Advertisment

আমেৰিকাত অবৈধভাবে বাস কৰা ভাৰতীয়ক স্বদেশলৈ ঘূৰাই পঠিয়ালে ট্ৰাম্পে...

ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱাৰ পাছতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা অবৈধ নাগৰিকক বিতাৰণৰ কথা ঘোষণা কৰিছিল ড’নাল্ড ট্ৰাম্পে। কথা মতেই কাম। দেশখনৰ পৰা বিতাৰণ কৰিছে অবৈধ নাগৰিকক।

author-image
Asomiya Pratidin
New Update
আমেৰিকাত অবৈধভাবে বাস কৰা ভাৰতীয়ক স্বদেশলৈ ঘূৰাই পঠিয়ালে ট্ৰাম্পে...

ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱাৰ পাছতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা অবৈধ নাগৰিকক বিতাৰণৰ কথা ঘোষণা কৰিছিল ডনাল্ড ট্ৰাম্পে। কথা মতেই কাম।

Advertisment

ৰাষ্ট্ৰপতি হিচাপে দায়িত্ব গ্ৰহণৰ পাছতে এতিয়া আমেৰিকাৰ পৰা অবৈধ নাগৰিক বিতাৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে ডনাল্ড ট্ৰাম্পে। আমেৰিকাৰ পৰা বিতাৰিত হোৱা এই অবৈধ নাগৰিকসকলৰ ভিতৰত আছে ভাৰতৰ বহু হাজাৰ নাগৰিক।

ইতিমধ্যে আমেৰিকাৰ পৰা এখন সেনাৰ বিমানে দেশখনত বাস কৰি থকা ভাৰতৰ অবৈধ নাগৰিকক লৈ ভাৰত অভিমুখে উৰা মাৰিছে। নাম প্ৰকাশত অনিচ্ছুক আমেৰিকাৰ সংশ্লিষ্ট কৰ্তৃত্বশীল এগৰাকী বিষয়াই ৰয়টাৰ্ছৰ আগত প্ৰকাশ কৰা মতে C-17 সেনা বিমানৰ জৰিয়তে প্ৰবাসী ভাৰতীয়সকলক লৈ ভাৰত অভিমুখে ৰাওনা হৈছে।

উল্লেখ্য যে, নিৰ্বাচনী প্ৰচাৰতো ডনাল্ড ট্ৰাম্পে ক্ষমতালৈ আহিলে আমেৰিকাত বাস কৰি থকা অবৈধ নাগৰিকক বিতাৰিত কৰা হ'ব বুলি ঘোষণা কৰিছিল। সেই মতেই ট্ৰাম্পে তেওঁৰ কথা ৰাখিছে।

এতিয়ালৈকে মুঠ ৬ খন বিমানত আমেৰিকাত বাস কৰি থকা অবৈধ নাগৰিকক লেটিন আমেৰিকালৈ প্ৰেৰণ কৰিছে। ইয়াৰে চাৰিখন চি-১৭ বিমানে গোৱাটেমালাত অৱতৰণ কৰিলে যদিও আন দুখন বিমানক অৱতৰণ কৰিব নিদিলে।

জানিব পৰা মতে  এই বিমান দুখন আছিল মালবাহী বিমান। সেয়ে গোৱাটেমালাৰ পৰা আন দুখন যাত্ৰীবাহী বিমান প্ৰ্ৰেৰণ কৰি আমেৰিকাত বাস কৰি থকা লোকসকলক স্বদেশলৈ ঘূৰাই অনা হয়।

মন কৰিবলগীয়া যে, আমেৰিকাৰ পৰা প্ৰবাসী ভাৰতীয়ক লৈ উৰা মৰা বিমানখনত প্ৰকৃততে কিমান ভাৰতীয় আছে সেয়া এতিয়াও স্পষ্ট হোৱা নাই। কিন্তু ট্ৰাম্প ক্ষমতালৈ অহাৰ পাছৰে পৰা ১৭০০ অবৈধ প্ৰবাসী ভাৰতীয়ক জিম্মাত লৈছে আমেৰিকা প্ৰশাসনে। সেয়ে এই লোকসকলক ভাৰতলৈ প্ৰেৰণ কৰা হৈছে বুলি অনুমান কৰা হৈছে।

দেশখনৰ প্ৰশাসনে এতিয়ালৈকে বিভিন্ন দেশৰ প্ৰায় ১৫ লাখ অবৈধ নাগৰিকৰ তালিকা প্ৰস্তুত কৰিছে। এই তালিকাৰ ভিত্তিতে অবৈধ নাগৰিকসকলক বিতাৰণ কৰা হ'ব।

দেশখনত বৰ্তমান ভাৰতৰ প্ৰায় ৭.২৫ লাখ লোকে অবৈধ ভাৱে বাস কৰি থকা বুলি অনুমান কৰা হৈছে। ইয়াৰ ভিতৰত ১৮ হাজাৰ লোকক ইতিমধ্যে চিনাক্ত কৰা হৈছে। ইয়াৰে এটা অংশক সেনাৰ চি-১৭ বিমানৰ জৰিয়তে ভাৰতলৈ প্ৰেৰণ কৰা হৈছে। 

আমেৰিকা ড'নাল্ড ট্ৰাম্প