টাইৱান জল সীমান্তলৈ দুখনকৈ যুদ্ধ জাহাজ প্ৰেৰণ আমেৰিকা যুক্তৰাষ্ট্ৰৰ…

টাইৱান জল সীমান্তলৈ দুখনকৈ যুদ্ধ জাহাজ প্ৰেৰণ আমেৰিকা যুক্তৰাষ্ট্ৰৰ…

author-image
asomiyapratidin
New Update
টাইৱান জল সীমান্তলৈ দুখনকৈ যুদ্ধ জাহাজ প্ৰেৰণ আমেৰিকা যুক্তৰাষ্ট্ৰৰ…

ডিজিটেল ডেস্ক : আমেৰিকাৰ সংসদৰ অধ্যক্ষ নেন্সী পেলোছিৰ টাইৱান ভ্ৰমণে কঢ়িয়াই অনা আমেৰিকা-চীনা যুদ্ধৰ আশংকা সাম নাকাটোতেই টাইৱান জল সীমান্তলৈ দুখন যুদ্ধ জাহাজ প্ৰেৰণ আমেৰিকাৰ । মিছাইল কঢ়িয়াই নিয়া এই দুই জাহাজে ইতিমধ্যেই আন্তৰ্জাতিক জলত প্ৰৱেশ কৰিছে, ইয়াৰ পাছত তেওঁলোকৰ সকলো কাৰ্য্যকলাপ নিৰীক্ষণ কৰিব পাৰিব চুবুৰিয়া দেশ সমূহে ।

Advertisment

উল্লেখ্য যে, টাইৱান আৰু চীনৰ মাজত থকা ১৮০ কিলোমিটাৰ দীঘল এক জলপথত প্ৰৱেশ কৰা সন্দৰ্ভত চীনে দিয়া মন্তব্যত প্ৰকাশ পাইছে আন এক বিবাদৰ আগমণ । অতি সঘনাই চলা আমেৰিকাৰ এই অভিযানসমূহক প্ৰৰোচনামূলক আখ্যা দিয়ে চীনে । আৰু ই ভৱিষ্যতে টাইৱানলৈ বিপদ কঢ়িয়াই আনিব বুলিও কয় চীনৰ পিপলছ লিবাৰেছন আৰ্মীৰ পূৰ্বাঞ্চল কামাণ্ডৰ মুখ্যপাত্ৰ কৰ্নেল শ্বি.য়ি. এ ।

আৰু পঢ়ক : বৃহৎ ঘোষণা! তৃতীয়-চতুৰ্থ বৰ্গৰ পৰীক্ষাত উত্তীৰ্ণ হ'ব নোৱাৰা পৰীক্ষাৰ্থীক মাচুল ঘূৰাই দিয়া হ'ব

china america