”হিটলাৰক পৰাজিত কৰিছো, পুটিনকো কৰিম” বিদেশী নাগৰিকক সেনাত ভৰ্তিৰ আহ্বান ইউক্ৰেইনৰ…

”হিটলাৰক পৰাজিত কৰিছো, পুটিনকো কৰিম” বিদেশী নাগৰিকক সেনাত ভৰ্তিৰ আহ্বান ইউক্ৰেইনৰ…

author-image
asomiyapratidin
New Update
”হিটলাৰক পৰাজিত কৰিছো, পুটিনকো কৰিম” বিদেশী নাগৰিকক সেনাত ভৰ্তিৰ আহ্বান ইউক্ৰেইনৰ…

ডিজিটেল ডেস্ক: ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিয়ে ৰবিবাৰে কয় যে, তেওঁলোকে বিদেশী স্বেচ্ছা সেৱক সকলৰ "আন্তৰ্জাতিক" সেনা ভৰ্তি আৰম্ভ কৰিছে। তেওঁ কয় যে এইয়া আমাৰ দেশৰ প্ৰতি আপোনাৰ সমৰ্থনৰ মুখ্য প্ৰমাণ হ'ব।

Advertisment

ইউক্ৰেইনৰ বৈদেশিক মন্ত্ৰী ডিমিট্ৰো কুলেবাই তেওঁৰ চৰকাৰী টুইটাৰ একাউন্টাৰ জৰিয়তে কয় যে ইউক্ৰেইনৰ সুৰক্ষাৰ বাবে সেনাত যোগদান কৰিব বিচৰা বিদেশী নাগৰিক সকলে তেওঁলোকৰ নিজ নিজ দেশত থকা ইউক্ৰেইনৰ কূটনৈতিক মিছনৰ সৈতে যোগাযোগ কৰিব পাৰে।

তেওঁ কয় যে" ইউক্ৰেইন আৰু বিশ্ব শৃংখলা ৰক্ষা কৰিব বিচৰা বিদেশী নাগৰিক সকল, মই আপোনাক আপোনাৰ নিজ নিজ দেশত ইউক্ৰেইনৰ বিদেশী কূটনৈতিক মিছনৰ সৈতে যোগাযোগ কৰিবলৈ আমন্ত্ৰণ জনাইছো। আমি একেলগে হিটলাৰক পৰাজিত কৰিছো আৰু আমি পুটিনক পৰাজিত কৰিম।"


— Dmytro Kuleba (@DmytroKuleba) February 27, 2022

উল্লেখ্য যে, ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধই সমগ্ৰ বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিছে। এই সময়চোৱাত ইউক্ৰেইন অসহায় হোৱা দেখা গৈছে যাৰ বাবে অন্য দেশৰ সহায় বিচাৰি আহিছে। কিছু দেশে সমৰ্থন আগবঢ়ালেও এই পৰ্যন্ত অকলেই যুদ্ধ কৰি আছে ইউক্ৰেইনে।

russia ukraine