হুৰা হুৰে দাম বৃদ্ধি! বজাৰৰ অভাৱ পূৰণ কৰিব পাৰিবনে অসমীয়া শিপিনীয়ে...

অসমত নিষিদ্ধ পাৱাৰলুমৰ গামোচা, মেখেলা-চাদৰ, আৰনাই আদি। যাৰ পাছত হুৰা হুৰে বাঢ়িছে থলুৱা বস্ত্ৰ সমূহৰ দাম। চিন্তাত পৰিছে সাধাৰণ গ্ৰাহক সকল।
হুৰা হুৰে দাম বৃদ্ধি! বজাৰৰ অভাৱ পূৰণ কৰিব পাৰিবনে অসমীয়া শিপিনীয়ে...

বৰষা শৰ্মা

সন্মুখত ৰঙালী বিহু। হেঁপাহৰ বিহুটিক আদৰিবলৈ প্ৰস্তুতি চলাইছে ৰাজ্যবাসীয়ে। কুলিৰ মাতে আগজাননী দিছে বসন্তৰ। বিহুৰ পূৰ্বে চৰকাৰকে ধৰি ব্যক্তি বিশেষ, সংগঠন আদিয়ে লৈছে বিভিন্ন পদক্ষেপ। প্ৰস্তুতি চলাইছে বিহুত অনুষ্ঠিত হ'বলগীয়া অনুষ্ঠানৰ, অনুষ্ঠিত কৰিছে কৰ্মশালা আদি।

চৰকাৰেও বিহুটিক আদৰাৰ বাবে চলাইছে ব্যাপক প্ৰস্তুতি। বিগত বছৰৰ দৰে এইবাৰো বিহুৰ সময়ত বিভিন্ন মেলা আদি অনুষ্ঠিত কৰিবৰ বাবে চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে।

এইবাৰ ৰঙালী বিহুক গিনিজ ৱাৰ্ল্ড ৰেকৰ্ড বুকত অন্তৰ্ভূক্ত কৰিবলৈ যো যা চলাইছে ৰাজ্য চৰকাৰে।  ১৪ এপ্ৰিলত সৰুসজাইত ৰাজ্য় চৰকাৰৰ উদ্য়োগত আয়োজন কৰা হ'ব বহাগ বিহু। ১১ হাজাৰ বিহু নৃত্যশিল্পীয়ে অংশ ল'ব এই অনুষ্ঠানত। পেঁপা, ঢোলৰ মাতে ৰজন জনাব সৰুসজাই।

উক্ত দিনটোতেই উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। লগতে অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হৈছে প্ৰতিখন ৰাজ্যৰে মুখ্যমন্ত্ৰীক।

ইয়াৰ মাজতে এইবাৰ বিহুৰ পূৰ্বে ৰাজ্যৰ শিপিনী সকলৰ বাবে মুখ্যমন্ত্ৰী গৰাকীয়ে আনিছিল ভাল খবৰ। মুখ্যমন্ত্ৰী গৰাকীয়ে ঘোষনা কৰিছিল যে ১ মাৰ্চৰ পৰা ১৪ এপ্ৰিললৈ ৰাজ্যত নিষিদ্ধ হ'ব পাৱাৰলুমৰ গামোচা,মেখেলা-চাদৰ, আৰনাই আদি। যদি কোনো ব্যৱসায় প্ৰতিষ্ঠানত পালাৰলুমৰ গামোচা বা মেখেলা চাদৰ আদি পাই তেন্তে সেইবোৰ জব্দ কৰা হ'ব।

কথামতেই কাম, মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতেই ৰাজ্যজুৰি অভিযান চলিল পাৱাৰলুমৰ গামোচাৰ বিৰুদ্ধে। ৰাজ্যৰ বহু প্ৰান্তত জব্দ কৰা হ'ল বহু গামোচ।অসমত থলুৱা শিপিনৰ দ্বাৰা উৎপাদিত হাতে বোৱা গামোচা, মেখেলা-চাদৰ, দখনা আদি বিক্ৰীৰ ব্যৱস্থা কৰি বোৱনীসকলক উৎসাহিত কৰাৰ লগতে আৰ্থিক দিশত উপকৃত কৰিবলৈ চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে।

এই নিশ্চিত ভাৱে এক ভাল কথা। কৃষি, শিল্প আদি বিভিন্ন দিশতে দেখা গৈছে বহিৰাগতৰ প্ৰভাৱ। যাৰ বাবে থলুৱা লোক সলকৰ উৎপাদিত সামগ্ৰী সমূহে প্ৰসাৰ লাভ কৰাত ব্যৰ্থ হয়।

কিন্তু ঢাল, তৰুৱাল অবিহনে যুঁজত নামিছে ৰাজ্যৰ হস্ত তাঁত আৰু বস্ত্ৰ শিল্প বিভাগ। কোনবোৰ গামোচা বহিঃৰাজ্যত মেচিনত তৈয়াৰ হৈ অহা আৰু কোনবোৰ গামোচা অসমত স্থানীয় ভাৱে উৎপাদন কৰা সেই বিষয়ে পৰীক্ষা কৰিবলৈ নাই সুব্যৱস্থা।

এই সন্দৰ্ভত এক প্ৰশ্নৰ উত্তৰত বিভাগীয় মন্ত্ৰী উ জি ব্ৰহ্মই কৈছিল যে , অসমত বহিঃৰাজ্যৰ গামোচা পৰীক্ষাৰ বাবে কোনো পৰীক্ষাগাৰ নাই। যাৰ বাবে বহিঃৰাজ্যৰ গামোচা পৰীক্ষাৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হৈছে।

