নাই খাদ্য,নাই টকা! বুকুত জাতীয় পতাকা বান্ধি ইউক্ৰেইনৰ ৰেলৱে ষ্টেচনৰ পিনে আগবাঢ়িছে ভাৰতীয় ছাত্ৰ…

নাই খাদ্য,নাই টকা! বুকুত জাতীয় পতাকা বান্ধি ইউক্ৰেইনৰ ৰেলৱে ষ্টেচনৰ পিনে আগবাঢ়িছে ভাৰতীয় ছাত্ৰ…

author-image
asomiyapratidin
New Update
নাই খাদ্য,নাই টকা! বুকুত জাতীয় পতাকা বান্ধি ইউক্ৰেইনৰ ৰেলৱে ষ্টেচনৰ পিনে আগবাঢ়িছে ভাৰতীয় ছাত্ৰ…

ডিজিটেল ডেস্ক: ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ এতিয়াও শাম কটা নাই।এই সময়চোৱাত ইউক্ৰেইনত আৱদ্ধ হৈ থকা ভাৰতীয় ছাত্ৰ,নাগৰিক সকলক উদ্ধাৰৰ বাবে ভাৰত চৰকাৰে বহু পদক্ষেপ হাতত লোৱা দেখা যায়।কিন্তু তাৰ পিছতো ইউক্ৰেইনত আৱদ্ধ হৈ আছে বহু ভাৰতীয়।

Advertisment

ভাৰতীয় সকলে অন্য দেশৰ নাগৰিক সকলৰ লগত বুধবাৰে ইউক্ৰেইনৰ খাৰকীবৰ পৰা ওচৰৰ ৰেলৱে ষ্টেচনৰ পিনে আগবাঢ়ি আহিছে।এই লোক সকলে নিজ দেশৰ পতাকা বুকুত বান্ধি আগবাঢ়ি অহা দেখা গৈছে।

এজন ভাৰতীয় ছাত্ৰৰ পিতৃয়ে কয় যে ৭০০ গৰাকী ভাৰতীয়ৰ লগতে প্ৰায় ১০০০জনকৈ লোক ভাৰতীয় ৰাষ্ট্ৰীয় পতাকা  লৈ ৰেলৱে ষ্টেচনৰ পিনে আগবাঢ়ি গৈ আছে।কোনো ধৰণৰ বাহন উপলব্ধ নোহোৱাৰ বাবে সকলোৱে খোজ কাঢ়িয়েই আহিছে।

তেওঁ কয় যে তেওঁৰ পুত্ৰ অৰ্থাত কৰ্ণাটকৰ ২৩ বছৰীয়া অমিত ইউক্ৰেইনত চিকিৎসাবিজ্ঞান অধ্যয়ন কৰি আছে।কিন্তু তেওঁলোকে নিজৰ জীৱন সংকটত পেলোৱাৰ বাহিৰে আন কোনো বিকল্প নাই। কিয়নো খাদ্য, পানী, আৰু টকাৰ বাবে তেওঁলোকে বাহিৰলৈ ওলাব লগীয়া হয় যাৰ ফলত বহুতৰ মৃত্যুও হৈছে।

তদুপৰি তেওঁলোকৰ ওচৰত খাদ্য পানী একোৱে নাই যাৰ বাবে তেওঁলোকে ৰেলৱে ষ্টেচনৰ পিনে গতি কৰি আছে।অমিত তেওঁৰ একমাত্ৰ পুত্ৰ যাৰ বাবে তেওঁ অত্যন্ত চিন্তিত।

উল্লেখ্য যে, বহু ভাৰতীয় এতিয়াও আৱদ্ধ হৈ আছে ইউক্ৰেইনত। ইতিমধ্যে এজন ভাৰতীয় ছাত্ৰৰ মৃত্যুও হৈছে ৰাছিয়ান সৈনিকৰ গুলীত।

russia ukraine