/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/02/ukraine.png)
ডিজিটেল ডেস্ক: আৰম্ভ হ'ল হত্যালীলা। ৰাছিয়াৰ আক্ৰমণত প্ৰায় ৭ জনৰ মৃত্যু আৰু ৯ গৰাকীকৈ লোক আহত ইউক্ৰেইনৰ নাগৰিক,ইউক্ৰেইন কৰ্তৃপক্ষই জাৰি কৰিছে এই তথ্য। বৃহস্পতিবাৰে ইউক্ৰেইনত আক্ৰমণ চলাই ৰাছিয়াই। তদুপৰি বৰ্তমানলৈ লাভ কৰৰা তথ্য অনুসৰি ১৯ গৰাকীকৈ লোক নিৰুদ্দেশ হৈ আছে ইউক্ৰেইনৰ নাগৰিক।
বৃহস্পতিবাৰে ইউক্ৰেইনৰ বিৰু্দ্ধে সামৰিক অভিযান ঘোষাণা কৰাৰ পাছতেই ৰাষ্ট্ৰ সমূহৰ মাজত উত্তেজনাৰ সৃষ্টি হৈছে।ইতিমধ্যে ৰাছিয়াই ইউক্ৰেইনৰ কেইবাটাও বায়ুসেনাৰ ঘাটি, লগতে নদীৰ ওপৰত থকা এখন দলং সম্পূৰ্ণ ৰূপে ধ্বংস কৰিছে।
ইয়াৰ মাজতে ইউৰোপীয় আয়োগৰ সভাপতি উৰসুলা ভন ডেৰ লেয়েনে ৰাছিয়াৰ ৰাজনৈতিক অৰ্থনৈতি দুৰ্বল কৰাৰ হুংকৰ প্ৰদান কৰে । লগতে ইউৰোপীয় ইউনিয়নত ৰাছিয়াৰ সম্পত্তি ফ্ৰীজ কৰাৰ লগতে ইউৰোপীয় বিত্তীয় বজাৰত ৰাছিয়ান বেংকৰ প্ৰৱেশাধিকাৰ বন্ধ কৰিব বুলি উল্লেখ কৰে। তেওঁ কয় যে ৰাষ্ট্ৰপতি পুটিন ইউৰোপলৈ যুদ্ধ ঘূৰাই অনাৰ বাবে দায়বদ্ধ।
অন্যহাতে ইউক্ৰেইনৰ প্ৰতিৰক্ষা মন্ত্ৰী ওলেক্সি ৰেজনিকভে যিসকল ব্যক্তি অস্ত্ৰ ধৰিবলৈ সাজু আৰু সক্ষম তেওঁলোকে আঞ্চলিক প্ৰতিৰক্ষা বাহিনীৰ শাৰীত যোগদান কৰিব পাৰে বুলি মন্তব্য প্ৰদান কৰে।