/asomiyapratidin/media/media_files/2025/03/04/o1VtmWdlatQW0AKNxoYX.jpg)
উল্লেখ্য যে, যোৱা ২৮ ফেব্ৰুৱাৰী, ২০২৫, শুকুৰবাৰে হোৱাইট হাউচৰ অভাল অফিচত সকলো প্ৰ’টকল ভংগ কৰি ড’নাল্ড ট্ৰাম্প আৰু ভলোডিমিৰ জেলেনস্কিৰ মাজত শান্তি চুক্তিৰ বিষয়ক লৈ বিতৰ্কৰ সূত্ৰপাত হৈছিল। এই বিতৰ্ক পোনপটিয়াকৈ প্ৰত্যক্ষ কৰিছিল বিশ্ববাসীয়ে।
এই বিতৰ্কৰ মাজতে জেলেনস্কিয়ে বৈঠক আধাতে সামৰি আঁতৰি অহাৰ বিপৰীতে আমেৰিকাই ইউক্ৰেইনৰ সৈতে হ’লগীয়া দ্বিপাক্ষিক চুক্তি বাতিল কৰিছিল। এই বিষয়টোক লৈ বিশ্বজুৰি প্ৰতিক্ৰিয়াৰ সমান্তৰালকৈ বিতৰ্ক অব্যাহত থকাৰ সময়তে ইউক্ৰেইনৰ এই দাবীয়ে পুনৰ চৰ্চা লাভ কৰিছে।
ইউক্ৰেইনৰ সংসদৰ বিদেশ কমিটীৰ প্ৰধান আলেকজেণ্ডাৰ মেৰেজেকোৱে দাবী কৰিছে আমেৰিকাই বিচাৰিছে ৰাছিয়াৰ ওচৰত ইউক্ৰেইনে আত্মসমৰ্পণ কৰক। ৰয়টাৰ্ছৰ আগত তেওঁ কয়, বিষয়টো অতি দুৰ্ভাগ্যজনক। সকলো দেখি ধাৰণা হৈছে ট্ৰাম্পে আমাক আত্মসমৰ্পণৰ দিশে ঠেলি দিছে। আমি যাতে ৰাছিয়াৰ দাবী মানি লওঁ সেই চেষ্টা চলাইছে।
ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিৰ সৈতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু উপ-ৰাষ্ট্ৰপতি জেডি ভাঞ্চেৰ সৈতে হোৱা বাকবিতণ্ডাৰ পাছতেই দুই দেশৰ কূটনৈতিক সম্পৰ্ক যথেষ্ট অৱনতি ঘটিছে। ইয়াৰ মাজতে মঙলবাৰে নিশা কিভলৈ সকলো সামৰিক সাহায্য বন্ধ কৰাৰ কথা ঘোষণা কৰিছে ৱাশ্বিংটন ডিচিয়ে।
হোৱাইট হাউচৰ এগৰাকী কৰ্তৃত্বশীল বিষয়াই সংবাদ মাধ্যমৰ আগত কয়, শান্তি স্থাপনৰ লক্ষ্য লৈছে ৰাষ্ট্ৰপতি ট্ৰাম্পে। আমি বিচাৰো আমাৰ বন্ধুৱেও সেই একেই লক্ষ্য স্থিৰ কৰি লওঁক। আমি সেয়ে সাহায্য বন্ধ ৰাখি সেয়া পৰ্যালোচনা কৰিছো। যাতে ইয়াৰ জৰিয়তে কোনো সমাধানৰ পথ মুকলি হয়।
হোৱাইট হাউচৰ এইগৰাকী শীৰ্ষ কৰ্তৃত্বশীল বিষয়াই জনাইছে, আমেৰিকাই বিচাৰে ৰাছিয়াৰ সৈতে সংঘাতৰ অৱসনা ঘটাই যুদ্ধ বিৰতিৰ চুক্তি সন্দৰ্ভত আলোচনাত বহিবলৈ সন্মত হওক ইউক্ৰেইন। হোৱাইট হাউচৰ বৈঠকতো ট্ৰাম্প আৰু ভাঞ্চে এই একেই পৰামৰ্শ দিছিল জেলেনস্কিক।
অৱশ্যে জেলেনস্কি আত্মসমৰ্পণ কৰিবলৈ সন্মত নহয়। তেওঁ কৈছে, অনেক চুক্তি কৰা হৈছে। কিন্তু তাৰ পাছতো বাৰে বাৰে তেওঁ যুদ্ধ বিৰতি উলংঘন কৰিছে। আমাৰ দেশৰ মানুহক হত্যা কৰিছে। বন্দীসকলক ঘূৰাই পঠিওৱা নাই। কোনো চৰ্ত পালন কৰা নাই।