'প্ৰতিভা সেতু'- UPSC ত ব্যৰ্থ হ'লেও যোগ্যতা অনুসৰি পাব চাকৰি !

কেন্দ্ৰীয় লোকসেৱা আয়োগ চমুকৈ ইউ পি এছ চিয়ে দিছে এক ভাল খবৰ। ইউ পি এছ চিত উত্তীৰ্ণ নহ’লেও মেধাৱী এই যুৱক-যুৱতীৰ একাংশই এতিয়াৰে পৰা লাভ কৰিব উপযুক্ত চাকৰি। 

author-image
Asomiya Pratidin
New Update
'প্ৰতিভা সেতু'- UPSC ত ব্যৰ্থ হ'লেও যোগ্যতা অনুসৰি পাব চাকৰি !

ডিজিটেল ডেস্কঃ  বিশ্বৰ অন্যতম কঠিন প্ৰতিযোগিতামূলক পৰীক্ষা হিচাপে বিবেচিত ইউ পি এছ চি উত্তীৰ্ণ হোৱাটো ভাৰতৰ লাখ লাখ শিক্ষিত যুৱক-যুৱতীৰ সপোন। এই সপোনৰ পম খেদিয়েই বছৰ বছৰ ধৰি প্ৰচুৰ অধ্যয়নৰ জৰিয়তে নিজকে সাজু কৰি তোলে এই পৰীক্ষাৰ বাবে।

Advertisment

তাৰ পিছতো শেষ মুহূৰ্তত চূড়ান্ত বাছনিত ব্যৰ্থ হয় বহু মেধাৱী। বাৰে বাৰে এইদৰে ব্যৰ্থ হৈ কোনোবা যদি হৈ পৰে হতাশ আন কোনোবাই আকৌ ত্যাগ কৰে এই সপোন। হতাশাই আবৰি ধৰা বহুতেই ত্যাগ কৰে চাকৰিৰো আশা। 

কিন্তু তাৰ মাজতেই ইউ পি এছ চিয়ে দিছে এক ভাল খবৰ। ইউ পি এছ চিত উত্তীৰ্ণ নহ’লেও মেধাৱী এই যুৱক-যুৱতীৰ একাংশই এতিয়াৰে পৰা লাভ কৰিব উপযুক্ত চাকৰি। 

উল্লেখ্য যে, তিনিটা পৰ্যায়ত হোৱা ইউ পি এছ চি পৰীক্ষাৰ প্ৰতিটো পৰ্যায়েই অত কঠিন। প্ৰথম পৰ্যায়ত দুখন ঐচ্ছিক বা অপচনেল  প্ৰশ্ন কাকতৰ হয় পৰীক্ষা। প্ৰথম পৰ্যায়ৰ এই পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত অনুষ্ঠিত হয় লিখিত পৰীক্ষা।

এই লিখিত পৰীক্ষাত থাকে মুঠ ৯ খন কাকত। এই ৯ খন প্ৰশ্ন কাকতৰ ভিতৰত এখন ইংৰাজী আৰু এখন যিকোনো এটা ভাৰতীয় ভাষাৰ। ভাষা বিষয়ক এই দুয়োখন প্ৰশ্ন কাকতৰ নম্বৰ মূল মেধা তালিকা বা মেৰিট লিষ্টত গণনা কৰা নহয়। এই দুয়োখন প্ৰশ্ন কাকততৰ পৰীক্ষাত কেৱল উত্তীৰ্ণ হ’লেই হয়।

বাকী ৭ খন প্ৰশ্ন কাকতৰ ভিতৰত আছে এখন ৰচনামূলক প্ৰশ্নৰ কাকত, ৪ খন সাধাৰণ জ্ঞানৰ আৰু দুখন প্ৰশ্ন কাকত অপচনেল বা ঐচ্ছিক বিষয়ৰ। দ্বিতীয় পৰ্যায়ৰ এই লিখিত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত আহে ইণ্টাৰভিউ বা সাক্ষাৎকাৰ পৰ্ব।

বহু হাজাৰ শিক্ষাৰ্থীয়ে অতি জটিল প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছতো আহি থমকি ৰয় এই সাক্ষাৎকাৰতে। যাৰ বাবে তেওঁলোকৰ ইউ পি এছ চি উত্তীৰ্ণ হোৱাৰ সপোন সপোন হৈয়ে ৰয়।

