মুম্বাই আক্ৰমণৰ অভিযুক্ত তাহৱাৰ ৰাণাক আমেৰিকাই গতাই দিব ভাৰতক...

আমেৰিকা যুক্তৰাষ্ট্ৰৰ উচ্চতম ন্যায়ালয়ে মুম্বাই আক্ৰমণৰ অন্যতম অভিযুক্ত তাহৱাৰ ৰাণাক ভাৰতলৈ প্ৰত্যৰ্পণত অনুমোদন জনাইছে। ৰাণাৰ হৈ দাখিল কৰা পুনৰীক্ষণ আৱেদন খাৰিজ কৰি এই ৰায় প্ৰদান কৰিছে।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
মুম্বাই আক্ৰমণৰ অভিযুক্ত তাহৱাৰ ৰাণাক আমেৰিকাই গতাব ভাৰতক...

ডিজিটেল ডেস্কঃ আমেৰিকা যুক্তৰাষ্ট্ৰৰ উচ্চতম ন্যায়ালয়ে মুম্বাই আক্ৰমণৰ অন্যতম অভিযুক্ত তাহৱাৰ ৰাণাক ভাৰতলৈ প্ৰত্যৰ্পণত অনুমোদন জনাইছে। ৰাণাৰ হৈ দাখিল কৰা পুনৰীক্ষণ আৱেদন খাৰিজ কৰি এই ৰায় প্ৰদান কৰিছে।

Advertisment

পাকিস্তানী মূলৰ কানাডিয়ান নাগৰিক ৰাণাক ভাৰতে ২০০৮ চনৰ মুম্বাই সন্ত্ৰাসবাদী আক্ৰমণৰ গোচৰত বিচাৰি আছিল। ভাৰতলৈ প্ৰত্যৰ্পণৰ পৰা ৰক্ষা পাবলৈ ৰাণাৰ এয়া অন্তিম আইনী সুযোগ আছিল।

ইয়াৰ পূৰ্বে  তেওঁ ছান ফ্ৰান্সিস্কোৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ আদালতকে ধৰি বিভিন্ন ফেডাৰেল আদালতত আইনী যুঁজত পৰাস্ত হৈছিল। ১৩ নৱেম্বৰত, ৰাণাই আমেৰিকা যুক্তৰাষ্ট্ৰৰ উচ্চতম ন্যায়ালয়ত "চাৰ্টিঅ'ৰেৰীৰ ৰিটৰ বাবে আবেদন" দাখিল কৰিছিল। এই আবেদনখন আদালতে ২১ জানুৱাৰীত খাৰিজ কৰে।

৬৪ বছৰীয়া ৰাণাক বৰ্তমান লছ এঞ্জেলছৰ মেট্ৰ'পলিটান ডিটেনচন চেণ্টাৰত ৰখা হৈছে। ইয়াৰ পূৰ্বে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ চৰকাৰে আদালতত যুক্তি দিছিল যে ৰাণাৰ আবেদন খাৰিজ কৰা উচিত।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ছলিচিটৰ জেনেৰেল এলিজাবেথ বি প্ৰেলগাৰে ১৬ ডিচেম্বৰত উচ্চতম ন্যায়ালয়ত দাখিল কৰা নথিত কৈছিল ৰাণাক এই গোচৰটোত ভাৰতলৈ প্ৰত্যৰ্পণ কৰিব লাগে।

ৰাণাই যুক্তি দিছিল যে চিকাগোৰ উত্তৰ জিলা আদালতত একেটা ঘটনাৰ বাবে তেওঁক ইতিমধ্যে বিচাৰ কৰি নিৰ্দোষী বুলি ৰায় দিছিল। আমেৰিকা যুক্তৰাষ্ট্ৰৰ চৰকাৰে আদালতত কয় ভাৰতৰ কিছুমান অভিযোগ আমেৰিকা যুক্তৰাষ্ট্ৰৰ গোচৰৰ পৰিকাঠামোৰ বাহিৰত।

উল্লেখ্য যে, ৰাণা মুম্বাই আক্ৰমণৰ মুখ্য ষড়যন্ত্ৰকাৰী পাকিস্তানী-আমেৰিকান সন্ত্ৰাসবাদী ডেভিড কোলমেন হেডলীৰ অন্যতম সহযোগী। ২০০৮ চনৰ মুম্বাই আক্ৰমণত ১০ জন পাকিস্তানী সন্ত্ৰাসবাদীয়ে আক্ৰমণ চলাই ছয়জন আমেৰিকান নাগৰিকসহ ১৬৬ জন লোকক হত্যা কৰিছিল। ন্যায়ালয়ৰ ৰায়দানৰ পিছত, ৰাণাক ভাৰতলৈ প্ৰত্যৰ্পণ কৰাৰ প্ৰক্ৰিয়া দ্ৰুতগতিত আৰম্ভ হ'ব বুলি আশা কৰা হৈছে।

 

মুম্বাই আমেৰিকা যুক্তৰাষ্ট্ৰ আমেৰিকা