেশৰ মুক্তি যুদ্ধ। এই যুদ্ধ পাকিস্তানৰ বিৰুদ্ধে বাংলাদেশৰ স্বাধীনতাৰ বাবে হৈছিল। কিন্তু মোডীয়ে দাবী কৰিছিল যে, এয়া কেৱল ভাৰতৰ যুদ্ধ আৰু তেওঁলোকৰ সাফল্য। বাংলাদেশৰ অস্তিত্ব তেওঁৰ বক্তব্যত উপেক্ষা কৰা হৈছে। যদিও ভাৰতে এই স্বাধীনতাক নিজৰ সাফল্য বুলি দাবী কৰে, মই ইয়াক বাংলাদেশৰ স্বাধীনতা, সাৰ্বভৌমত্ব আৰু অখণ্ডতাৰ বাবে পোনপটীয়া ভাবুকি হিচাপে দেখিছো। ভাৰতৰ এই ভাবুকিৰ বিৰুদ্ধে আমি আমাৰ যুঁজ অব্যাহত ৰখাটো অতি প্ৰয়োজনীয়। আমি এই যুঁজ অব্যাহত ৰাখিব লাগিব।”
এয়াই আজিৰ বাংলাদেশৰ নেতৃত্ব। কৃতজ্ঞতা স্বীকাৰ কৰি নজনা এইসকল নেতাই এতিয়া দেশ শাসন কৰিছে। এয়াই তেওঁলোকৰ তথাকথিত স্বাধীনতা।
যি ভাৰতৰ বাবেই আজি মুকলিকৈ উশাহ ল’ব পাৰিছে, বক্তব্য ৰাখিব পাৰিছে সেই ভাৰতৰ অৱদানকেই অস্বীকাৰ কৰিছে ৰাজহুৱাকৈ। এইসকল নেতাৰ যে এই সাহস তেওঁলোকৰ পাছত থকা মৌলবাদী শক্তিৰ বাবেই বুলি দাবী কৰিছে একাংশ ৰাজনৈতিক বিশ্লেষকে।