মাছুম বিল্লাহ, ঢাকাঃ বাংলাদেশত The International Society for Krishna Consciousness চমুকৈ ISKON নিষিদ্ধৰ দাবীত বিক্ষোভ, প্ৰতিবাদত উত্তাল হৈ পৰিছে বন্দৰনগৰী চট্টগাম। তাৰোপৰি ইছকনক সন্ত্ৰাসবাদী সংগঠন বুলি দাবী কৰি ছাত্ৰ আন্দোলনৰ আহ্বায়ক হাছনাত আবদুল্লাহ আৰু জুলাই ছহিদ স্মৃতি ফাউণ্ডেছনৰ সাধাৰণ সম্পাদক ছাৰজিছ আলমে অন্তৱৰ্তীকালীন চৰকাৰক শীঘ্ৰেই ইছকনক নিষিদ্ধ কাৰৰ দাবী জনাইছে।
ইয়াৰ উপৰিও, তেওঁলোকে দাবী কৰিছে বাংলাদেশত হিন্দু-মুছলমানৰ মাজত বিভাজন সৃষ্টি কৰি অশান্ত কৰাৰ ষড়যন্ত্ৰ চলি আছে। বৈষম্যবিৰোধী ছাত্ৰ আন্দোলনৰ নেতৃত্বৰ দাবী বাংলাদেশৰ হিন্দু আৰু মুছলমান সকলোৱে ঐক্যবদ্ধভাৱে যিকোনো দুৰ্যোগৰ সন্মুখীন হৈছে।
শেহতীয়াকৈ কিছু ভাৰতীয় সংবাদ মাধ্যমৰ সৈতে, কিছু স্থানীয় সংবাদ মাধ্যমেও দেশখনত বিভাজন সৃষ্টি কৰি অশান্ত কৰিবলৈ চেষ্টা কৰি আছে। তেওঁলোকে কয়, আমি বাংলাদেশত সাম্প্ৰদায়িক সম্প্ৰীতিৰ উদাহৰণ ধ্বংস হ'বলৈ নিদিওঁ।
বুধবাৰে বন্দৰ চহৰ চট্টগামত মঙলবাৰে সংঘটিত হোৱা হিংসাত্মক ঘটনাত নিহত আইনজীৱী চাইফুল ইছলাম আলিফৰ নামাজ-ই-জানাজাৰ পিছত এক শোক আৰু সম্প্ৰীতি সমদল অনুষ্ঠিত কৰা হয়। এই সমদলৰ সময়তে ইছকনৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিবলৈ দাবী উত্থাপন কৰে।
ইয়াৰ পূৰ্বে সম্প্ৰীতি সমদলত ভাষণ দি হাসনাত আব্দুল্লাই কয় যে, বাংলাদেশৰ ইছকন যোৱা ১৬ বছৰ ধৰি আৱামী লীগৰ সহায়ত ৰাষ্ট্ৰীয় পৃষ্ঠপোষকতাত ডাঙৰ দীঘল হৈছে। এতিয়া ইছকনে এটা উগ্ৰপন্থী সংগঠন হিচাপে বাংলাদেশত অস্থিৰতাৰ সৃষ্টি কৰিছে। তেওঁ কয়, বাংলাদেশত ইছকনৰ কোনো স্থান নাই।
তাৰোপৰি কয় ভাৰতত থাকি শ্বেইখ হাছিনাই যিমানেই ষড়যন্ত্ৰ কৰিবলৈ চেষ্টা নকৰক কিয় আমি বাংলাদেশৰ সকলো মানুহে সেই ষড়যন্ত্ৰ প্ৰতিৰোধ কৰিম। আমাৰ দেশত সকলো ধৰ্ম একেলগে থাকিব। কিন্তু সেই উগ্ৰপন্থী সংগঠনবোৰক ধৰ্মৰ নামত বাংলাদেশত কোনো স্থান দিয়া নহ'ব।
ছাৰ্জিছ আলমে কয়, যি ৰক্তৰ বন্যা বোৱাই শ্বেইখ হাছিনা এই দেশ এৰি পলায়ন কৰিছে, যি ৰক্তৰ ওপৰত নতুন বাংলাদেশ গঢ়ি উঠিছে, সেই ৰক্তৰ ওপৰত উঠি ইছকনৰ বহিষ্কৃত নেতা চিন্ময় কৃষ্ণ দাসে উচতনি দিয়ে। সেই ৰক্তৰ ওপৰত উঠি হত্যাকাৰী হাছিনাই উচতনি দিয়ে, সেই ৰক্তৰে ওপৰত উঠিয়েই ইছকনে উচতনি দিয়ে, সেই ৰক্তৰ ওপৰত উঠি ভাৰতৰ কিছু প্ৰেতাত্মাই উচতনি দিয়ে।
আমি সেই সকলো প্ৰেতাত্মাক স্পষ্টকৈ ক’ব বিচাৰো যে, আমি ১৬ বছৰ ধৰি স্বৈৰাচাৰী হত্যাকাৰী হাছিনাক দেশৰ পৰা বিতাৰিত কৰিছো। কেইজনমান সৰু উগ্ৰপন্থীৰ দ্বাৰা পৰিচালিত ইছকনক দেশৰ পৰা বিতৰিত কৰাটো আমাৰ হাতাৰ মলি।
