/asomiyapratidin/media/media_files/2025/03/08/AgBQqEZ1lLcUqVsSFGRf.jpg)
ডিজিটেল ডেস্কঃ ''ভাৰতৰ অত দিনৰ কীৰ্তি ফাদিল কৰি দিছো। এইবাৰ নতুন দিল্লীয়ে শুক্ল হ্ৰাস কৰিবলৈ বাধ্য হ'ব।'' শুকুৰবাৰে হোৱাইট হাউচৰ অভাল অফিচৰ পৰা এইদৰেই ভাৰতক তীব্ৰ কটাক্ষ কৰিলে ড'নাল্ড ট্ৰাম্পে।
আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে দ্বিতীয়বাৰলৈ ক্ষমতালৈ অহাৰ পাছতে বাণিজ্য বিষয়ক লৈ অন্যান্য দেশৰ লগতে ভাৰতৰ সৈতেও নানান মত বিৰোধ হৈছে ট্ৰাম্পৰ। ট্ৰাম্পে দাবী কৰিছে আমেৰিকাৰ সামগ্ৰীৰ ক্ষেত্ৰত ভাৰতে অত্যাধিক শুল্ক আদায় কৰে।
সেয়ে ভাৰতৰ বজাৰত আমেৰিকান সামগ্ৰীয়ে বাণিজ্য কৰিবই নোৱাৰে। শেহতীয়াকৈ নৰেন্দ্ৰ মোডীয়ে আমেৰিকা ভ্ৰমণ কৰি ট্ৰাম্পৰ সৈতে আলোচনাত মিলিত হৈছে যদিও ভাৰতে এই পৰ্যন্ত আমেৰিকান সামগ্ৰীৰ ওপৰত আৰোপ কৰা অত্যাধিক কৰ হ্ৰাস কৰা নাই।
সেয়ে শুকুৰবাৰে হোৱাইট হাউচৰ অভাল অফিচৰ পৰা ট্ৰাম্পে শুল্ক নীতিক লৈ তেওঁ সমালোচিত হৈ থকাৰ মাজতে ভাৰতৰ স্বৰূপ উদঙাই দিছো বুলি মন্তব্য কৰিছে। তেওঁ কয়, ''মই আহি ভাৰতৰ অত দিনৰ কীৰ্তি ফাদিল কৰি দিছো। এইবাৰ নতুন দিল্লীয়ে শুল্ক হ্ৰাস কৰিবলৈ বাধ্য হ'ব।''
তেওঁ কয়, ''আমেৰিকাৰ সামগ্ৰীৰ ওপৰত ভাৰতে আৰোপ কৰা শুল্ক হ্ৰাস কৰিবলৈ সাজু হৈছে ভাৰত।'' ট্ৰাম্পে আৰু কয়, ''ভাৰতে আমাৰ পৰা বিপুল পৰিমাণৰ কৰ লয়। আমি ভাৰতত কৰৰ বাবেই একো বিক্ৰী কৰিবই নোৱাৰো। কিন্তু তেওঁলোকে এতিয়া শুল্ক হ্ৰাস কৰিবলৈ ৰাজি হৈছে। কাৰণ অত দিনে তেওঁলোকে (ভাৰতে) যি কৰি আহিছে সেই কীৰ্তি ফাদিল কৰি দিছো।''
কেৱল ভাৰতেই নহয় আন কেইবাখনো দেশকো তেওঁলোকৰ দুমুখীয়া স্থিতিৰ বাবে সমালোচনা কৰিছে। তেওঁ কয়, ''ইউৰোপীয় ইউনিয়নৰ পৰা আৰম্ভ কৰি চীন, ব্ৰাজিল, আমেৰিকাৰ প্ৰতিবেশী মেক্সিকো, কানাডা আদি দেশে আমেৰিকাৰ সামগ্ৰীৰ পৰা বিপুল পৰিমাণৰ শুল্ক আদায় কৰি আহিছে। ভাৰতত আমেৰিকাৰ সামগ্ৰীৰ ওপৰত আৰোপ কৰা শুল্কৰ পৰিমাণ ১০০ শতাংশৰো অধিক। কোনো কোনো সামগ্ৰীত আকৌ প্ৰায় ২০০ শতাংশ অধিক শুল্ক আদায় কৰি আহিছে নতুন দিল্লীয়ে।'' সেয়ে ভাৰতৰ এনে শুল্ক নীতিক অন্যায় আখ্যা দিছে ট্ৰাম্পে।
আমেৰিকাৰ প্ৰতি বিভিন্ন দেশে গ্ৰহণ কৰা এই শুল্কনীতিৰ বিৰুদ্ধে পাৰস্পৰিক শুল্ক আৰোপৰ কথা উল্লেখ কৰিছে ট্ৰাম্পে। অৰ্থাৎ যিবোৰ দেশে আমেৰিকাৰ সামগ্ৰীত অত্যাধিক শুল্ক আদায় কৰিব সেই দেশৰ সামগ্ৰীৰ ওপৰতো অত্যাধিক শুল্ক আৰোপ কৰিব আমেৰিকাই।
এই নীতি অহা ২ এপ্ৰিলৰ পৰা আৰম্ভ কৰিব ৱাশ্বিংটন ডিচিয়ে। সেয়ে ইতিমধ্যে ভাৰতীয় সামগ্ৰীতো যে অত্যাধিক শুল্ক আৰোপ কৰিব সেয়া স্পষ্ট হৈছে। উল্লেখ্য যে, নৰেন্দ্ৰ মোডীৰ সৈতে দ্বিপাক্ষীক বৈঠকৰ পাছতে যৌথ সংবাদ মেল সম্বোধন কৰাৰ সময়তো ভাৰতৰ শুল্ক নীতিক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছিল ট্ৰাম্পে।
তেওঁ কৈছিল ভাৰতে আমেৰিকান সামগ্ৰীৰ পৰা যি পৰিমাণৰ শুল্ক আদায় কৰিছে সেয়া অতি অন্যায়। আমি তেওঁলোকক দোষ দিয়া নাই, কিন্তু এইদৰে বাণিজ্য কৰা কঠিন। ভাৰতৰ শুল্ক নীতিৰ বাবেই ভাৰতত সামগ্ৰী বিক্ৰী কৰাটো কঠিন।
মন কৰিবলগীয়া যে, ২০২৪ চনত ভাৰত আৰু আমেৰিকাৰ মাজত মুঠ ১২ হাজাৰ কোটি ডলাৰ অৰ্থাৎ ভাৰতীয় মুদ্ৰাৰ হিচাপত ১১ লাখ কোটি টকাৰ বাণিজ্য হৈছে। তাৰ ভিতৰত ভাৰতলৈ ৪,১০০ কোটি ডলাৰৰ সামগ্ৰী ৰপ্তানি কৰিছে আমেৰিকাই। ২০২৩ চনৰ তুলনাত ২০২৪ ত আমেৰিকাৰ সামগ্ৰী ৰপ্তানিৰ পৰিমাণ হ্ৰাস পাইছে। ২০২৩ ত আমেৰিকাই ভাৰতলৈ সামগ্ৰী ৰপ্তানি কৰিছিল ৪,৫০০ কোটি ডলাৰ।