৩ আমেৰিকান চিকিৎসকে সফলতাৰে সমাপণ কৰিলে খালেদা জিঞাৰ জটিল যকৃৎ সংৰোপণৰ অস্ত্ৰোপচাৰ...

৩ আমেৰিকান চিকিৎসকে সফলতাৰে সমাপণ কৰিলে খালেদা জিঞাৰ জটিল যকৃৎ সংৰোপণৰ অস্ত্ৰোপচাৰ...

author-image
Asomiya Pratidin
New Update
৩ আমেৰিকান চিকিৎসকে সফলতাৰে সমাপণ কৰিলে খালেদা জিঞাৰ জটিল যকৃৎ সংৰোপণৰ অস্ত্ৰোপচাৰ...

৩ আমেৰিকান চিকিৎসকে সফলতাৰে সমাপণ কৰিলে খালেদা জিঞাৰ জটিল যকৃৎ সংৰোপণৰ অস্ত্ৰোপচাৰ...

ডিজিটেল সংবাদ ঢাকাঃ আমেৰিকা যুক্তৰাষ্ট্ৰৰ তিনিগৰাকী চিকিৎসকৰ তত্বাৱধানত ঢাকাৰ এখন ব্যক্তিগত হাস্পতালত সফলতাৰে সংৰোপণ হ'ল খালেদা জিঞাৰ দেহত কৃত্ৰিম যকৃৎ। উল্লেখ্য, দীৰ্ঘদিনে যকৃৎজনিত ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল বাংলাদেশৰ মূল বিৰোধী দল বাংলাদেশ নেচনেলিষ্ট পাৰ্টীৰ অধ্যক্ষ খালেদা জিঞা।

Advertisment

তাৰ মাজতে পৰিয়ালৰ তৎপৰতাত আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা অহা ৩ গৰাকী বিশেষজ্ঞ চিকিৎসকে কৃত্ৰিম যকৃৎ সংৰোপণৰ অস্ত্ৰোপচাৰ যাক চমুকৈ TIPS বুলি যায় সেই অস্ত্ৰোপচাৰ শুকুৰবাৰে সফলতাৰে সম্পন্ন কৰে। পেট আৰু বুকুত পানী জমা হোৱা বন্ধ কৰিবৰ বাবে খালেদা জিঞাক সুস্থ কৰি তুলিবৰ বাবে এই TIPS ৰ অতি প্ৰয়োজন আছিল বুলি মেডিকেল ব'ৰ্ডৰ এগৰাকী চিকিৎসকে প্ৰকাশ কৰিছে।

এই সদস্যজনে লগতে কয় যে, সফলতাৰে অস্ত্ৰোপচাৰ সম্পন্ন হোৱাৰ পাছত তেওঁক এতিয়া এভাৰকেয়াৰ নামৰ ব্যক্তিগত হাস্পতালখনৰ কেৰোনেৰী কেয়াৰ ইউনিটত তীক্ষ্ণ নজৰত ৰখা হৈছে।

চিকিৎসকগৰাকীৰ ভাষ্য অনুসৰি বাংলাদেশত যকৃৎ সংৰোপণ সম্ভৱ নহয়। TIPS হৈছে বাংলাদেশত উপলব্ধ জীৱন ৰক্ষাকাৰী এক প্ৰক্ৰিয়া। প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ চিকিৎসাৰ বাবে বুধবাৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ দুজন চিকিৎসক আহি ঢাকাত উপস্থিত হৈছিল। ইয়াৰ পূৰ্বেই আন এক উদ্দেশ্যৰে ঢাকাত থকা আন এগৰাকী আমেৰিকান চিকিৎসকৰ সৈতে যোগোযোগ কৰে।

সেই মতে তিনিওগৰাকী একত্ৰিত হৈ এই জটিল অস্ত্ৰোপচাৰ সফলতাৰে সম্পূৰ্ণ কৰে। এই চিকিৎসক কেইজন ক্ৰমে ক্ৰিষ্টোছ জৰ্জিয়াডেছ, জেমছ পিটাৰ এডাম হেমিল্টন আৰু হামিদ আহমেদ আব্দুৰ ৰাব।

স্মৰ্তব্য, যোৱা ৯ অক্টোবৰত এক সংবাদ মেলত খালেদাৰ চিকিৎসা পৰিষদে তাৎক্ষণিকভাৱে যকৃৎ সংৰোপণৰ পৰামৰ্শ দিছিল। কিয়নো তেওঁক সুস্থ কৰি তুলিবৰ বাবে বাংলাদেশত উপলব্ধ সকলো চিকিৎসা পদ্ধতি প্ৰয়োগ কৰিও বিফল হৈছিল।

যকৃতৰ লগতে আৰ্থাইটিছ, মধুমেহ, বৃক্ক, হাওঁফাওঁ, হৃদযন্ত্ৰ আৰু চকুৰ সমস্যাকে ধৰি একাধিক ৰোগত আক্ৰান্ত হৈ খালেদা জিঞা যোৱা ৯ আগষ্টৰ পৰা হাস্পতালৰ বিচনাত পৰি চিকিৎসাধীন হৈ আছে।

এনে পৰিস্থিতিত তেওঁক সুস্থি কৰি তুলিবৰ বাবে বাংলাদেশত অসম্ভৱ হৈ পৰাত চিকিৎসা পৰিষদে পৰামৰ্শ দিছিল খালেদাক জৰুৰীভাৱে বিদেশৰ কোনো উন্নত চিকিৎসালয়লৈ প্ৰেৰণৰ বাবে পৰামৰ্শও দিছিল।

অৱশ্যে বাংলাদেশ চৰকাৰে খালেদাক বিদেশত চিকিৎসা প্ৰদানপ বাবে কৰা আৱেদন নাকচ কৰিছিল। উল্লেখ্যে ২০২০ ৰ ২৫ মাৰ্চত খালেদাৰ শাস্তিৰ ৰায় স্থগিত ৰাখি তেওঁক ৬ মাহৰ বাবে কাৰাগাৰৰ পৰা মুক্ত কৰি দিয়া হৈছিল।

তেওঁক মুক্ত কৰাৰ ক্ষেত্ৰত চৰকাৰে দেশ এৰি নোযোৱাৰ চৰ্ত আৰোপ কৰিছিল। সেয়ে এনে পৰিস্থিতিত বিদেশৰ পৰা চিকিৎসকক আনি তেওঁৰ উন্নত চিকিৎসা সমাপন কৰাৰ বাবে পৰিয়ালে আৱেদন কৰে আৰু সেই আৱেদনক গ্ৰহণ কৰে বাংলাদেশ চৰকাৰে।

Also Read: প্ৰাক্তন প্ৰধানমন্ত্ৰীক চিকিৎসা প্ৰদান কৰিবলৈ আমেৰিকাৰ পৰা আহিছে ৩ চিকিৎসক...

বাংলাদেশ