আইৰ সমান হ'ব কোন ! ভূমিকম্পৰ দুমাহ পাছত পুনৰ মাতৃৰ কোলাত দেখা গ'ল ধ্বংসস্তূপৰ পৰা উদ্ধাৰ হোৱা কণমানিক

আইৰ সমান হ'ব কোন ! ভূমিকম্পৰ দুমাহ পাছত পুনৰ মাতৃৰ কোলাত দেখা গ'ল ধ্বংসস্তূপৰ পৰা উদ্ধাৰ হোৱা কণমানিক

ডিজিটেল ডেস্ক : ২০২৩ বৰ্ষৰ ৬ ফেব্ৰুৱাৰীত তুৰস্ক আৰু ছিৰিয়াক কপাই গৈছিল এক বিধ্বংসী ভূমিকম্পই । প্ৰায় ৪০ হেজাৰৰো অধিক লোকে প্ৰাণ হেৰুৱাৰ ওপৰিও গৃহহীন হৈছিল লক্ষাধিক লোক । প্ৰত্যেক দিনেই এক ন ন তথ্যই কন্দুৱাই গৈছিল সমগ্ৰ বিশ্বক । ক'ৰ'বাত যদি পিতৃয়ে মৃত কন্যাক এৰি চিকিৎসালয়লৈ যাবলৈ অস্বীকাৰ কৰিছিল আন ক'ৰ'বাত আকৌ ৭ বছৰীয়া কণমানি এজনীয়ে দুবছৰীয়া ভাতৃক ধ্বংসস্তূপৰ মাজৰ আৱৰি আছিল আঘাত নাপাবলৈ । খহি পৰা অট্টালিকাটোৰ দেৱাল এখন যদি বাগৰি পৰিবলৈ হয় তেন্তে কনমাণিজনীও যে নিমিষতে ধ্বংসস্তূপৰ মাজত নিচিহ্ন হৈ যাব সেই কথা তাইক ক'বলৈ নাছিল কাৰো সাহস ।

এই সকলোৰে মাজত বিখ্যাত হৈ পৰিছিল এটি শিশু । তিনিমহীয়া শিশুটি ৫ দিনলৈ আৱদ্ধ হৈ আছিল ধ্বংসস্তূপৰ মাজত । ১২৮ ঘন্টা অনহাৰে কটোৱা শিশুটিৰ পৰিয়ালৰ কোনো সদস্যৰেই কোনো শুংসূত্ৰ পোৱা হোৱা নাছিল তেতিয়া । সমগ্ৰ বিশ্বৰ হেজাৰ হেজাৰ পৰিয়াল আগুৱাই আহিছিল শিশুটিৰ দায়িত্ব ল'বলৈ ।

সৌভাগ্যক্ৰমে বিধ্বংসী ভূমিকম্পই দুটা মাহ অতিক্ৰম কৰাৰ পাছত শিশুটিৰ মাতৃক বিচাৰি পোৱা গৈছে তুৰস্কৰেই এখন চিকিৎসালয়ত । মাতৃ গৰাকী আৰু শিশুটিৰ ডি এন এ পৰীক্ষা সম্পন্ন কৰাৰ পাছত শিশুটিৰ প্ৰকৃত মাতৃ বুলি নিশ্চিত হৈছিল তুৰস্কৰ চৰকাৰ । তাৰ পাছতেই দুমাহ পাছত পুনৰ এবাৰ মাতৃগৰাকীৰ কোলাত দেখা গ'ল দুৰ্ভগীয়া শিশুটিক । মাতৃৰ সৈতে পুনৰ্মিলনৰ এই আলোকচিত্ৰই এতিয়া সমাদৰ লাভ কৰিছে সমগ্ৰ বিশ্বত ।

আইৰ সমান হ'ব কোন ! ভূমিকম্পৰ দুমাহ পাছত পুনৰ মাতৃৰ কোলাত দেখা গ'ল ধ্বংসস্তূপৰ পৰা উদ্ধাৰ হোৱা কণমানিক
উত্তৰ কোৰিয়াৰ সাম্ৰাজ্যবাদী শাসনৰ সকলো ৰহস্য উদঙাই দিয়া যুৱতীগৰাকী

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in