যাৰ বাবে গামোচা পৰীক্ষা কৰিবলৈ কলিকতাৰ পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰিবলগীয়া হয়। কিন্তু কলিকতাৰ পৰীক্ষাগাৰৰ পৰা কোনো প্ৰতিবেদন লাভ নকৰে। যাৰ বাবে গামোচা পৰীক্ষাৰ ক্ষেত্ৰত বিভাগে স্থানীয় বিশ্লেষণৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছে।

কেৱল নামতহে যেন চৰকাৰে গ্ৰহণ কৰে পদক্ষেপ। কোনো ধৰণৰ ব্যৱস্থা নোহোৱাকৈ এনেদৰে ঘোষণা কৰা কিছুমান সিদ্ধান্তই বহু প্ৰশ্ন উত্থাপন কৰে।

বৰ্তমান পৰ্যন্ত ৰাজ্যত ১৬,০০০ অধিক পাৱাৰলুমৰ গামোচা জব্দ কৰিছে বিভাগীয় কৰ্তৃপক্ষই। যাৰ লগে লগে দাম বৃদ্ধি হৈছে থলুৱা শিল্পীৰ হাতে বোৱা গামোচাৰ।

৫০ টকা মানৰ পৰা আৰম্ভ হয় পাৱাৰলুমৰ গামোচাৰ দাম। ১০০ টকাত ভাল সুন্দৰ গামোচা এখন লাভ কৰে গ্ৰাহকে। তেনে স্থলত থলুৱা গামোচা এখনৰ দাম ন্যুনতম ২৫০ হৈছেগৈ। যাৰ বাবে ভাল খবৰৰ মাজতো সমস্যাত ভুগিছে একাংশ গ্ৰাহক।

আনহাতে চাহিদা অনুপাতে অসমত উৎপাদিত নহয় গামোচা। যাৰ বাবে অসমত এতিয়া গামোচাৰ নাটনি হোৱা পৰিলক্ষিত হৈছে।

কৃষি ক্ষেত্ৰ, বাণিজ্য আদি বিভিন্ন ক্ষেত্ৰ লক্ষ্য কৰিলে দেখা যায় যে বাহিৰৰ সা-সামগ্ৰীয়েহে বজাৰৰ চাহিদা পূৰণ কৰে। কিয়নো পৰ্যাপ্ত বস্তু উৎপাদিত নহয় অসমত। মাছ, মাংসৰ পৰা আদি কৰি শাক-পাচলিলৈকে বাহিৰৰ পৰা বস্তু অনা হয়।

তেনে স্থলত গামোচাৰ ক্ষেত্ৰতো একেই দশা। অসমৰ প্ৰায়ভাগ শিপিনীয়ে কেৱল ঘৰৰ চাহিদা পূৰণ কৰিবলৈ কাপোৰ বয়। এনে মহিলাৰ সংখ্যা বহু কম যিয়ে কাপোৰ বোৱাক উপাৰ্জনৰ আহিলা হিচাপে গ্ৰহণ কৰি আহিছে।

গতিকে এইবাৰ বিহুত গামোচাৰ নাটনি হোৱাৰ পূৰ্ণ সম্ভাৱণা আছে। চৰকাৰে এই ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰাৰ প্ৰয়োজন আছিল। হুৰ হুৰাই বঢ়া গামোচাৰ দামত নাকী লগাবলৈ পদক্ষেপ গ্ৰহণ কৰিব লাগিছিল চৰকাৰে।

যদি চৰকাৰ এনে কাম-কাজৰ এনে নমুনা অব্যাহত থাকে তেন্তে এনে এদিন আহিব যে গামোচা এখন কিনিবলৈ মানুহে দহবাৰ ভাবিব। গতিকে এইবোৰ বিষয়ে চৰকাৰ বা বিভাগীয় কৰ্তৃপক্ষই চিন্তা-চৰ্চা কৰাৰ আৱশ্যক।

বিহু অসমীয়া জাতিৰ সাৰ। ই আমাৰ আয়ুস ৰেখা। ইতিমধ্যে বিহু আমাৰ জন-জীৱনৰ পৰা বহু আঁতৰি গৈছে। বিহুক জীয়াই ৰখাটোও আমাৰেই কৰ্তব্য। পুৱা গা ধুই উঠাৰ পৰা গোঁসাই সেৱা কৰালৈ বা বিশিষ্ট লোক জনক সম্বোৰ্ধনা জনাবলৈ প্ৰতিটো ক্ষেত্ৰতে ব্যৱহাৰ হয় অসমীয়াৰ স্বাভিমান গামোচাখন।

বিহুৰ দিনা হেঁপাহৰ বিহুৱান খনলৈ বাট চাই ৰয় সকলো। বাহিৰৰ গামোচা বন্ধ হওক ভাল কথা। ই উৎসাহ জগাব অসমীয়াক। কিন্তু ইয়াৰ লগে লগে অহা সমস্যা সমূহ সমাধানৰ ক্ষেত্ৰতো বিভাগীয় কৰ্তৃপক্ষই ব্যৱস্থা গ্ৰহণ কৰা আৱশ্যক। যাতে হেঁপাহৰ বিহুৱান খনি, অসমীয়াৰ স্বভিমান খনি হাতত লোৱাৰ আগত এশবাৰ ভাবিব নালাগে অসমীয়াই...

হুৰা হুৰে দাম বৃদ্ধি! বজাৰৰ অভাৱ পূৰণ কৰিব পাৰিবনে অসমীয়া শিপিনীয়ে...
আড্ডাত কৈছিল, "তই ষ্ট্ৰিক্ট হ'লে কি হ'ব ? প্ৰশ্নকাকত হাতে হাতে !" তাৰপাছত...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in