কোৰোনা ভেকচিনঃ অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ পৰা ভাৰতলৈ আহিছে এটা ভাল খবৰ…

কোৰোনা ভেকচিনঃ অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ পৰা ভাৰতলৈ আহিছে এটা ভাল খবৰ…

author-image
asomiyapratidin
New Update
কোৰোনা ভেকচিনঃ অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ পৰা ভাৰতলৈ আহিছে এটা ভাল খবৰ…

ডিজিটেল ডেস্কঃ দেশত ভয়াৱহভাৱে কোৰোনাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি হৈ থকাৰ সময়তে অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ পৰা আহিছে এটা ভাল খবৰ। বিশ্ববিদ্যালয়খনে প্ৰস্তুত কৰা কোৰোনা ভেকচিন তথা টীকাৰ ট্ৰায়েল কৰা হব ভাৰতত। লাইচেঞ্জ লাভ কৰাৰ পাছতে এই আৰম্ভ এই প্ৰক্ৰিয়া। লেছেন্ট নামৰ মেডিকেল জাৰ্নেলত প্ৰকাশিত খবৰ অনুসৰি এই কোৰোনা ভেকচিনৰ প্ৰাৰম্ভিক ট্ৰায়েল ইতিমধ্যে সফলতাৰে সম্পন্ন হৈছে। AZD1222 নামৰ এই ভেকচিনৰ কোনো গভীৰ চাইট ইফেক্ট পোৱা নাই বুলি সদৰি কৰিছে এই জাৰ্নেলখনে। ভেকচিনটোৰ প্ৰস্তুতৰ সৈতে জড়িত হৈ থকা গৱেষকসকলৰ মতে, ভেকচিনবিধৰ কিছু চাইট ইফেক্ট আছে যদিও পেৰাচিটাৰ্মুলৰ জৰিয়তে এই সমস্যা দুৰ কৰিব পৰা যাব।