পাকিস্তানৰ বন্দৰত তুৰস্কৰ যুদ্ধ জাহাজঃ পাকিস্তানে কৈছে তেওঁলোক সহায়ৰ বাবে আগবাঢ়ি আহিছে

যুদ্ধ উত্তেজনাৰ মাজতে পাকিস্তানক সহায় কৰিবলৈ আগবাঢ়ি আহিছে তুৰস্ক। যুদ্ধ বিমান প্ৰেৰণ কৰাৰ পিছত দেওবাৰে কৰাচী বন্দৰত উপস্থিত হয়হি তুৰস্কৰ যুদ্ধ জাহাজ টিচিজি বায়কাডা।

author-image
Tushar Pratim
New Update
পাকিস্তানৰ বন্দৰত তুৰস্কৰ যুদ্ধ জাহাজঃ পাকিস্তানে কৈছে তেওঁলোক সহায়ৰ বাবে আগবাঢ়ি আহিছে

ডিজিটেল ডেস্কঃ পেহেলগাম আক্ৰমণৰ পাছতে ভাৰত-পাকিস্তানৰ মাজত যুদ্ধ উত্তেজনাই বিৰাজ কৰিছে। দুয়োখন দেশেই এনে উত্তেজনাৰ মাজতে সামৰিক কাম-কাজ বৃদ্ধি কৰিছে। যদিও পূৰ্ণাংগ যুদ্ধ হোৱা নাই তথাপিও এনে এক পৰিস্থিতিৰ সূচনা হৈছে য’ত যুদ্ধ প্ৰায় নিশ্চিত বুলিয়েই সাধাৰণ মানুহ পতিয়ন গৈছে। 

Advertisment

এনে যুদ্ধ উত্তেজনাৰ মাজতে পাকিস্তানক সহায় কৰিবলৈ আগবাঢ়ি আহিছে তুৰস্ক। দেওবাৰে কৰাচী বন্দৰত উপস্থিত হয়হি তুৰস্কৰ যুদ্ধ জাহাজ টিচিজি বায়কাডা। অহা বুধবাৰলৈকে কৰাচীতে থাকিব এই যুদ্ধ জাহাজখন। 

আনহাতে, কিছুদিন পূৰ্বে ইছলামাবাদত অৱতৰণ কৰিছিল তুৰস্কৰ চি-১৩০ যুদ্ধ বিমান। এক সূত্ৰৰ আধাৰত ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি পাকিস্তানৰ বিভিন্ন বিমান ঘাটিত বৰ্তমান ছখন চি-১৩০ যুদ্ধ বিমান আছে।
 
কেইবাটাও পাকিস্তানী সংবাদ মাধ্যমে দাবী কৰিছে যে ইয়াত অস্ত্ৰ-শস্ত্ৰও মজুত আছে। অৱশ্যে তুৰস্কই এই দাবী অস্বীকাৰ কৰিছে। তাৰ পৰিৱৰ্তে তুৰস্কৰ ৰাষ্ট্ৰপতি ৰেচেপ টাইব এৰদোগানৰ জনসংযোগ কাৰ্যালয়ে এক বিবৃতি প্ৰকাশ কৰি কয় যে, তেওঁলোকৰ বিমানখন ইন্ধন ভৰোৱাৰ বাবেহে অৱতৰণ কৰা হৈছিল।

ইফালে পাকিস্তানৰ নৌসেনাই দেওবাৰে কৰাচী বন্দৰত তুৰস্কৰ এখন যুদ্ধ জাহাজক আদৰণি জনাইছে। ইছলামবাদে এই সন্দৰ্ভত কয় যে, তেওঁলোকৰ দেশৰে থকা সুসম্পৰ্কৰ স্বাৰ্থতে তুৰস্কই পাকিস্তানলৈ যুদ্ধ জাহাজ প্ৰেৰণ কৰিছে। অৱশ্যে তুৰস্কই আকৌ এয়া এক ৰুটিন কাম বুলিহে উল্লেখ কৰিছে।

ইয়াৰ আন কোনো তাৎপৰ্য নাই বুলি জানিব পৰা গৈছে। প্ৰসংগক্ৰমে তুৰস্কৰ চৰকাৰে পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত নতুন দিল্লী আৰু ইছলামবাদৰ মাজত উত্তেজনা হ্ৰাস কৰিবলৈ দুয়োপক্ষলৈ বাৰ্তা প্ৰেৰণ কৰিছে। 

ৰাষ্ট্ৰপতি এৰদোগানে কয় যে, তুৰস্কই বিচাৰে পৰিস্থিতি অধিক ভয়াৱহ হোৱাৰ পূৰ্বে পাকিস্তান আৰু ভাৰতৰ মাজত উত্তেজনাৰ ক্ষিপ্ৰ অন্ত পৰক। 

তুৰস্ক পেহেলগাম পাকিস্তান