ডিজিটেল ডেস্কঃ আমেৰিকা যুক্তৰাষ্ট্ৰই সম্প্ৰতি ১,৪৪০ টাকৈ ভাৰতীয় পুৰাতাত্বিক সামগ্ৰী ভাৰতক ঘূৰাই দিয়াৰ আনুষ্ঠানিকতা সম্পন্ন কৰিছে। এই পুৰাতাত্বিক সামগ্ৰীসমূহৰ মুঠ মূল্য ১০ মিলিয়ন ডলাৰ অৰ্থাৎ ১০০ কোটি টকা। এইসমূহৰ ভিতৰত আছে দুটা অতি গুৰুত্বপূৰ্ণ মূৰ্তি।
ইয়াৰে এটা হৈছে ১৯৮০ ৰ দশকত মধ্য প্ৰদেশৰ এটা মন্দিৰৰ পৰা চুৰি হোৱা ছেণ্ডষ্টোনৰ মূৰ্তি। আনহাতে আন এটা মূৰ্তি হৈছে ১৯৬০ ৰ দশকত ৰাজস্থানৰ তানেছৰা গাঁৱৰ পৰা চোৰ হোৱা সেউজীয়া ধূসৰ বৰণৰ তানেছৰা মাডাৰ গডেছৰ মূৰ্তি।
এই মূৰ্তিসমূহ ভাৰতীয় কনচুলেটৰ মনীষ কুলহাৰী আৰু নিউয়ৰ্ক হোমলেণ্ডৰ ছিকিউৰিটি ইনভেষ্টিগেছন আলেকজেণ্ডাৰ ডিআৰ্মাছৰ উপস্থিতিত এক অনুষ্ঠানৰ জৰিয়তে হস্তান্তৰ কৰা হয়।
উল্লেখ্য যে, মধ্যপ্ৰদেশৰ পৰা ১৯৮০ ৰ দশকত চুৰি হোৱা মূৰ্তিটো প্ৰথমে প্ৰেৰণ কৰা হৈছিল লণ্ডনলৈ। এই মূৰ্তিটো চোৰে দুটা ভাগত বিভিক্ত কৰিছিল। পাছত ১৯৯২ চনত লণ্ডনৰ পৰা আমেৰিকালৈ অবৈধভাৱে প্ৰেৰণ কৰা হয়।
তাৰ পাছত আমেৰিকাৰ মেট্ৰ'পলিটান সংগ্ৰহালয়ত এই মূৰ্তি প্ৰদৰ্শন কৰা হৈছিল। ৰাজস্থানৰ তানেছৰা গাঁৱৰ পৰা চুৰি হোৱা তানেছৰা মাডাৰ গডেছৰ মূৰ্তিটো প্ৰথমে নিউয়ৰ্কলৈ অনা হৈছিল তাৰ পাছত এই মূৰ্তি মেট্ৰ'পলিটান সংগ্ৰহালয়ত প্ৰদৰ্শন কৰা হয়।
ভাৰতৰ পৰা বিভিন্ন সময়ত চোৰাং কৈ সৰবৰাহ হোৱা এই অমূল্য পুৰাতাত্বিক সামগ্ৰীসমূহ ভাৰত চৰকাৰে শেহতীয়াকৈ স্বদেশলৈ ঘূৰাই অনাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছিল। সেই পদক্ষেপৰ অংশ হিচাপেই প্ৰায় ১,৪৪০ টা সামগ্ৰী ভাৰতলৈ প্ৰেৰণ কৰাৰ আনুষ্ঠানিকতা সম্পন্ন হৈছে।
আমেৰিকাৰ পৰা ভাৰতলৈ ঘূৰাই আনিবলৈ লোৱা এই পুৰাতাত্বিক সামগ্ৰীসমূহ মুখ্যতঃ ভাৰতীয় পুৰাতত্ব চোৰাং ব্যৱসায়ী ছাবস কাপুৰ আৰু নেন্সি উইনাৰৰ অপৰাধমূলক চক্ৰৰ মাধ্যমেৰে চোৰাং সৰবৰাহ হৈছিল।
এইসমূহ পুৰাতাত্বিক সামগ্ৰীৰ উপৰিও আন ৬০০ টা পুৰাতাত্বিক সামগ্ৰী শীঘ্ৰেই ভাৰতলৈ প্ৰেৰণ কৰাৰ আন এক আনুষ্ঠানিকতা সম্পন্ন কৰা হ'ব বুলিও জানিব পৰা গৈছে। এই ৬০০ পুৰাত্বাত্বিক সামগ্ৰীৰ মূল্যও ১০ মিলিয়ন ডলাৰ।