দেশ ত্যাগ কৰাৰ অফাৰ গ্ৰহণ নকৰিলে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিয়ে, ক’লে মোক অস্ত্ৰ দিয়ক, পলাই নাযাঁও…

দেশ ত্যাগ কৰাৰ অফাৰ গ্ৰহণ নকৰিলে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিয়ে, ক’লে মোক অস্ত্ৰ দিয়ক, পলাই নাযাঁও…

author-image
asomiyapratidin
New Update
এয়া জানি বুজি কৰা হত্যা, আমি কেতিয়াও ক্ষমা নকৰো- ৰাছিয়াক সতৰ্কবাণী ইউক্ৰেইনৰ

ডিজিটেল ডেস্ক: নিজৰ জীৱনতকৈও দেশ প্ৰিয়! এই কথা প্ৰমাণ কৰি দিলে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি বলডিমোৰ জেলেস্কীয়ে। ইউক্ৰেইন অহৰহ আক্ৰমণ চলাইছে ৰাছিয়াই। ইতিমধ্যে ৰাজধানী চহৰ কিয়েভৰ একাংশ অঞ্চলত আক্ৰমণ চলাইছে ৰাছিয়াই।

ইয়াৰ মাজতে ইউক্ৰেইন ত্যাগ কৰাৰ অফাৰ লাভ কৰিছে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিয়ে। আমেৰিকাৰ পৰা লাভ কৰিছে এই বিশেষ অফাৰ ।কিন্তু সেই অফাৰ গ্ৰহণ নকৰিলে জেলেস্কিয়ে।

জেলেস্কীয়ে কয় য়ে ''মই পলাই নাযাও, মোক কেৱল অস্ত্ৰ লাগে।যদি আপোনালোকে মোক সহায় কৰিব বিচাৰিছে তেন্তে অস্ত্ৰ-শস্ত্ৰ দিয়, বোমা-বাৰুদ দিয়ক"

উল্লেখ্য যে, ৰাষ্ট্ৰপতি গৰাকীৰ বিৰুদ্ধে বহু ভুৱা বাতৰি প্ৰচাৰ হৈছিল আৰু তাৰপাছতেই এটি ভিডিঅ'ৰ জৰিয়তে তেওঁ এই কথা স্পষ্ট কৰে যে তেওঁ ইউক্ৰেইনতে আছে।

ukraine russia