/asomiyapratidin/media/media_files/2025/01/28/2bYGIciIg1uKmspA7Krs.jpg)
ডিজিটেল ডেস্কঃ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে সোমবাৰে জনাইছে মাইক্ৰ’ছফ্টে ভিডিঅ’ শ্বেয়াৰিং প্লেটফৰ্ম টিকটকক অধিগ্ৰহণ কৰাৰ বাবে আলোচনা কৰিছে। তেওঁ বিচাৰে এই এপটোৰ বাবে এক বিডিং যুদ্ধ হওক।
ৰয়টাৰ্ছৰ এক প্ৰতিবেদনত উল্লেখ কৰা মতে টিকটকৰ আমেৰিকা ভাৰ্ছন ক্ৰয়ৰ বাবে অনেক প্ৰতিষ্ঠান আগ্ৰহী হৈ আছে। তেওঁ বিচাৰে ইয়াত আমেৰিকাৰ কোনো এক প্ৰতিষ্ঠানৰ ৫০ শতাংশ মালিকানা থাকক।
ৰাষ্ট্ৰপতিগৰাকীয়ে আৰু কয় যে, টেছলাৰ মুৰব্বী ইলন মাস্ক বা অৰাকল কৰ্পোৰেচনৰ অধ্যক্ষ লেৰী এলিছনে টিকটক পৰিচালনা কৰাটো বিচাৰিছে। তেওঁ নিবিচাৰে এই এপটো চীনৰ মালিকৰ হাতত থাকক। উল্লেখ্য যে, শনিবাৰে ট্ৰাম্পে টিকটক বিক্ৰীৰ বিষয়ে মন্তব্য কৰিছিল।
তেওঁ কয়, "বহুতো গুৰুত্বপূৰ্ণ ব্যক্তিয়ে মোৰ সৈতে কথা পাতিছে। আমি যথেষ্ট আগ্ৰহ দেখিছোঁ, আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ ইয়াৰ পৰা যথেষ্ট লাভান্বিত হ'ব।" মন কৰিবলগীয়া যে, পাৰপ্লেক্সিটি আৰ্টিফিচেল ইণ্টেলিজেঞ্চেও টিকটকৰ আমেৰিকাৰ ভাৰ্ছন ক্ৰয় কৰিবলৈ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ চৰকাৰৰ সৈতে যুটীয়া উদ্যোগত কাম কৰাৰ প্ৰস্তাৱ দিছে।
তেওঁলোকে প্ৰস্তাৱ দিছে বাইটডান্সে টিকটকত ইয়াৰ অংশীদাৰীত্ব বজাই ৰাখিবলৈ সক্ষম হ'ব। কিন্তু ইয়াত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব’ৰ্ড থাকিব। এই ব'ৰ্ডেই সকলো সিদ্ধান্ত লোৱাৰ বাবে দায়বদ্ধ হ'ব।
স্মৰ্তব্য যে, এই মাহৰ আৰম্ভণিতে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ উচ্চতম ন্যায়ালয়ে এক আইনত অনুমোদন জনাইছিল। য’ত তথ্য সুৰক্ষাৰ ওপৰত ৰাষ্ট্ৰীয় সুৰক্ষাৰ বিপদৰ আশংকাৰ বাবে চীনৰ মালিকানাধীন টিকটক এপটো আমেৰিকাত নিষেধাজ্ঞা আৰোপ কৰিছিল।
কিন্তু ট্ৰাম্পে এই নিষেধাজ্ঞা সাময়িকভাৱে স্থগিত ৰাখে আৰু ৭৫ দিনৰ ভিতৰত এপটোৰ আমেৰিকা ভাৰ্ছন বিক্ৰী কৰাৰ ব্যৱস্থা লোৱাৰ এক কাৰ্যবাহী আদেশ জাৰি কৰে। যাতে আমেৰিকাত এই এপটো চীনৰ মালিকানাধীন হৈ নাথাকে।