বিশ্বৰ শীৰ্ষ ১০ টো চোৰাংচোৱা সংস্থাঃ ভাৰতৰ RAW, পাকিস্তানৰ ISI ৰ স্থান কিমানত...

আহক চাওঁ বিশ্বৰ শীৰ্ষ ১০ টা চোৰাংচোৱা সংস্থা কি কি আৰু ভাৰতৰ চোৰাংচোৱা সংস্থা RAW আৰু শত্ৰু দেশ পাকিস্তানৰ চোৰাংচোৱা সংস্থা ISI ৰ স্থান কিমানত। 

author-image
Asomiya Pratidin
New Update
বিশ্বৰ শীৰ্ষ ১০ টো চোৰাংচোৱা সংস্থাঃ ভাৰতৰ RAW, পাকিস্তানৰ ISI ৰ স্থান কিমানত...

ডিজিটেল ডেস্কঃ একো একোখন দেশে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বাবে বিভিন্ন সুৰক্ষামূলক পদক্ষেপ গ্ৰহণ কৰে। আভ্যন্তৰীণ শান্তি বজায় ৰখাৰ বাবে, সুৰক্ষা নিশ্চিত কৰিবলৈ যিদৰে আৰক্ষী, অৰ্ধ সামৰিক বাহিনী আদি নিয়োগ কৰে সেইদৰে সীমান্তৰ সুৰক্ষা নিশ্চিত কৰিবলৈয়ো তেনেধৰণৰ সুৰক্ষা কৰ্মী নিয়োগ কৰে।

Advertisment

শত্ৰুৰ সৈতে মোকাবিলা কৰিবলৈ, ৰাষ্ট্ৰৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ সেনা নিয়োগ কৰে। এই সুৰক্ষা বাহিনীৰ হাতত গতাই দিয়ে নানান ধৰণৰ অত্যাধুনিক মাৰণাস্ত্ৰ। এই সুৰক্ষা বাহিনীসমূহ সকলোৰে চকুত ধৰা দিয়ে।

কিন্তু এইসমূহ সুৰক্ষা বাহিনীৰ বাহিৰেও প্ৰতিখন ৰাষ্ট্ৰই নিজা নিজা চোৰাংচোৱা সংস্থা কিছুমানো চলাই আহিছে। এই চোৰাংচোৱা সংস্থাসমূহেই একো একোখন দেশৰ সুৰক্ষা নিশ্চিত কৰাৰ ক্ষেত্ৰত বহু গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

শত্ৰুৱে কেতিয়া আক্ৰমণ কৰিব, কি পৰিকল্পনা কৰিছে, দেশ বিৰোধী ষড়যন্ত্ৰত কোনো লিপ্ত হৈছে নেকি সেই সকলো খবৰ আগতিয়াকৈ আহৰণ কৰে এই চোৰাংচোৱা সংস্থাসমূহে। ভাৰতৰ চোৰাংচোৱা সংস্থাৰ নাম Research and Analysis Wing চমুকৈ RAW

RAW ৰ বহু এজেণ্টে শত্ৰুৰ দেশৰ খবৰ দিবলৈ শত্ৰুৰ দেশতে থাকি, তেওঁলোকৰ সেনা বাহিনীত যোগদান কৰি প্ৰাণ আহুতি দিয়াৰো উদাহৰণ বহু আছে। এনে ঘটনাৰ আলমত বলিউডত বহু চিনেমা নিৰ্মাণ কৰিছে।

আহক চাওঁ বিশ্বৰ শীৰ্ষ ১০ টা চোৰাংচোৱা সংস্থা কি কি আৰু ভাৰতৰ চোৰাংচোৱা সংস্থা RAW আৰু শত্ৰু দেশ পাকিস্তানৰ চোৰাংচোৱা সংস্থা ISI ৰ স্থান কিমানত। 

 বিশ্বৰ শীৰ্ষ ১০ টা চোৰাংচোৱা সংস্থা

চেণ্টেল ইণ্টেলিজেঞ্চ এজেঞ্চি চমুকৈ চি আই এঃ চি আই এ আমেৰিকা যুক্তৰাষ্ট্ৰৰ চোৰাংচোৱা সংস্থা। বিশ্বৰ আটাইতকৈ শক্তিশালী চোৰাংচোৱা সংস্থা হিচাপে পৰিচিত চি আই এ। এই সংস্থাটোৱে চোৰাংচোৱা তথ্য সংগ্ৰহ আৰু গোপন অভিযান চলোৱাৰ বাবে ব্যাপকভাৱে কাম কৰে  তাৰোপৰি  সন্ত্ৰাসবাদ বিৰোধী আৰু চাইবাৰ সুৰক্ষাৰ ওপৰত উল্লেখযোগ্য গুৰুত্ব আৰোপ কৰে। চিআইএৰ বিশাল সম্পদ আৰু বিশ্বব্যাপী প্ৰভাৱে ইয়াক এক ভয়ংকৰ তথা শক্তিশালী চোৰাংচোৱা সংস্থা হিচাপে গঢ়ি তুলিছে।

মোছাদঃ   ইজৰাইলৰ চোৰাংচোৱা সংস্থা মোছাদ আছে বিশ্বৰ চোৰাংচোৱা সংস্থাসমূহৰ ভিতৰত দ্বিতীয় স্থানত। মোছাদৰ নিখুঁততা আৰু কাৰ্যক্ষমতাৰ বাবে বিশ্বজুৰি বিখ্যাত। বিশেষকৈ সন্ত্ৰাসবাদ বিৰোধী আৰু ইজৰাইলৰ স্বাৰ্থ ৰক্ষাৰ ক্ষেত্ৰত মোছাদৰ অভিযান অতি ফলপ্ৰসূ হৈ আহিছে।

