/asomiyapratidin/media/media_files/2025/05/08/jWLNRqOkq7AKCcnr8v9I.jpg)
ডিজিটেল ডেস্কঃ পাকিস্তানৰ সেনা প্ৰধান অছিম মুনীৰক একনায়কত্ববাদী আখ্যা দিছে আমেৰিকাৰ কংগ্ৰেছৰ সদস্য ৰ’ খান্নাই। তেওঁ ভাৰতৰ বিৰুদ্ধে প্ৰত্যাঘাত নকৰিবলৈয়ো ইছলামবাদক আহ্বান জনাইছে। তাৰোপৰি প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানক কাৰাগাৰৰ পৰা মুক্ত কৰি পুনৰ নিকা নিৰ্বাচন অনুষ্ঠিত কৰাৰ আহ্বান জনাইছে। সমান্তৰালকৈ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত যুদ্ধ বিৰতি উলংঘন কৰি ভাৰতীয়ক হত্যা কৰা ঘটনাৰো নিন্দা কৰিছে।
৭ মে’ ২০২৫ ত ভাৰতীয় সেনাই পাকিস্তান অধিকৃত জম্মু কাশ্মীৰ আৰু পাকিস্তানৰ মূল ভূ-খণ্ডত থকা মুঠ ৯ টা সন্ত্ৰাসবাদীৰ ঘাটিত চলোৱা সামৰিক অভিযানৰ পাছতে সৃষ্টি হোৱা যুদ্ধ পৰিস্থিতিৰ মাজতে আমেৰিকাৰ কংগ্ৰেছৰ সদস্য ৰ’ খান্নাই কৰা এই মন্তব্য অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে। চিএনএনৰ সৈতে হোৱা এক সাক্ষাৎকাৰত কংগ্ৰেছীগৰাকীয়ে কয় যে, "দুয়োখন দেশৰ হাতত পাৰমাণৱিক অস্ত্ৰ আছে। এই মুহূৰ্তত আটাইতকৈ জৰুৰী কথাটো হ'ল ডি-এস্কেলেচন।
পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হৈছিল, আৰু নিৰীহ লোক নিহত হৈছিল। তাৰ পাছতে ভাৰতে এনে এক পদক্ষেপ গ্ৰহণ কৰিলে যিয়ে সন্ত্ৰাসবাদী নেটৱৰ্ক উলিয়াই আনিবলৈ সক্ষম হৈছে। এতিয়া গুৰুত্বপূৰ্ণ কথাটো হৈছে ডি-এস্কেলেচন।
ডেম’ক্ৰেটগৰাকীয়ে আশা কৰিছে যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ দলত ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা হ্ৰাস কৰি সমস্যা সমাধানত সহায় কৰিব পৰাকৈ দুয়োটা অঞ্চলক ভালকৈ জনা, বুজা আৰু ইয়াৰ কূটনৈতিক ৰাজনীতি বুজি পোৱা লোক আছে। তেওঁ লগতে কয়, "মই এই কথা কোৱাৰ একমাত্ৰ কাৰণটো হ'ল তেওঁলোকে (ভাৰত আৰু পাকিস্তানে) যুগ যুগ ধৰি যুঁজি আহিছে।
ব্ৰিটিছ ঔপনিৱেশিকতাইহে বিভাজনৰ সূচনা কৰিছিল বুলি কৈ তেওঁ আৰু কয়, এই বিভাজনে তাত (ভাৰত-পাকিস্তানত) হিন্দু আৰু মুছলমানৰ মাজত বিভাজনৰ সৃষ্টি কৰিছিল। সেয়ে অঞ্চলটোক সঁচাকৈয়ে বুজাটো গুৰুত্বপূৰ্ণ। সেয়ে আমি এজন সৎ মধ্যস্থতাকাৰী হোৱাটো প্ৰয়োজন।
পাক সেনা প্ৰধান মুনীৰক একনায়কত্ববাদী আখ্যা দি তেওঁ কয় যে, পাকিস্তানত এতিয়া কোনো সৎ কণ্ঠ নাই। তেওঁপাকিস্তান কৰ্তৃপক্ষক প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানক কাৰাগাৰৰ পৰা মুক্ত কৰি ভাৰতৰ অপাৰেচন সিন্দুৰৰ বিৰুদ্ধে তেওঁলোকে পৰিকল্পনা কৰা যিকোনো প্ৰতিশোধমূলক কামকাজ বন্ধ কৰিবলৈও আহ্বান জনায়।
তেওঁ কয়, "আমি এইটোও বুজিব লাগিব যে অছিম মুনীৰ এজন একনায়কত্ববাদী। যি বৈধভাৱে নিৰ্বাচিত ইমৰাণ খানক জেলত ভৰাইছিল। পাকিস্তানত বৰ্তমান কোনো সৎ কণ্ঠ নাই, ইয়াত আছে একনায়কত্ববাদী।আমি প্ৰথমে ডি-এস্কেলেচন আৰু তাৰ পাছত পুনৰ নিকা নিৰ্বাচন আহ্বান কৰা উচিত।
খান্নাই লগতে কয়, এই পৰিস্থিতিৰ অন্ত হ'ব লাগে। আমি পাকিস্তানক আই এম এফৰ ঋণ দিওঁ। তেওঁলোক তাৰ ওপৰত নিৰ্ভৰশীল। আমি অছিম মুনিৰক ক'ব লাগে যে তেওঁ ইমৰাণ খানক মুক্ত কৰিব লাগিব, যিকোনো প্ৰতিশোধ বন্ধ কৰিব লাগিব আৰু তাৰ পিছত নিকা নিৰ্বাচন হ'ব লাগিব।
ইফালে জম্মু কাশ্মীৰৰ পুঞ্চ আৰু ৰৌজাৰী অঞ্চলত গোলা, বাৰুদ নিক্ষেপ কৰা নিৰীহ ভাৰতীয়ক হত্যা কৰা ঘটনাৰো তেওঁ নিন্দা কৰিছে। শীঘ্ৰেই এনে কাৰ্য বন্ধ কৰিবলৈ দাবী কৰিছে।