গ্ৰেপ্তাৰ হ'ব পাৰে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্প

গ্ৰেপ্তাৰ হ'ব পাৰে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প। ট্ৰাম্পে কয় যে ২০১৬ চনৰ নিৰ্বাচনৰ পূৰ্বে এগৰাকী পৰ্ণ ষ্টাৰক ধন দিয়াৰ অভিযোগত তেওঁক মঙলবাৰে গ্ৰেপ্তাৰ কৰিব পাৰে।

author-image
Asomiya Pratidin
New Update
গ্ৰেপ্তাৰ হ'ব পাৰে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্প

ডিজিটেল ডেস্কঃ গ্ৰেপ্তাৰ হ'ব পাৰে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প। ট্ৰাম্পে কয় যে ২০১৬ চনৰ নিৰ্বাচনৰ পূৰ্বে এগৰাকী পৰ্ণ ষ্টাৰক ধন দিয়াৰ অভিযোগত তেওঁক মঙলবাৰে গ্ৰেপ্তাৰ কৰিব পাৰে। ইয়াৰ বাবে তেওঁ সমৰ্থক সকলক প্ৰতিবাদ কৰাৰ বাবে আহ্বান জনায়।

Advertisment

এই ক্ষেত্ৰত ট্ৰাম্পক অভিযুক্ত কৰিব নে নাই বিবেচনা কৰি আছে বিভাগীয় কৰ্তৃপক্ষই। যদি ম্যানহাটান জিলাৰ অধিবক্তাসকলে ট্ৰাম্পক দোষী সাব্যস্ত কৰে তেন্তে ট্ৰাম্প অপৰাধত অভিযুক্ত হোৱা প্ৰথম প্ৰাক্তন ৰাষ্ট্ৰপতি হ'ব।

অভিযোগ অনুসৰি ট্ৰাম্পে ২০১৬ চনৰ নিৰ্বাচনৰ পূৰ্বে ট্ৰাম্পে ষ্টৰ্মি ডেনিয়েলচক ১৩০০,০০০ ডলাৰ দিছিল। ট্ৰাম্পৰ লগত তেওঁৰ সম্পৰ্কৰ কথা প্ৰচাৰ নকৰিবৰ বাবে এই টকা দিয়াৰ অভিযোগ উত্থাপন হৈছে। আনহাতে এই অভিযোগ অস্বীকাৰ কৰিছে ট্ৰাম্পে।

Also Read: হুৰা হুৰে দাম বৃদ্ধি! বজাৰৰ অভাৱ পূৰণ কৰিব পাৰিবনে অসমীয়া শিপিনীয়ে...

trump