Advertisment

হোৱাইট হাউচত ট্ৰাম্প, জেলেনস্কিৰ যুদ্ধঃ আমেৰিকাৰ বিৰুদ্ধে গৈ ইউক্ৰেইনৰ কাষত সমগ্ৰ ইউৰোপ...

শুকুৰবাৰে নিশা এক অনন্য অভিজ্ঞতাৰ সাক্ষী হ’ল বিশ্ব। এফালে এজন যুদ্ধ জৰ্জৰিত দেশৰ অঁকৰা ৰাষ্ট্ৰপ্ৰধান আৰু আনফালে এখন সৰ্বশক্তিমান দেশৰ আন এজন অঁকৰা বদমেজাজি ৰাষ্ট্ৰপ্ৰধান।

author-image
Asomiya Pratidin
New Update
হোৱাইট হাউচত ট্ৰাম্প, জেলেনস্কিক যুদ্ধঃ আমেৰিকাৰ বিৰুদ্ধে গৈ ইউক্ৰেইনৰ কাষত সমগ্ৰ ইউৰোপ...

ডিজিটেল ডেস্কঃ শুকুৰবাৰে নিশা এক অনন্য অভিজ্ঞতাৰ সাক্ষী হ’ল বিশ্ব। এফালে এজন যুদ্ধ জৰ্জৰিত দেশৰ অঁকৰা ৰাষ্ট্ৰপ্ৰধান আৰু আনফালে এখন সৰ্বশক্তিমান দেশৰ আন এজন অঁকৰা বদমেজাজি ৰাষ্ট্ৰপ্ৰধান। যি দেশৰ মূৰত আছে অস্ত্ৰ ব্যৱসায়ৰ বাবে যুদ্ধত সাৰ-পানী যোগোৱাৰ অভিযোগ।

Advertisment

এই দেশৰ ভৰসাতেই ৰাছিয়াৰ দৰে এখন দেশৰ সৈতে যুদ্ধৰ বাবে ফেপেৰি পাতি ধৰিছিল সেই ক্ষুদ্ৰ দেশে। আশা কৰিছিল মিত্ৰতাৰ প্ৰমাণ দাঙি ধৰি সৰ্ব শক্তিমান ৰাষ্ট্ৰ জপিয়াই পৰিব এই যুদ্ধত। দিব সকলো সহাৰি।

পিছে এতিয়া সময় সলনি হ’ল। সৰ্ব শক্তিমান সেই দেশৰ মুৰব্বীয়ে যুদ্ধৰ অৱসান ঘটাবলৈ মধ্যস্থতাৰ ভূমিকা পালন কৰি আৰম্ভ কৰিছে মুকলিকৈ ভাবুকি দিবলৈ। আমেৰিকা আৰু ইউক্ৰেইনৰ কাহিনী এয়া।

শুকুৰবাৰে হোৱাইট হাউচত অনুষ্ঠিত হৈছিল আমেৰিকা আৰু ইউক্ৰেইনৰ মাজত এক চুক্তিৰ বাবে আলোচনা। এই আলোচনাই ফালৰি কাটি গৈ যুদ্ধৰ প্ৰসংগক সামৰি লয়। এই আলোচনা হোৱাইট হাউচৰ বন্ধ কোঠাৰ বিপৰীতে অনুষ্ঠিত হৈছিল কেমেৰাৰ সন্মুখত।

আলোচনাৰ সাক্ষী হৈছিল বিশ্ব। এই আলোচনা এনে এক পৰ্যায়ত উপনীত হৈছিলগৈ যে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভল’ডিমিৰ জেলেনস্কিয়ে এসময়ত অতি উষ্মাৰে আলোচনা আধাতে এৰি উঠি গুছি যাবলৈয়ো কুণ্ঠাবোধ কৰা নাছিল।

অৱশ্যে আলোচনাই এনে এক দিশলৈ গতি কৰাৰ পিছতে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে দাবী কৰিছে হোৱাইট হাউচৰ সৈতে হোৱা বিবাদৰ পিছতো ডনাল্ড ট্ৰাম্পৰ সৈতে সম্পৰ্ক উন্নতি কৰিব পৰা যাব। কিন্তু আলোচনাত সৃষ্টি হোৱা পৰিবেশক লৈ কোনো কাৰণতে ক্ষমা খুজিবলৈ ৰাজি নহয় জেলনস্কি।  

শুকুৰবাৰে নিশা ট্ৰাম্পৰ সৈতে হোৱা বৈঠকৰ পিছত আমেৰিকাৰ সংবাদ মাধ্যম ফক্স নিউজক এক সাক্ষাৎকাৰ দিয়ে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিগৰাকীয়ে। তাত তেওঁক সোধা হৈছিল যে তেওঁ ট্ৰাম্পৰ সন্মুখত কৰা আচৰণৰ বাবে ক্ষমা খুজিবনে, তেওঁৰ আচৰণৰ বাবে অনুশোচনা প্ৰকাশ কৰিবনে?

