পাকিস্তানৰ সেনা প্ৰধান অছিম মুনীৰলৈ আমেৰিকাৰ বিদেশ মন্ত্ৰীৰ ফোনঃ পুনৰ উত্তেজনা হ্ৰাস কৰাৰ পৰামৰ্শ

আমেৰিকাৰ বিদেশ মন্ত্ৰী আৰ্কো ৰুবিঅ’ই পাকিস্তানৰ সেনা প্ৰধান অছিম মুনীৰৰ সৈতে শুকুৰবাৰে টেলিফোনৰ জৰিয়তে কথা পাতি এই উত্তেজনা হ্ৰাস কৰাৰ বাবে পথ উলিয়াবলৈ পৰামৰ্শ দিছে। 

author-image
Tushar Pratim
New Update
পাকিস্তানৰ সেনা প্ৰধান অছিম মুনীৰলৈ আমেৰিকাৰ বিদেশ মন্ত্ৰীৰ ফোনঃ পুনৰ উত্তেজনা হ্ৰাস কৰাৰ পৰামৰ্শ

ডিজিটেল ডেস্কঃ ভাৰত আৰু পাকিস্তানৰ মাজৰ যুদ্ধ উত্তেজনা হ্ৰাস কৰিবলৈ পুনৰ পাকিস্তানক পৰামৰ্শ দিছে আমেৰিকাই। আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ মন্ত্ৰী আৰ্কো ৰুবিঅ’ই পাকিস্তানৰ সেনা প্ৰধান অছিম মুনীৰৰ সৈতে শুকুৰবাৰে টেলিফোনৰ জৰিয়তে কথা পাতি এই উত্তেজনা হ্ৰাস কৰাৰ বাবে পথ উলিয়াবলৈ পৰামৰ্শ দিছে। 

Advertisment

আমেৰিকাৰ স্থানীয় সময় শুকুৰবাৰে পাকিস্তানৰ সেনা প্ৰধানৰ সৈতে টেলিফোনৰ জৰিয়তে কথা পাতে। এই সময়তে তেওঁ উত্তেজনা হ্ৰাস কৰাৰ উপায় বিচাৰিবলৈ কৈ প্ৰয়োজন হ’লে আমেৰিকাই এই ক্ষেত্ৰত সহায় কৰিবলৈ সাজু বুলিও কয়। ভৱিষ্যতে এনে সংঘাতৰ পৰা হাত সাৰিবলৈ আলোচনা চলাই নিয়াৰো পৰামৰ্শ দিয়ে। 

উল্লেখ্য যে, পেহেলগামৰ ঘটনাৰ পাছৰে পৰা অপাৰেচন সিন্দূৰ অব্যাহত থকালৈকে আমেৰিকাই ভাৰত আৰু পাকিস্তানলৈ কূটনীতৈক বাৰ্তা প্ৰেৰণ কৰিছে। পেহেলগাম কাণ্ডৰ পিছতে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে সন্ত্ৰাসবাদী আক্ৰমণক গৰিহণা দিছে। 

দেশখনৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভ্যান্সেও একে বাৰ্তা প্ৰেৰণ কৰিছিল। ৰুবিঅ’ই ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰ আৰু পাকিস্তানৰ বৈদেশিক মন্ত্ৰী ইছহাক দাৰৰ সৈতে একাধিকবাৰ কথা পাতিছে। কিন্তু শুকুৰবাৰে তেওঁ পাকিস্তানৰ বৈদেশিক মন্ত্ৰীক ফোন কৰাৰ পৰিৱৰ্তে পোনপটীয়াকৈ সেনা প্ৰধানক ফোন কৰা বিষয়টোৱে বিশেষ ইংগিত বহন কৰিছে। বহুতেই ইয়াক অস্বাভাৱিক আখ্যা দিছে। 

ভাৰতৰ ‘অপাৰেচন সিন্দূৰ’ৰ প্ৰতিক্ৰিয়া স্বৰূপে শনিবাৰে পুৱা পাকিস্তানে ‘অপাৰেচন বুনয়ান-উন-মাছুৰ’ ঘোষণা কৰে। এই অভিযানৰ অধীনত ভাৰতত একাধিক আক্ৰমণ সংঘটিত হোৱা বুলি দাবী কৰা হৈছে। পাকিস্তানেও ভাৰতৰ বিদ্যুৎ কেন্দ্ৰত চাইবাৰ আক্ৰমণৰ দাবী উত্থাপন কৰিছে। 

শনিবাৰেও জম্মু-কাশ্মীৰৰ বৃহৎ অঞ্চলত কাকভোৰাৰ পৰা গুলী চালনা অব্যাহত থাকে। জম্মুৰ শম্ভু মন্দিৰত পাকিস্তানে গোলাবৰ্ষণ কৰিছে। ৰাজৌৰীত পাকিস্তানৰ গোলাবৰ্ষণত নিহত হৈছে চৰকাৰী জ্যেষ্ঠ বিষয়াসহ তিনিজন লোক। 

পাকিস্তানৰ সংবাদ মাধ্যমে দাবী কৰিছে যে ভাৰতে পাকিস্তানক আক্ৰমণ কৰিছে। ভাৰতীয় ক্ষেপণাস্ত্ৰই পাকিস্তানৰ তিনিটা বিমান ঘাটিত আঘাত কৰাৰো দাবী কৰিছে পাকিস্তানে। ইয়াৰ ভিতৰত ৰাৱালপিণ্ডিত নূৰ খান, সিন্ধ প্ৰদেশৰ চুক্কুৰ, চকৱালৰ মুৰিদ এয়াৰবেছ আদি। 

ইফালে ভাৰতে আনুষ্ঠানিকভাৱে পাকিস্তানৰ সামৰিক ঘাটি ধ্বংস কৰাৰ কথা প্ৰকাশ কৰিছে। লগতে ভাৰতে এই কথাও স্পষ্ট কৰিছে যে, ভাৰতে পাকিস্তানৰ কোনো অসামৰিক অঞ্চলক লক্ষ্য কৰি লোৱা নাই।  

 

আমেৰিকা পাকিস্তান