সলনি হ'ল টুইটাৰৰ ল'গ', ব্লু বাৰ্ডৰ পৰিৱৰ্তে এইবাৰ শ্বিবা ইনু

সলনি হ'ল টুইটাৰৰ ল'গ', ব্লু বাৰ্ডৰ পৰিৱৰ্তে এইবাৰ শ্বিবা ইনু

ডিজিটেল ডেস্ক : সামাজিক মাধ্যমত কোন মুহুৰ্তত কেতিয়া কি চৰ্চিত হৈ পৰে সেই কথা জনাৰ সৌভাগ্য আজিলৈ কাৰো হোৱা নাই । বহু সময়ত গুৰুত্বপূৰ্ণ কোনো কথা তল পৰি, চাঞ্চল্যৰ সৃষ্টি কৰে একোটা লঘু ঘটনাই । তেনেদৰেই আৰম্ভ হৈছিল বিশ্বৰ বিখ্যাত পুঁজিপতি ইলন মাস্কৰ তাতোকৈ বিখ্যাত ডগ মীম । নিমিষতে প্ৰচুৰ জনপ্ৰিয়তা অৰ্জন কৰাৰ পাছত ক্ৰিপ্ট' কাৰেন্সীটো আৰম্ভ কৰা হৈছিল ডগ কইন, ঠিক বিটকইনৰ দৰেই ।

শেহতীয়াকৈ পুঁজিপতি গৰাকীয়ে ক্ৰয় কৰিলে টুইটাৰৰ মালিকীস্বত্ব । তাৰ পাছৰে পৰাই বিভিন্ন বিষয়ত নিতৌ নতুন বিতৰ্ক । কেতিয়াবা যদি কৰ্মচাৰী নিলম্বন, কেতিয়াবা আকৌ টুইটাৰৰ বিখ্যাত ব্লু বাৰ্ডৰ ল'গ' সলনিৰ প্ৰতিশ্ৰুতি । মুঠতে যিকোনো প্ৰকাৰে সংবাদ মাধ্যমৰ শীৰ্ষত ইলন মাস্ক ।

সোমবাৰে ৰাতিপুৱা বিখ্যাত মাইক্ৰ' ব্লগিং চাইট টুইটাৰৰ এক নতুন ল'গ' দেখা পালে বিশ্ববাসীয়ে । নীলা চৰাইৰ জেগাত টুইটাৰলৈ সম্ভাষণ জনালে এটি কুকুৰে । এই কুকুৰটি হৈছে বিশ্ববিখ্যাত শ্বিবা ইনু । শ্বিবা ইনু প্ৰজাতিৰ কুকুৰৰ আচৰণৰ বাবে শেহতীয়াকৈ সৃষ্টি কৰা হৈছিল বিভিন্ন মীম । যাৰ বাবেই এতিয়া পুনৰ চৰ্চাৰ শীৰ্ষত ইলন মাস্ক

সলনি হ'ল টুইটাৰৰ ল'গ', ব্লু বাৰ্ডৰ পৰিৱৰ্তে এইবাৰ শ্বিবা ইনু
পৰাজয়ৰ ধাৰা অব্যাহত পি এছ জিৰ...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in