এই প্ৰশ্নত জেলেনস্কিয়ে স্পষ্টকৈ কয়, নাই ক্ষমা খোজা নহ'ব। অৱশ্যে জেলেনস্কিয়ে স্বীকাৰ কৰিছে যে হোৱাইট হাউছৰ অভাল অফিচত যি ঘটিল সেয়া দুয়োখন দেশৰ সম্পৰ্কৰ বাবে ভাল নহয়। তেওঁৰ ভাষাত, এই ধৰণৰ যুক্তি দুয়োপক্ষৰ বাবে বেয়া।

যদি ট্ৰাম্পে ইউক্ৰেইনক সহায় নকৰে তেন্তে ৰাছিয়াৰ আক্ৰমণ ৰোধ কৰাটো ইউক্ৰেইনৰ বাবে কঠিন হ’ব। কিন্তু এই সম্পৰ্ক উন্নিত কৰিব পৰা যাব বুলি নিশ্চিত জেলনস্কি। তেওঁ কয়, এয়া কেৱল দুজন ৰাষ্ট্ৰপতিৰ সম্পৰ্কৰ কথা নহয়। এয়া দুখন দেশৰ মাজত এক ঐতিহাসিক সম্পৰ্কৰ কথা। আমাৰ দেশৰ জনসাধাৰণৰ হৈ আপোনাক (ট্ৰাম্পক) সদায় ধন্যবাদ জনাইছো।

শুকুৰবাৰে ট্ৰাম্প আৰু আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্সৰক সাক্ষাৎ কৰে জেলেনস্কিয়ে।তেওঁলোকৰ মাজত হৈছিল খনিজ চুক্তিৰ বিষয়ে আলোচনা। এই চুক্তিখনত জেলেনস্কিয়ে স্বাক্ষৰ কৰাৰ কথা আছিল। কিন্তু ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ আলোচনাত ক্ৰমান্বয়ে দুয়োগৰাকী ৰাষ্ট্ৰপতিৰ মাজত কথাৰ কটাকটি হৈ উত্তপ্ত হৈ পৰে।

ট্ৰাম্পে ৰাজহুৱাভাৱে জেলেনস্কিক লাখ লাখ মানুহৰ জীৱনৰ সৈতে খেলা কৰাৰ অভিযোগ উত্থাপন কৰে। তেওঁ আনকি জেলেনস্কিয়ে তৃতীয় বিশ্বযুদ্ধৰ জুৱা খেলা বুলিও অভিযোগ কৰে। সেয়ে তেওঁ শান্তিৰ প্ৰসংগত কোনো কাৰণতে আপোচ কৰিব নিবিচাৰে বুলিও স্পষ্টকৈ কয়।

ৰাছিয়াৰ সৈতে হোৱা যুদ্ধৰ বাবেও ট্ৰাম্পে জেলেনস্কিকে দোষাৰোপ কৰে। জেলেনস্কিয়েও আৰম্ভণিৰ পৰা শেষলৈকে বৈঠকত নিজৰ স্থিতিত অটল থাকে।জে ডি ভেন্সৰ সৈতেও তেওঁৰ কথাৰ কটাকটি হয়। ফলত তেওঁলোকৰ মাজত হ’বলগীয়া খনিজ চুক্তি বাতিল কৰা হয় আৰু জেলনস্কিয়ে হোৱাইট হাউচ এৰি থৈ যায়। 
আনকি হোৱাইট হাউচত জেলনস্কিয়ে পৰিধান কৰি যোৱা পোচাকক লৈয়ো প্ৰশ্নৰ সন্মুখীন হয়। এজন সাংবাদিকে তেওঁক প্ৰশ্ন কৰে, "আপুনি চ্যুট পিন্ধা নাই কিয়?"  ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিগৰাকীক উপহাস কৰি সাংবাদিকে পুনৰ প্ৰশ্ন কৰে,  "আপুনি চ্যুট নিপিন্ধাকৈয়ে আমেৰিকাৰ সৰ্বোচ্চ প্ৰশাসনিক কাৰ্যালয়লৈ আহিছে?"

