ভাৰতৰ বিৰুদ্ধে চাইবাৰ সেনাৰ দল প্ৰস্তুত কৰাত পাকিস্তানক সহায় কৰিছিল তুৰ্কীয়ে...

ভাৰতৰ বিৰুদ্ধে চাইবাৰ সেনাৰ দল প্ৰস্তুত কৰাত পাকিস্তানক সহায় কৰিছিল তুৰ্কীয়ে...

ডিজিটেল ডেস্ক : ফাদিল হ'ল এক চাঞ্চল্যকৰ গোপন তথ্য । পাকিস্তান আৰু তুৰ্কীৰ মাজত হোৱা এক দ্বিপাক্ষিক বৈঠকৰ দ্বাৰা ৰাজনৈতিক মুনাফাৰ বাবে পাকিস্তানক চাইবাৰ সেনাৰ দল প্ৰস্তুত কৰাত সহায় কৰিছিল তুৰ্কীয়ে । মূলত আমেৰিকা আৰু ভাৰতৰ বিৰুদ্ধে চলিছিল এই চাইবাৰ আক্ৰমণ । বহু কেইজন জ্যেষ্ঠ সাংবাদিক, সুৰক্ষা বিশেষজ্ঞৰ দল 'নৰ্ডিক মনিটৰ'এ প্ৰকাশ কৰিলে এই তথ্য ।

তথ্য অনুসৰি, দক্ষিণ-পূব এছিয়াৰ ইছলাম সম্প্ৰদায়ৰ লোকসকলৰ মাজত এক নতুন জনমত গঠন কৰা তথা আমেৰিকা আৰু ভাৰত আক্ৰমণৰ বাবে উছটাই দিয়াৰ কাম কৰিছিল এই চাইবাৰ দলটোৱে । ইয়াৰ ওপৰিও পাকিস্তানৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী ইমৰাণ খানৰ জনপ্ৰিয়তা বৃদ্ধি কৰিবলৈও চেষ্টা কৰিছিল ।

উল্লেখ্য যে, প্ৰাক্তন প্ৰধান মন্ত্ৰী ইমৰাণ খানৰ শাসনকালতেই অনুষ্ঠিত কৰা হৈছিল এই দ্বিপাক্ষিক বৈঠক খন আৰু পৰৱৰ্তী কাৰ্য কলাপৰ বাবেও অনুমতি প্ৰদান কৰা হৈছিল । কিন্তু দুয়োখন দেশৰে শীৰ্ষ পৰ্যায়ৰ বহু বিষয়াৰ পৰা লুকুৱাই ৰখা হৈছিল বৈঠকৰ অন্তৰালৰ ৰহস্য ।

চাইবাৰ সেনাৰ কথা পোন প্ৰথম বাৰলৈ পোহৰলৈ আহে চলিত বৰ্ষৰ ১৩ অক্টোবৰত । তুৰ্কীৰ এটি স্থানীয় সংবাদ মাধ্যমত এগৰাকী মন্ত্ৰীয়ে এই কথা স্বীকাৰ কৰি পৰোক্ষভাৱে ফাদিল কৰে তথ্য, তাৰ পাছতেই নৰ্ডিক মণিটৰৰ তৎপৰতাত পোহৰলৈ আহিছিল সমগ্ৰ ঘটনা ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in