/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/8e5eb82d-6945-4b45-8160-19ce90567be5/gfgg.jpg)
ডিজিটেল ডেস্কঃ ভাৰতৰ পৰা পলায়ন কৰি পাকিস্তানত আশ্ৰয় লৈছে দুই পিতা-পুত্ৰই। এই দুয়োজনে অভিযোগ উত্থাপন কৰিছে যে ধৰ্মৰ বাবে তেওঁলোক অত্যাচাৰৰ সন্মুখীন হ'বলগীয়া হৈছিল ভাৰতত।
বিষয় সন্দৰ্ভত পাকিস্তানে কৈছে যে দুই পিতা-পুত্ৰই অবৈধভাৱে পাকিস্তানত প্ৰৱেশ কৰিছে। আফগানিস্তান সীমান্তৰ পৰা তেওঁলোক পাকিস্তানত উপস্থিত হৈছে। তেওঁলোকৰ ঘৰ নতুন দিল্লীত।
পাকিস্তান আৰক্ষীৰ মতে ৭০ বছৰীয়া মহম্মদ হছনেন আৰু ৩১ বছৰীয়া পুত্ৰ ইছাত অমীৰে পাকিস্তান-আফগানিস্তান সীমান্তই দি পাকিস্তানত প্ৰৱেশ কৰিছে। বৰ্তমান তেওঁলোকক সোধা পোছা কৰি আছে আৰক্ষীয়ে।
মহম্মদ হছনেনে পাকিস্তান আৰক্ষীক জনাইছে যে পাকিস্তানত তেওঁ জেলত থাকিবলৈও সাজু। তেওঁলোকৰ ঘৰ দিল্লীত। কিন্তু বহু দিন ধৰি ধৰ্মৰ বাবে নিৰ্যাতন চলাই অহা হৈছে তেওঁলোকৰ ওপৰত। মুছলমানে কিবা কৰি ঘৰত বুলডজাৰ চলাই দিয়া হয়। যাৰ বাবে দেশ এৰি পলায়ন কৰে।
তেওঁলোকে ৫ ছেপ্টেম্বৰত ডুবাইলৈ গৈছিল। তাতেই তেওঁলোকে আফগানিস্তান দূতবাসৰ পৰা ভিছা লাভ কৰিছিল। কিন্তু তেওঁলোকে সীমান্তৰে পাছত পাকিস্তান লৈ যায়।
Also Read: নৃত্য কৰি থকাৰ মাজতেই হৃদৰোগত আক্ৰান্ত হৈ যুৱকৰ মৃত্যু