বিশ্বৰ সবাতোকৈ ক্ষুদ্ৰ লেপটপ! বেগত নহয়, লৈ ফুৰক হাতৰ মুঠিতে…চাওক VIDEO

বিশ্বৰ সবাতোকৈ ক্ষুদ্ৰ লেপটপ! বেগত নহয়, লৈ ফুৰক হাতৰ মুঠিতে…চাওক VIDEO

author-image
asomiyapratidin
New Update
বিশ্বৰ সবাতোকৈ ক্ষুদ্ৰ লেপটপ! বেগত নহয়, লৈ ফুৰক হাতৰ মুঠিতে…চাওক VIDEO

ডিজিটেল ডেস্কঃ বিশ্বৰ সবাতোকৈ সৰু লেপটপ। স্কীণৰ আকাৰ ০.৯৬ ছেঃমিঃ। আমেৰিকাৰ অভিযন্তা পল ক্লিঙ্গৰে নিৰ্মাণ কৰিছে এই লেপটপটো। যাৰ নাম দিয়া হৈছে থিঙ্ক-টিনি(ThinkTiny)। বিশ্বৰ এই ক্ষুদ্ৰতম লেপটপটো নিৰ্মাণ কৰোতে সময়ৰ প্ৰয়োজন হৈছিল ১ সপ্তাহ। নিৰ্মাণত মুঠ ব্যয় হৈছে ৮৫ ডলাৰ অথাৎ প্ৰায় ৬ হাজাৰ টকা।

এই লেপটপটোত সংস্থাপন কৰা হৈছে ১২৮x৬৪ পিক্সল OLED ডিচপ্লে'। লগতে লেপটপটোত আছে ATtiny 1614 নামৰ এটা ৰঙা ৰঙৰ কন্টল বুটাম। ৩০০ এম এ এইচৰ বেটেৰীৰ সৈতে আছে TP 5400 ৰ এডাল ছাৰ্জাৰ। মিনি লেপটপটোত ৩ বিধকৈ গেম খেলাৰ সুবিধাও ৰাখিছে অভিযন্তা পল ক্লিঙ্গৰে। উল্লেখ্য যে, ইয়াৰ পূৰ্বে পল ক্লিঙ্গৰে এটা ক্ষুদ্ৰ গেমিং ডেস্কটপো নিৰ্মাণ কৰিছিল।