Advertisment

লেখিকাক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত দোষী আমেৰিকাৰ ভাবি ৰাষ্ট্ৰপতি

এগৰাকী লেখিকাক যৌন নিৰ্যাতন চলোৱাৰ অপৰাধত দোষী সাব্যস্ত হৈছে আমেৰিকাৰ ভাবি ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্প। আমেৰিকাৰ আপীল আদালতে ৫ মিলিয়ন ডলাৰৰ জৰিমণা বিহিছে ট্ৰাম্পক।

author-image
Asomiya Pratidin
New Update
লেখিকাক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত দোষী আমেৰিকাৰ ভাবি ৰাষ্ট্ৰপতি

ডিজিটেল ডেস্কঃ এগৰাকী লেখিকাক যৌন নিৰ্যাতন চলোৱাৰ অপৰাধত দোষী সাব্যস্ত হৈছে আমেৰিকাৰ ভাবি ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্প। দ্বিতীয়বাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱা ট্ৰাম্পক ন্যায়ালয়ে লেখিকাক যৌন নিৰ্যাতনৰ অভিযোগত দোষী সাব্যস্ত কৰি ৫ মিলিয়ন ডলাৰৰ জৰিমণা বিহিছে। ভাৰতীয় টকাৰ হিচাবত ট্ৰাম্পে ভুক্তভোগী মহিলাগৰাকীক ৫০ কোটি টকা আদায় দিব লাগিব। 

Advertisment

আমেৰিকা যুক্ত ৰাষ্ট্ৰৰ এখন আলোচনীৰ লেখিকা ই. জিন কেৰলে ২০১৯ ত ট্ৰাম্পৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ দাখিল কৰিছিল। তেওঁ দাবী কৰিছিল ১৯৯৬ চনত এখন ডিপাৰ্টমেণ্টেল ষ্টোৰত ড'নাল্ড ট্ৰাম্পে তেওঁক ধৰ্ষণ কৰিছিল। এই অভিযোগেৰে তেওঁ আদালতৰ কাষ চাপিছিল।

ইয়াৰ পিছতে বিপদত পৰা ট্ৰাম্পে ৰাজহুৱাকৈ কেইবা বাৰো যৌন নিৰ্যাতনৰ এই অভিযোগ নস্যাত কৰি আহিছিল যদিও ২০২৩ ত চনৰ মে মাহত নিম্ম আদালতৰ ৯ জন সদস্যৰ বিচাৰপীঠে গোচৰটোৰ ৰায় প্ৰদান কৰে। এই ৰায়ত তেওঁলোকে ট্ৰাম্পক দোষী সাব্যস্ত কৰে।

কিন্তু ধৰ্ষণৰ গোচৰত নহয়, কেৰলৰ মানহানিৰ গোচৰতহে তেওঁক দোষী সাব্যস্ত কৰা হয়। এই অপৰাধৰ বাবে তেওঁক জৰিমণাও বিহা হয়। ন্যায়ালয়ে ট্ৰাম্পক ৫ মিলিয়ন ডলাৰৰ ক্ষতিপূৰণ আদায় দিবলৈ নিৰ্দেশ প্ৰদান কৰে। 

এই ৰায়ৰ বিৰুদ্ধে ট্ৰাম্পৰ অধিবক্তাই পুনৰ আপীল আদালতৰ দ্বাৰস্থ হয়। নিম্ন আদালতৰ ৰায়কে আপীল আদালতে বাহাল ৰাখে আৰু ভুক্তভোগী মহিলাগৰাকীক ক্ষতিপূৰণ আদায় দিবলৈ নিৰ্দেশ দিয়ে।

আদালতৰ এই ৰায়ত ট্ৰাম্পে ভুক্তভোগী মহিলাগৰাকীক ৫০ কোটি টকা ক্ষতিপূৰণ হিচাপে আদায় দিব লাগিব। কিন্তু তেওঁ ৰাষ্ট্ৰপতি হোৱাত যি প্ৰতিবন্ধকতা আহিব বুলি আশংকা কৰা হৈছিল সেই আশংকা দূৰ হৈছে। 

 

আমেৰিকা যুক্তৰাষ্ট্ৰ ড'নাল্ড ট্ৰাম্প