এনে প্ৰশ্নৰ উত্তৰত জেলেনস্কিয়ে কয়, "যেতিয়া এই যুদ্ধ শেষ হ'ব, তেতিয়া মই নিশ্চয় চ্যুট পিন্ধিম। হয়তো মই আপোনাৰ দৰে বা আপোনাতকৈ ভাল চ্যুটেই পিন্ধিম।" দুই ৰাষ্ট্ৰপ্ৰধানৰ মাজত হোৱা এই লাইভ আলোচনাৰ দৃশ্য দেখাৰ পাছতে এতিয়া ইউৰোপৰ আন কেইবাখনো দেখে তেওঁলোকৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। অৱশ্যে সকলোৱেই জেলনেস্কিকেই সমৰ্থন কৰিছে।

মন কৰিবলগীয়া যে, ট্ৰাম্পে আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে দ্বিতীয়বাৰৰ বাবে ক্ষমতা দখল কৰাৰ পাছৰে পৰা ইউৰোপৰ এই দেশসমূহো বিভিন্ন কাৰণত ভিতিগ্ৰস্ত হৈ আছে। তেওঁলোকে ট্ৰাম্পৰ নতুন নতুন নীতিসমূহক সমৰ্থন কৰিব পৰা নাই। সেয়ে ইউক্ৰেইনৰ প্ৰসংগত লোৱা স্থিতিকো সমালোচনা কৰিছে। 

তেওঁলোকৰ মতে ট্ৰাম্পে মধ্যস্থতাৰ নামত জেলেনস্কিক হেঁচা প্ৰয়োগ কৰি যুদ্ধত ৰাছিয়াক বিজয়ী ঘোষণা কৰাৰ পৰিকল্পনা কৰিছে। সেয়ে তেওঁলোকে হোৱাইট হাউচৰ এই আলোচনাক লৈ সৰব হৈছে। 

জাৰ্মানীৰ চেঞ্চলৰ আলাফ শ্বলজে কয় যে, ইউক্ৰেইনৰ জনসাধাৰণে শান্তি বিচাৰে। শান্তি কিমান গুৰুত্বপূৰ্ণ সেয়া তেওঁলোকতকৈ বেছি কোনেও নাজানে। সেইবাবেই আমি সকলোৱে স্থায়ী শান্তিৰ দাবী কৰি আহিছো। ইউক্ৰেইনে জাৰ্মানী আৰু ইউৰোপৰ ওপৰত ভৰসা কৰিব পাৰে।

ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে পৰ্তুগালত সাংবাদিকৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, ৰাছিয়া হৈছে আগ্ৰাসী।ইউক্ৰেইনৰ জনসাধাৰণ সেই আগ্ৰাসনৰ বলি হৈছে। আমি তিনি বছৰ পূৰ্বে ইউক্ৰেইনক সহায় কৰি ৰাছিয়াৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিবলৈ সন্মত হৈছিলো। আমি এতিয়াও তেনেকুৱা কৰিব বিচাৰো। ইউক্ৰেইনে নিজৰ সন্মানৰ বাবে, স্বাধীনতাৰ বাবে, ইউৰোপৰ নিৰাপত্তাৰ বাবে এই যুদ্ধখন যুঁজিছে।’

ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেল’নীয়ে আকৌ কয় যে, পশ্চিমীয়া শক্তিসমূহৰ মাজৰ যিকোনো বিভাজনে আমাক দুৰ্বল কৰি তোলে। আমেৰিকা আৰু ইউৰোপৰ মাজত তাৎক্ষণিক আলোচনাৰ প্ৰয়োজন। 
আমাৰ সন্মুখলৈ অহা প্ৰত্যাহ্বানসমূহৰ বিষয়ে আৰু আমি সেইবোৰ কেনেকৈ মোকাবিলা কৰিব পাৰো সেই বিষয়ে কথা পাতিব লাগিব। আমাৰ প্ৰত্যাহ্বান আৰম্ভ হৈছিল ইউক্ৰেইনৰ পৰা। আমি বছৰ বছৰ ধৰি সেই প্ৰত্যাহ্বানৰ সন্মুখীন হৈ আহিছো। ইটালীয়ে অনাগত দিনত এই প্ৰস্তাৱ নিজৰ বন্ধু দেশসমূহৰ সন্মুখত আলোচনাৰ বাবে উত্থাপন কৰাৰ মনস্থ কৰিছে।’