মিলিটেৰী ইণ্টেলিজেঞ্চ ছেকছন ৬ (এম আই ৬):  ব্ৰিটেইনৰ চোৰাংচোৱা সংস্থা এম আই ৬। এই ব্ৰিটিছ চোৰাংচোৱা সংস্থাটোৱে বিদেশী চোৰাংচোৱাৰ বিশেষজ্ঞ আৰু বিশ্বব্যাপী সন্ত্ৰাসবাদ বিৰোধী আৰু চাইবাৰ অভিযানত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।

ফেডাৰেল ছিকিউৰিটি চাৰ্ভিচ (এফ এছ বি) : ৰাছিয়াৰ চোৰাংচোৱা সংস্থা এফ এছ বি Komitet Gosudarstvennoy Bezopasnosti ৰ উত্তৰাধিকাৰী আৰু ৰাছিয়াৰ ৰাষ্ট্ৰীয় নিৰাপত্তা আন্তঃগাঁথনিৰ এক গুৰুত্বপূৰ্ণ উপাদান। এফ এছ বিয়ে চোৰাংচোৱা বিৰোধী আৰু সন্ত্ৰাসবাদ বিৰোধীকে ধৰি ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰতে কাম কৰি আহিছে। 

ৰিচাৰ্ছ এনালাইছিচ উইং (RAW)  ১৯৬৮ চনত স্থাপন কৰা হৈছিল ভাৰতৰ চোৰাংচোৱা সংস্থা RAW  ভাৰতৰ এই চোৰাংচোৱা সংস্থাতো বিদেশী চোৰাংচোৱা আৰু ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বাবে দায়বদ্ধ। বিশেষকৈ দক্ষিণ এছিয়াত সন্ত্ৰাসবাদ বিৰোধী আৰু ভাৰতৰ স্বাৰ্থ ৰক্ষাৰ ক্ষেত্ৰত RAW য়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।

ইণ্টাৰ ছাৰ্ভিছেচ ইণ্টেলিজেঞ্চ (আই এছ আই): পাকিস্তানৰ আই এছ আই বিশেষকৈ দক্ষিণ এছিয়া সম্পৰ্কীয় গোপন অভিযান আৰু চোৰাংচোৱা সংগ্ৰহৰ বাবে পৰিচিত। আঞ্চলিক ভূ-ৰাজনীতিৰ সৈতে ব্যাপক ভাৱে জড়িত হৈ আছে আই এছ আই। 

দ্য মিনিষ্ট্ৰী অফ ষ্টেট ছিকিউৰিটি (এম এছ এছ): চীনৰ চোৰাংচোৱা সংস্থা এম এছ এছ বিশ্বৰ চোৰাংচোৱা সংস্থাসমূহৰ তালিকাত আছে সপ্তম স্থানত। চাইবাৰ চোৰাংচোৱাগিৰি আৰু বিদেশী চোৰাংচোৱাগিৰিৰ ওপৰত বিশেষ ভাৱে দক্ষ এম এছ এছ। 

বুণ্ডেচনাক্ৰিটেণ্ডিয়েনষ্ট (বিএনডি):  জাৰ্মানীৰ চোৰাংচোৱা সংস্থা  Bundesnachrichtendienst চমুকৈ বিএনডি। এই সংস্থাটোৱে জাৰ্মানীৰ বিদেশী চোৰাংচোৱা সংস্থা হিচাপে কাম কৰে। সংস্থাটোৱে আন্তঃৰাষ্ট্ৰীয় ভাবুকি, সন্ত্ৰাসবাদ বিৰোধী আৰু চাইবাৰ প্ৰতিৰক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ইউৰোপৰ নিৰাপত্তা কাঠামোৰ বাবেও ইয়াৰ কাৰ্য্যকলাপ অতি গুৰুত্বপূৰ্ণ।

ডাইৰেকচন জেনেৰেল ডি লা ছিকিউৰিট এক্সটেৰিয়ৰ (ডিজিএছই): ফ্ৰান্সৰ ডিজিএছই চোৰাংচোৱা তথ্য সংগ্ৰহ আৰু সন্ত্ৰাসবাদ বিৰোধী ক্ষেত্ৰত অতি ফলপ্ৰসূ। ই ইউৰোপীয় আৰু বিশ্বব্যাপী সংস্থাসমূহৰ সৈতে ঘনিষ্ঠভাৱে সহযোগিতা আগবঢ়োৱাৰ লগতে উদীয়মান ভাবুকিসমূহৰ সৈতেও মোকাবিলা কৰে।

অষ্ট্ৰেলিয়ান ছিক্ৰেট ইণ্টেলিজেঞ্চ ছাৰ্ভিছ (ASIS): অষ্ট্ৰেলিয়াত আছে দুটা চোৰাংচোৱা সংস্থা। ইয়াৰে ASIS হৈছে অষ্ট্ৰেলিয়াৰ বিদেশী চোৰাংচোৱা সংস্থা। এই সংস্থাটোৱে আঞ্চলিক নিৰাপত্তা আৰু বিশ্ব চোৰাংচোৱা অভিযানত গুৰুত্ব আৰোপ কৰে। এছিয়া-পেচিফিক অঞ্চলৰ ভাবুকি নিৰীক্ষণত ই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

চোৰাংচোৱা সংস্থা