গাহৰিৰ চৰ্বী ব্যৱহাৰ কৰি মুছলমান সৈনিকক বাধা দিয়াৰ চেষ্টা ইউক্ৰেইনৰ…

গাহৰিৰ চৰ্বী ব্যৱহাৰ কৰি মুছলমান সৈনিকক বাধা দিয়াৰ চেষ্টা ইউক্ৰেইনৰ…

author-image
asomiyapratidin
New Update
গাহৰিৰ চৰ্বী ব্যৱহাৰ কৰি মুছলমান সৈনিকক বাধা দিয়াৰ চেষ্টা ইউক্ৰেইনৰ…

ডিজিটেল ডেস্ক: ইউক্ৰেইনৰ ওপৰত ৰাছিয়াৰ আক্ৰমণ এতিয়াও অব্যাহত আছে।ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ইউক্ৰেইনৰ বিৰুদ্ধে বিশাল সৈন্যবাহিনী মোতায়ন কৰিছে।

Advertisment

ৰাছিয়াৰ সমৰ্থন কৰি ছেচোনিয়াৰ মুছলিম সৈনাইও যুদ্ধত অংশগ্ৰহণ কৰিছে।কিন্তু এই সৈন্য সকলক দমাবলৈ ইউক্ৰেইৰ ৰাষ্ট্ৰপতি জেলেস্কীয়ে জাৰি কৰিছে এক বিশেষ নিৰ্দেশনা।

ৰাষ্ট্ৰপতিৰ নিৰ্দেশনা অনুসৰি ইউক্ৰেইনৰ নেচনেল গাৰ্ডে গাহৰিৰ চৰ্বী ব্যৱহাৰ কাৰ্টিজ ব্যৱহাৰ কৰাৰ যো-জা চলাইছে ।গাহৰিটো ইছলামত হাৰাম আৰু ইউক্ৰেইন নেচনেল গাৰ্ডে ইয়াৰ ভিত্তিত কাৰ্ট্ৰিজত গাহৰিৰ চৰ্বি প্ৰয়োগ ব্যৱহাৰ কৰি কাৰ্ট্ৰিজ ব্যৱহাৰ কৰাৰ সিদ্ধান্ত লৈছে। এই সন্দৰ্ভত এক ভিডিঅ'ও প্ৰচাৰ হৈছে।

সংবাদ মাধ্যমত প্ৰচাৰ কৰা এটি ভিডিঅত দেখিবলৈ পোৱা গৈছে যে ইউক্ৰেইনৰ নেছনেল গাৰ্ডৰ এটা দসে কাৰ্ট্ৰিজত গাহৰিৰ চৰ্বি লগাই আছে।কোনোৱে পিছফালৰ পৰা কৈ থাকে যে মুছলিম সৈনিক সকল যদি তোমালোকৰ দেহত এই গুলী লাগে তেন্তে জন্নতত স্থান নাপাবা।সেইবাবে কৈছো যুদ্ধ নকৰিবা।

উল্লেখ্য যে, ৰাছিয়াক পৰাজিত কৰাৰ বাবে সকলোধৰণৰ সম্ভৱ প্ৰয়াসেই কৰি গৈছে ইউক্ৰেইনে।ইয়াৰ বাবে এইবাৰ ধৰ্মৰ পন্থা গ্ৰহণ কৰিছে ইউক্ৰেইনে।

russia ukraine