ইয়াৰ পূৰ্বে মঙলবাৰে আবেলি আইনজীৱী চাইফুল ইছলাম আলিফক আদালত চৌহদতে নিৰ্মমভাৱে হত্যা কৰিছিল। বুধবাৰে পুৱা প্ৰায় ১০:৩০ বজাত চট্টগাম আদালত এলেকাত তেওঁৰ প্ৰথম নামাজ-ই-জনাজা অনুষ্ঠিত হয়। দ্বিতীয় নামাজ-ই-জানাজা চহৰখনৰ জামিয়াতুল ফালাহ খেলপথাৰত দুপৰীয়া ১২ বজাত অনুষ্ঠিত হয়। এই জানাজা অনুষ্ঠানত হাজাৰ হাজাৰ লোকে ভিৰ কৰে।
উল্লেখ্য, ২৫ নৱেম্বৰত আৰক্ষীৰ ডিটেকটিভ শাখাৰ (ডিবি) সদস্যসকলে ঢাকাৰ পৰা চট্টগামলৈ যাওঁতে হজৰত শ্বাহজালাল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা চিন্ময় কৃষ্ণ দাসক গ্ৰেপ্তাৰ কৰিছিল। পিছদিনা (মঙলবাৰে) তেওঁক কোতৱালী আৰক্ষী থানালৈ লৈ যোৱা হয় আৰু দেশদ্ৰোহৰ গোচৰত গ্ৰেপ্তাৰ কৰি মেট্ৰ'পলিটান ষষ্ঠ কাজী শ্বৰিফুল ইছলামৰ আদালতত হাজিৰ কৰোৱা হয়।
আদালতে তেওঁৰ জামিন নাকচ কৰি তেওঁক কাৰাগাৰলৈ প্ৰেৰণ কৰে। ইয়াৰ পিছতে ইছকনৰ অনুগামীসকলে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ আৰম্ভ কৰে। এই প্ৰতিবাদৰ মাজতে সুৰক্ষা কৰ্মীসকলৰ সৈতে তেওঁলোকৰ সংঘাতে হয়। ফলত প্ৰতিবাদকাৰীসকলৰ ওপৰত সুৰক্ষাকৰ্মীসকলে লাঠি চাৰ্জ কৰাৰ লগতে কন্দুৱা গেছ নিক্ষেপ কৰে।
এনে সংঘাতময় পৰিস্থিতিৰ মাজতে প্ৰতিবাদকাৰীসকলে আদালত চৌহদৰ লগতে অঞ্চলটোৰ মছজিদ আৰু দোকানকে ধৰি বিভিন্ন প্ৰতিষ্ঠানত আক্ৰমণ কৰাৰ অভিযোগ উঠিছে। তেওঁলোকে কেইবাখনো মটৰচাইকেল ধ্বংস কৰিছে।
এনে উত্তপ্ত পৰিস্থিতিৰ মাজতেই একাংশ প্ৰতিবাদকাৰীয়ে চৰকাৰী অধিবক্তা চাইফুল ইছলাম আলিফক আদালতৰ ভিতৰৰ পৰা আনি প্ৰহাৰ কৰি হত্যা কৰে। ইফালে, অন্তৱৰ্তীকালীন চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ উপদেষ্টা নাহিদ ইছলামে কয় যে, বাংলাদেশ সন্মিলিত সনাতনি জাগৰণ জোটৰ মুখপাত্ৰ চিন্ময় কৃষ্ণ দাসক গ্ৰেপ্তাৰ কৰাক লৈ উদ্বেগ প্ৰকাশ কৰি ভাৰতে প্ৰকাশ কৰা বিবৃতি ভাৰতৰ এক 'হস্তক্ষেপমূলক প্ৰথা'।
"আমি বিশ্বাস কৰোঁ যে এনে ধৰণৰ মন্তব্য দিয়াটো ভাৰতৰ অনুপ্ৰৱেশ। ইয়াত তেওঁলোকে এই ঘটনাক অধিক উচতনি দিয়াৰ চেষ্টা কৰিছে। ভাৰতে নিজৰ দেশত ইয়াৰ সংখ্যালঘু সম্প্ৰদায়ৰ সুৰক্ষা আৰু নিৰাপত্তাৰ বাবে কাম কৰা উচিত।‘’তেওঁ কয়, "আমি ভাৰতক দায়িত্বশীল আচৰণ কৰিবলৈ আৰু আৱামী লীগৰ মিছা প্ৰচাৰৰ অংশ নহ'বলৈ আহ্বান জনাইছো।"