এতিয়াৰে পৰা এই সাক্ষাৎকাৰত অনুত্তীৰ্ণ পৰীক্ষাৰ্থীসকলৰ বাবেও চাকৰিৰ সুযোগ সৃষ্টি কৰিব বিচৰা হৈছে। 
মুকলি কৰা হৈছে 'প্ৰতিভা সেতু' নামৰ এক মুকলি মঞ্চ। 'প্ৰতিভা সেতু' নামৰ এই পৰ্টেলটোৰ জৰিয়তে ইউ পি এছ চিৰ ইণ্টাৰভিউত ব্যৰ্থ হোৱা অথচ দুটাকৈ পৰ্যায়ৰ অতি জটিল পৰীক্ষা উত্তীৰ্ণ হৈ অহা মেধাৱীসকলৰ বাবে বিভিন্ন সংস্থাত চাকৰিৰ সুযোগ সৃষ্টি কৰা হৈছে।  

এই সন্দৰ্ভত আয়োগে কয় যে, ইউ পি এছ চিৰ মূল পৰীক্ষাৰ সাক্ষাৎকাৰত ব্যৰ্থ হোৱাসকলে এই মঞ্চ ব্যৱহাৰ কৰাৰ সুযোগ পাব। একেদৰে কেন্দ্রীয় চৰকাৰৰ বিভিন্ন সংস্থাৰ লগতে একাংশ ব্যক্তিগত সংস্থাই নিয়োগকর্তা হিচাপে পর্টেলটো ব্যৱহাৰ কৰিবলৈ সক্ষম হ’ব৷ 

এই মুকলি মঞ্চ ব্যৱহাৰ কৰিবলৈ চৰকাৰী সংস্থাৰ উপৰিও  বিভিন্ন কোম্পানীসমূহে লগ-ইন আইডিও লাভ কৰিব। যি আই ডিৰ জৰিয়তে তেওঁলোকে পৰ্টেলটো ব্যৱহাৰ কৰিব পাৰিব। এই পৰ্টেলত আপলোড কৰা হ’ব ১০ হাজাৰৰো অধিক ইউ পি এছ চিৰ সাক্ষাৎকাৰত ব্যৰ্থ হোৱা প্ৰাৰ্থীৰ চিভি।

তাৰ পৰাই কোম্পানীসমূহে বা বিভিন্ন চৰকাৰী সংস্থায়ো তেওঁলোকৰ শিক্ষাগত অৰ্হতা আৰু যোগাযোগৰ নম্বৰ জানিব পাৰিব। তাৰ পৰাই প্ৰয়োজন অনুসৰি তেওঁলোকে ইউ পি এছ চি পৰীক্ষাৰ চূড়ান্ত পৰ্যায়ত বিভিন্ন প্ৰতিভাৱান কিন্তু অসফল পৰীক্ষাৰ্থীক চাকৰিৰ বাবে বাছনি কৰিব পাৰিব।

মন কৰিবলগীয়া যে পূৰ্বতে ‘প্ৰতিভা সেতু’ প’ৰ্টেলৰ নাম আছিল ‘ৰাজহুৱা প্ৰকাশ আঁচনি’। ২০১৮ চনত আৰম্ভ কৰা হৈছিল 'ৰাজহুৱা প্ৰকাশ আঁচনি'।এই আঁচনিৰ অধীনত ইউ পি এছ চি মেইনছ পৰীক্ষাৰ সাক্ষাৎকাৰত ব্যৰ্থ হোৱাসকলৰ তালিকাহে প্ৰকাশ কৰা হৈছিল।

কিন্তু ইয়াক কিছু নতুন ৰূপত সকলোৰে সুবিধা হোৱাকৈ সজাই তোলা হৈছে। ইয়াৰ ফলত ইউ পি এছ চিৰ সাক্ষাৎকাৰত ব্যৰ্থ হোৱাসকলৰো চাকৰিৰ এক সুযোগ তৈয়াৰ হৈছে আৰু বিভিন্ন প্ৰতিষ্ঠানেও প্ৰয়োজন অনুসৰি মেধাৱী প্ৰাৰ্থী বাচনি কৰাৰ সুযোগ লাভ কৰিছে। 

 

চৰকাৰী চাকৰি চাকৰি কেন্দ্ৰীয় লোকসেৱা আয়োগ upsc