/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/03/ukr.png)
ডিজিটেল ডেস্ক: ইউক্ৰেইনৰ ওপৰত ৰাছিয়াৰ আক্ৰমণ তীব্ৰতৰ হৈ উঠিছে। ইউক্ৰেইনৰ ওপৰত হৈ থকা আক্ৰমণৰ মাজতেই ভাৰত চৰকাৰে জাৰি কৰিছে এক বিশেষ নিৰ্দেশনা। ভাৰত চৰকাৰে ইউক্ৰেইৰ দ্বিতীয় ডাঙৰ চহৰ খাৰকীভৰ পৰা সকলো ভাৰতীয়ক অতিশীঘ্ৰেই ওলাই আহিবলৈ নিৰ্দেশ প্ৰদান কৰে।
ইণ্ডিয়া ইন ইউক্ৰেইন একাউন্টত পোষ্ট কৰা হৈছে যে "খাৰকীভত থকা প্ৰতিগৰাকী ভাৰতীয়ক জৰুৰী বাৰ্তা… নিজৰ সুৰক্ষাৰ বাবে অতিশীঘ্ৰেই খাৰকীব ত্যাগ কৰক।যিমান সোনকালেই সম্ভৱ পৈচোচিন, বাবয়ে আৰু বেজলিয়ুডোবকাৰ পিনে আগবাঢ়ি আহক।যিকোনো পধ্যেই ১৮০০ বজা(ইউক্ৰেইনৰ সময় অনুসৰি) ৰ ভিতৰত পোৱাৰ ব্যৱস্থা কৰক"।
URGENT ADVISORY TO ALL INDIAN NATIONALS IN KHARKIV.
FOR THEIR SAFETY AND SECURITY THEY MUST LEAVE KHARKIV IMMEDIATELY.
PROCEED TO PESOCHIN, BABAYE AND BEZLYUDOVKA AS SOON AS POSSIBLE.
UNDER ALL CIRCUMSTANCES THEY MUST REACH THESE SETTLEMENTS *BY 1800 HRS (UKRAINIAN TIME) TODAY*.
— India in Ukraine (@IndiainUkraine) March 2, 2022
উল্লেখ্য যে, ভাৰতীয় নাগৰিক সকলে খোজ কাঢ়িয়েই আগবাঢ়ি আহিছে ৰেল ষ্টেচনলৈ। কিয়নো তাত বৰ্তমান কোনো বাহন উপলব্ধ নাই। ইতিমধ্যে এজন ভাৰতীয় ছাত্ৰৰ মৃত্যুুও হৈছে ৰাছিয়ান সৈন্য বাহিনীৰ গুলীত। বহু ভাৰতীয় স্বদেশলৈ উভতি আহিছে যদিও এতিয়াও একাংশ আৱদ্ধ হৈ আছে ইউক্ৰেইনতে।