উল্লেখ্য যে, ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে মঙলবাৰে চিন্ময় কৃষ্ণ দাসক গ্ৰেপ্তাৰ আৰু জামিন বাতিলক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। ভাৰতৰ এনে বিবৃতিৰ পাছতেই মঙলবাৰে নিশাই বাংলাদেশে ইয়াৰ প্ৰত্যুত্তৰত আন এক বিবৃতি প্ৰকাশ কৰে।
এই বিবৃতিটোত বাংলাদেশৰ ফালৰ পৰা কয় যে, ভাৰতৰ এনে "ভিত্তিহীন মন্তব্য"ই কেৱল ভুল তথ্য উপস্থাপন কৰাই নহয়, দুয়োখন চুবুৰীয়াৰ মাজত বন্ধুত্ব আৰু বুজাবুজিৰ সম্পৰ্ককো অৱনতি কৰিব।
ইফালে, বৈষম্য বিৰোধী ছাত্ৰ আন্দোলনৰ নেতাসকলে সতৰ্ক কৰি কয় যে, বাংলাদেশত হিন্দু আৰু মুছলমানৰ মাজত বিভাজন সৃষ্টি কৰিবলৈ চেষ্টা কৰা যিকোনো ব্যক্তিকেই দেশখনৰ ইতিহাসৰ পৰা মোহাৰি পেলোৱা হ’ব। তেওঁলোকে দাবী কৰে যে বাংলাদেশৰ হিন্দু আৰু মুছলমান সকলোৱে ঐক্যবদ্ধভাৱে যিকোনো দুৰ্যোগৰ সন্মুখীন হয়।
কিন্তু শেহতীয়াকৈ, একাংশ ভাৰতীয় সংবাদ মাধ্যমৰ সৈতে, একাংশ স্থানীয় সংবাদ মাধ্যমেও দেশখনত বিভাজন সৃষ্টি কৰি বাংলাদেশক অশান্ত কৰিবলৈ চেষ্টা কৰি আছে।
বুধবাৰে আবেলি ঢাকাৰ কেন্দ্ৰীয় ছহিদ মিনাৰত বৈষম্য বিৰোধী ছাত্ৰ আন্দোলনৰ দ্বাৰা আয়োজিত এক শোক আৰু সম্প্ৰীতি সমদলত এই কথা কয়। সংগঠনটোৰ এগৰাকী কেন্দ্ৰীয় কাৰ্যবাহী সদস্য ছিন্থিয়া জাহান আয়েশাই কয়, হাছিনাৰ পতনৰ পিছত আমি দেখিছো যে ভাৰতীয় সংবাদ মাধ্যমে বাংলাদেশৰ বিষয়ে অভূতপূৰ্ব ভুল তথ্য প্ৰচাৰ কৰাত নামি পৰিছে। কিছুমান স্থানীয় সংবাদ মাধ্যমো জড়িত হৈ আছে।
তেওঁলোকে কয় যে, চট্টগামৰ এডভোকেট চাইফুল দুয়োপক্ষৰ মাজৰ সংঘৰ্ষত নিহত হৈছে। তেওঁলোকৰ কিছুমানে প্ৰচাৰ চলাই আছে যে মুছলমানসকলে চাইফুলক চিন্ময় কৃষ্ণ দাসৰ উকীল হিচাপে পৰিচয় দি হত্যা কৰিছিল। আমি ইয়াক তীব্ৰ গৰিহণা দিছো।
"আমি হিন্দু আৰু মুছলমানসকলে ২৪ জুনৰ গণ উত্থানত একেলগে যুঁজ দিছিলো। হিন্দু আৰু মুছলমানৰ সৈতে কোনো খেল নখেলিব। যিয়ে খেলিবলৈ আহে তেওঁ দেশৰ ইতিহাসৰ পৰা হেৰাই যাব। দেশৰ মানুহে আপোনালোকক শক্তিশালী হাতেৰে দমন কৰিব।
তেওঁ কয়, স্বৈৰাচাৰী শ্বেইখ হাছিনাই ভাৰতত বহি থাকি বাংলাদেশৰ পৰিস্থিতিত ব্যাঘাত জন্মাই ৰাজনৈতিক লাভালাভৰ অংক কৰিছে। ইছকনক উগ্ৰপন্থী সংগঠন আখ্যা দি কয়, ইছকনৰ দৰে উগ্ৰপন্থী সংগঠনে তেওঁৰ নিৰ্দেশনাত কাম কৰি আছে। ভাৰতীয় সংবাদ মাধ্যমৰ লগতে ৰয়টাৰেও তেওঁলোকৰ সৈতে যোগদান কৰিছে।
তেওঁলোকে কয়, গ্ৰেপ্তাৰ হোৱা চিন্ময় ভাৰতৰ এজন দালাল। তেওঁ ভাৰতৰ হৈ হাছিনাক ইমান দিন শাসনত ৰাখিবলৈ কাম কৰিছে। আমি তেওঁৰ বিৰুদ্ধে সঠিক তদন্ত বিচাৰো। আমি ইছকনৰ দৰে উগ্ৰপন্থী হিন্দুত্ববাদী সংগঠনৰ ওপৰতো নিষেধাজ্ঞা বিচাৰো।