মলদোভানৰ ৰাষ্ট্ৰপতি মাইয়া চাণ্ডুৱে কয় যে সত্য কি সেয়া একেবাৰে সহজ হৈ আছে। ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰিছে। ইয়াত ৰাছিয়া হৈছে আগ্ৰাসী। ইউক্ৰেইনে স্বাধীনতাৰ বাবে যুঁজিছে। আমি সকলোৱে ইউক্ৰেইনৰ পক্ষত আছো।’

সেইদৰে স্পেইনৰ প্ৰধানমন্ত্ৰী পেড্ৰ’ ছানচেজে ছ’চিয়েল মিডিয়াত লিখিছে, ‘ইউক্ৰেইন,  স্পেইন আপোনালোকৰ লগত আছে। নেদাৰলেণ্ডৰ প্ৰধানমন্ত্ৰী ডিক শ্বুপেও ইউক্ৰেইনকে সমৰ্থন কৰে। তেওঁ কয়, আমি স্থায়ী শান্তি বিচাৰো। ৰাছিয়াই আৰম্ভ কৰা আগ্ৰাসনৰ ইউক্ৰেইনৰ জনসাধাৰণৰ বাবে, ইউৰোপৰ জনসাধাৰণৰ বাবে বন্ধ হোৱাটো বিচাৰো।’

পোলেণ্ডৰ প্ৰধানমন্ত্ৰী ড’নাল্ড টাস্কে আকৌ জেলেনস্কি আৰু ইউক্ৰেইনক সম্বোধি কয়, আপোনালোক অকলশৰীয়া নহয়। চেক গণৰাজ্যৰ ৰাষ্ট্ৰপতি পিটাৰ পাভেলেও ইউক্ৰেইনৰ সৈতে থিয় দিছে। 

ইউৰোপৰ ৰাষ্ট্ৰসমূহে এইদৰে মুকলিকৈ ইউক্ৰেইনৰ কাষত থিয় দিয়াৰে পিছতে আকৌ ৰাষ্ট্ৰপতি ট্ৰাম্পৰো প্ৰতিক্ৰিয়া আহিছে। জেলনস্কিয়ে আধাতে আলোচনা এৰি আহিলেও ট্ৰাম্পে এই বৈঠকক অৰ্থপূৰ্ণ আখ্যা দিছে।

ট্ৰাম্পে ছ’চিয়েল মিডিয়াত লিখিছে, ‘আজি হোৱাইট হাউছত আমাৰ এক অতি অৰ্থপূৰ্ণ বৈঠক হৈছিল। এনে ‘জুই’ আৰু ‘হেঁচা’ত হোৱা আলোচনাত বহু কথা শিকিব পাৰি৷

তাৰোপৰি ট্ৰাম্পে ইউক্ৰেইনক উদ্দেশ্যি কয়, মই বুজি পাওঁ আমেৰিকাৰ যদি কোনো ভূমিকা থাকে তেন্তে ৰাষ্ট্ৰপতি জেলেনস্কি শান্তি প্ৰক্ৰিয়াত জড়িত নহ’ব। কাৰণ, তেওঁ ভাবে যে আমাৰ ভূমিকাই তেওঁক আলোচনাত বিশেষ সুবিধা প্ৰদান কৰিব। মই জেলেনস্কিক সেই বিশেষ সুবিধা দিব নিবিচাৰো, শান্তি বিচাৰো।

হোৱাইট হাউছৰ অভাল অফিচত ট্ৰাম্পৰ সৈতে হোৱা তৰ্কৰ পিছত জেলেনস্কিয়ে যিদৰে বৈঠক আধাতে এৰি আহিল সেই সন্দৰ্ভত ট্ৰাম্পে কয়, ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিয়ে অ’ভেল অফিচত বহি আমেৰিকাক অসন্মান কৰিছে। যদি শান্তিৰ বাবে সন্মত হয় তেন্তে তেওঁ পুনৰ ঘূৰি আহিব পাৰে। আমি সেই পথ মুকলি ৰাখিছো। 

ৰাছিয়া আমেৰিকা ইউক্ৰেইন ড'নাল্ড ট্ৰাম্প